ইজৰাইলক ছালভো মিছাইলেৰে আক্ৰমণ ইৰাণৰ
ইজৰাইলৰ বিৰুদ্ধে পুনৰ বৃহৎ মিছাইলেৰে আক্ৰমণ চলাইছে ইৰাণে। ইজৰাইলৰ সেনাই কয় যে ইৰাণে ইজৰাইলৰ ওপৰত ছালভো মিছাইল নিক্ষেপ কৰিছে।
ইৰাণৰ আক্ৰমণৰ পূৰ্বে হাইফা আৰু উত্তৰ ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন বাজি উঠিছে।এই আক্ৰমণৰ লগে লগে উত্তৰ ইজৰাইলৰ কেইবাটাও স্থানত বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন বাজিছে, যাৰ বাবে নাগৰিকসকলৰ মাজত এতিয়া আতংক বিয়পি পৰিছে।
বাংকাৰত আশ্ৰয় লোকসকৰ
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হাইফা, আক্ৰা, নাহৰিয়া আৰু অন্যান্য উত্তৰ চহৰত ছাইৰেন আৰম্ভ হৈছে।
ইয়াৰ পিছত লোকসকলক লগে লগে বাংকাৰ আৰু নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হয়।আই ডি এফে কয় যে, “ইৰাণৰ পৰা নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইলৰ নতুন শৃংখলা।আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছে আৰু প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’
ইয়াৰ পূৰ্বে সোৰোকা হাস্পতাল আৰু ষ্টক এক্সচেঞ্জত আক্ৰমণ
ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সময়ত এই শেহতীয়া আক্ৰমণ সংঘটিত হৈছে।ইয়াৰ পূৰ্বে ইজৰাইলৰ ছ’ৰোকা হাস্পতাল আৰু টেল আভিভ ষ্টক এক্সচেঞ্জক তেহৰাণৰ পৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল, য’ত কেইবা ডজন লোক আহত হয়।
লগতে পঢ়ক: টেল আভিভত ইৰাণৰ ধ্বংসলীলা; জেৰুজালেমলৈকে শুনা গ’ল বিস্ফোৰণৰ শব্দ