ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ইৰাণৰ বৈদেশিক মন্ত্ৰী চৈয়দ আব্বাছ আৰাঘচিয়ে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণৰ কাৰ্যসূচীত নতুন দিল্লীত উপস্থিত হৈছে । আজি তেওঁ ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব । দুয়োগৰাকীয়ে ভাৰত আৰু ইৰাণৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২০ সংখ্যক যুটীয়া আয়োগৰ বৈঠকৰ সহ-অধ্যক্ষতা কৰিব । এই বৈঠকৰ অন্তত ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচিয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব ।
ভাৰত আৰু ইৰাণে বন্ধুত্ব সন্ধি স্বাক্ষৰ কৰাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত এই বৈঠক অনুষ্ঠিত হ’ব । এই দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশে পাৰস্পৰিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত আলোচনা কৰিব । লগতে দুয়োখন দেশে নতুন সম্ভাৱনাৰ সন্ধান আৰু বৰ্তমানৰ সম্পৰ্কসমূহ শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিব ।
বৈঠকত পুনৰীক্ষণ কৰা হ’ব অৰ্থনৈতিক চুক্তিসমূহ-
প্ৰতি বছৰে যুটীয়া আয়োগৰ বৈঠক অনুষ্ঠিত হয়, কিন্তু ক’ভিড-১৯ মহামাৰী আৰু দুয়োখন দেশৰ ঘৰুৱা সংযোগৰ বাবে কিছু সময়ৰ বাবে স্থগিত আছিল এই বৈঠক । ভাৰতত থকা ইৰাণৰ দূতাবাসে টুইটাৰত এক পোষ্টযোগে কয় যে এই বৈঠকত দুয়োখন দেশৰ মাজত হোৱা অৰ্থনৈতিক চুক্তিৰ শেহতীয়া স্থিতি পুনৰীক্ষণ আৰু অনুসৰণ কৰা হ’ব ।
ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচিৰ এই ভ্ৰমণ এনে সময়ত হৈছে যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা চৰম পৰ্যায়ত আছে । ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ বিষয়ে সুধি ২৬ জন নিৰীহ লোকক হত্যা কৰিছিল । ইয়াৰ পাছতে ভাৰতে বুধবাৰে পুৱা পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত নিৰ্দিষ্ট ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ দিয়ে ।
ইফালে ইৰানে পহলগাম আক্ৰমণক তীব্ৰ গৰিহণা দিছে । বৈদেশিক মন্ত্ৰী আৰাঘচিয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইৰাণে পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে । আমাৰ চিন্তা আৰু প্ৰাৰ্থনা নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে । ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছো । ইয়াৰ উপৰিও ইৰাণেও ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান সামৰিক উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি দুয়োপক্ষকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায় ।