IPL Winners : কোনটো দল কেতিয়া হৈছিল চেম্পিয়ন
চলিত আই পি এলত এটা নতুন দলে চেম্পিয়ন ( IPL Winners) হিচাবে খিতাপ দখল কৰিব । কিয়নো ২০০৮ চনৰ পৰা খেলি অহা পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে এতিয়ালৈকে আই পি এলৰ কোনো খিতাপ ( IPL Winners) জয় কৰিব পৰা নাই । ইতিমধ্যে দুয়োটা দল আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে । দুয়োটা দলে ৩ জুন, মঙলবাৰে নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ফাইনেল খেলিব । ইয়াৰ পূৰ্বে জানক ২০০৮ চনৰ পৰা এতিয়ালৈকে প্ৰতিটো ছিজনতে কোনটো দল চেম্পিয়ন (IPL Winners) হৈছে আৰু কোনটো দল ৰানাৰ্ছ আপ হৈছে-
মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ যৌথভাৱে আই পি এলত সৰ্বাধিক ট্ৰফী লাভ কৰা দল । দুয়োটা দলে ৫বাৰকৈ ট্ৰফী লাভ কৰিছে । কিন্তু আই পি এল ২০২৫ৰ ফাইনেলত স্থান লাভ কৰা নাই শক্তিশালী এই দুটা দলে । পইণ্ট টেবুলৰ একেবাৰে তলত চেন্নাই ছুপাৰ কিংছ আছিল আৰু প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছিল । আনহাতে মুম্বাই ইণ্ডিয়ানছে চতুৰ্থ স্থান দখল কৰি এলিমিনেটৰত গুজৰাট টাইটানছক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে । অৱশ্যে কোৱালিফায়াৰ-২ত পঞ্জাব কিংছৰ হাতত পৰাস্ত হয় দলটো ।
IPL Winners-
আই পি এল ২০০৮ বিজয়ী : ৰাজস্থান ৰয়েলছ
আই পি এল ২০০৯ বিজয়ী : ডেক্কানন চাৰ্জাৰছ
আই পি এল ২০১০ বিজয়ী : চেন্নাই ছুপাৰ কিংছ
আই পি এল ২০১১ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ
আই পি এল ২০১২ বিজয়ী : কলকাতা নাইট ৰাইডাৰ্ছ
আই পি এল ২০১৩ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ
আই পি এল ২০১৪ৰ বিজয়ী : কলকাতা নাইট ৰাইডাৰ্ছ
আই পি এল ২০১৫ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ
আই পি এল ২০১৬ৰ বিজয়ী : ছানৰাইজাৰ্ছ হায়দৰাবাদ
আই পি এল ২০১৭ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ
আই পি এল ২০১৮ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ
আই পি এল ২০১৯ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ
আই পি এল ২০২০ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ
আই পি এল ২০২১ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ
আই পি এল ২০২২ৰ বিজয়ী : গুজৰাট টাইটানছ
আই পি এল ২০২৩ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ
আই পি এল ২০২৪ৰ বিজয়ী : কলকাতা নাইট ৰাইডাৰ্ছ
আই পি এলৰ প্ৰতিটো ছিজনৰ ৰানাৰ্ছ আপ-
২০০৮ : চেন্নাই ছুপাৰ কিংছ
২০০৯ : ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু
২০১০ : মুম্বাই ইণ্ডিয়ানছ
২০১১ : ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু
২০১২ : চেন্নাই ছুপাৰ কিংছ
২০১৩ : চেন্নাই ছুপাৰ কিংছ
২০১৪ : পঞ্জাৱ কিংছ
২০১৫: চেন্নাই ছুপাৰ কিংছ
২০১৬: ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু
২০১৭: ৰাইজিং পুনে ছুপাৰজায়েণ্টছ
২০১৮: ছানৰাইজাৰ্ছ হায়দৰাবাদ
২০১৯: চেন্নাই ছুপাৰ কিংছ
২০২০: দিল্লী কেপিটেলছ
২০২১: কলকাতা নাইট ৰাইডাৰ্ছ
২০২২: ৰাজস্থান ৰয়েলছ
২০২৩: গুজৰাট টাইটানছ
২০২৪: ছানৰাইজাৰ্ছ হায়দৰাবাদ
আই পি এলত সৰ্বাধিক প্লেয়াৰ অব্ দ্য টুৰ্নামেন্ট-
আই পি এলত সৰ্বাধিক প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা লাভ কৰাৰ অভিলেখ সুনীল নাৰিনৰ হাতত আছে । তেওঁ মুঠ ৩ বাৰ (২০১২, ২০১৮ আৰু ২০১৪) এই বঁটা লাভ কৰিছে ।
সৰ্বাধিক আই পি এলৰ ফাইনেল খেলা দল-
চেন্নাই ছুপাৰ কিংছ হৈছে আই পি এলৰ সৰ্বাধিক ফাইনেল খেলা দল । দলটোৱে মুঠ ১০ খন ফাইনেল খেলিছে, ইয়াৰে ৫ খন ফাইনেলত জয়লাভ কৰি একে সংখ্যক ফাইনেলত পৰাস্ত হৈছে । মুম্বাই ইণ্ডিয়ানছ ৬ বাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে, ইয়াৰে মাত্ৰ ১ বাৰহে পৰাস্ত হৈছে ।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু কিমানবাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে ?
আই পি এল ২০২৫ৰ পূৰ্বে আৰ চি বিয়ে মুঠ ৩ বাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে, কিন্তু কেতিয়াও ট্ৰফী লাভ কৰিব পৰা নাই । ২০০৯, ২০১১ আৰু ২০১৬ চনত আৰ চি বিয়ে ফাইনেলত প্ৰৱেশ কৰিছিল ।
পাঞ্জাৱে কিমানবাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে ?
আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাবে আই পি এলৰ ফাইনেলত মাত্ৰ এবাৰহে প্ৰৱেশ কৰিছিল, ২০১৪ চনত আৰু ফাইনেলত কে কে আৰৰ হাতত পৰাস্ত হৈছিল । তাৰ পিছত এইবাৰ দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব ।
এইবাৰ এই প্ৰতিযোগিতাখনত কোনটো দলে খিতাপ ( IPL Winners) দখল কৰিব তাক লৈ অনুৰাগীৰ মনত উত্তেজনাই বিৰাজ কৰিছে ।
লগতে পঢ়ক : এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন; আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ