আমেৰিকান সেনাৰ ঘাটিত ইৰাণৰ বৃহৎ আক্ৰমণ
সোমবাৰে কাটাৰত থকা আমেৰিকান সেনাৰ ঘাটিত ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ খবৰ প্ৰকাশ পাইছে । কিছু সময় পূৰ্বে কাটাৰে এই আক্ৰমণৰ বাবে আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ খবৰ আহিছে । দেওবাৰে আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণে প্ৰত্যুত্তৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । প্ৰকাশিত এক বাতৰি অনুসৰি দোহাত বিস্ফোৰণ সংঘটিত হৈছে । কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে কাটাৰৰ নাগৰিক, বাসিন্দা আৰু পৰ্যটকৰ নিৰাপত্তাজনিত চিন্তাৰ বাবে আকাশমাৰ্গত বিমান পৰিবহণ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।
আমেৰিকান সেনাৰ ঘাটিত ৬টা ক্ষেপণাস্ত্ৰ নিক্ষেপ-
উল্লেখ্য যে, মধ্যপ্ৰাচ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে উত্তেজনা । এফালে ইজৰাইল আৰু ইৰাণৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে, আনহাতে ইৰাণ আৰু আমেৰিকাও মুখামুখি হৈছে । ইজৰাইলৰ এজন বিষয়াৰ উদ্ধৃতিৰে এক সংবাদ প্ৰতিষ্ঠানে কয় যে ইৰাণে কাটাৰত থকা আমেৰিকান সেনাৰ ঘাটিত ৬টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে পুৱা আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি লৈছিল ।
ইৰাণে দিছিল ভাবুকি-
তথ্য অনুসৰি ইৰাণে ১০টা ক্ষেপণাস্ত্ৰৰে আমেৰিকাৰ ঘাটিটোক লক্ষ্য কৰি লৈছে । ইৰাণৰ চৰকাৰী টিভিয়েও এই কথা নিশ্চিত কৰিছে । কাটাৰত আমেৰিকাৰ এটা ঘাটিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ইৰাণে । ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাবে ইৰাণে আমেৰিকাৰ সুবিধাসমূহক লক্ষ্য কৰি ল’ব পাৰে বুলি ইতিমধ্যে আমেৰিকাৰ বিষয়াসকলে প্ৰস্তুতি চলাইছিল । ইৰাণে আমেৰিকাক এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া বুলি প্ৰকাশ কৰিছিল ।
আক্ৰমণ সন্দৰ্ভতকি ক’লে কাটাৰে-
এই আক্ৰমণ সন্দৰ্ভত কাটাৰে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । কাটাৰে এই আক্ৰমণ নিজৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে বুলি কয় । কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১০টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ৯টা ক্ষেপণাস্ত্ৰ ধ্বংস হৈছে । আনহাতে এটা ক্ষেপণাস্ত্ৰ মুকলিত পৰিছে বুলি প্ৰকাশ পৰিছে দেশখনে । কাটাৰে কয় যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু হোৱা নাই ।
প্ৰত্যুত্তৰৰ বাবে সাজু আমেৰিকা-
হোৱাইট হাউছৰ মতে, ইৰাণৰ এই আক্ৰমণৰ ওপৰত নজৰ ৰাখিবলৈ বৰ্তমান জইণ্ট চিফছৰ অধ্যক্ষ জেনেৰেল কেন আৰু সচিব হেগছেথ পৰিস্থিতি কক্ষত আছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো পৰিস্থিতি কক্ষত উপস্থিত হৈছে । ইৰাণৰ এক সংবাদ সংস্থাই ইৰাক আৰু কাটাৰ দুয়োখন দেশৰ আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি অভিযান আৰম্ভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে আৰু সংবাদ সংস্থা ৰয়টাৰে এই কথা নিশ্চিত কৰিছে । ছৌদি আৰৱৰ ওপৰেৰে উৰণ আৰম্ভ কৰিছে আমেৰিকাৰ জেট বিমানে ।
লগতে পঢ়ক : কি হয় বি-২ ষ্টীলথ বোম্বাৰ… যাৰ জৰিয়তে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাই চলাইছিল আক্ৰমণ