আই পি এল প্লে অফ:
আই পি এল প্লে অফৰ বাবে আকৰ্ষণীয় হৈ পৰিছে যুঁজ । আই পি এল ২০২৫ত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰে । এই জয়ৰ লগে লগে মুম্বাই এতিয়া আই পি এল প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে । ইতিমধ্যে গুজৰাট, পঞ্জাৱ আৰু আৰ চি বিয়ে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া ইয়াত মুম্বাইৰ নাম সংযোজন হৈছে । চতুৰ্থ স্থানৰ বাবে দিল্লী আৰু মুম্বাইৰ মাজত প্ৰতিযোগিতা আছিল । কিন্তু মুম্বাইৰ জয়ে দলটোক প্লে অফলৈ লৈ গৈছে । অৱশ্যে এতিয়াও প্লে অফত কোনটো দল কাৰ মুখামুখি হ’ব সেই সন্দৰ্ভত উৎকণ্ঠা অব্যাহত আছে ।
প্লে অফত স্থান নিশ্চিত এই ৪ টা দলৰ-
আই পি এল প্লে অফ ৪ টা দলৰ স্থান নিশ্চিত হৈছে । ইতিমধ্যে গুজৰাট টাইটানছ, পঞ্জাব কিংছ আৰু আৰ চি বিয়ে যোগ্যতা অৰ্জন কৰিছে । চতুৰ্থ স্থানৰ যুঁজখন আছিল মুম্বাই আৰু দিল্লীৰ মাজত । মুম্বাইয়ে ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১৩ পইণ্ট লাভ কৰি আছিল । দুয়োটা দলৰ মাজত ২-২ মেচ বাকী আছিল । কিন্তু এই মেচত জয়ৰ লগে লগে মুম্বাইয়ে এতিয়া প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে কিয়নো এতিয়া দলটোৱে ১৩খন মেচৰ পৰা ১৬ পইণ্ট লাভ কৰিছে । পৰৱৰ্তী মেচত দিল্লী জয়ী হ’লেও দলটোৰ হাতত থাকিব মাত্ৰ ১৫ পইণ্ট । অৰ্থাৎ মুম্বাই দিল্লীতকৈ আগত আছে । সেয়েহে এতিয়া প্লে অফৰ বাবে গুজৰাট, পঞ্জাৱ, আৰ চি বি আৰু মুম্বাইৰ নাম চূড়ান্ত হৈছে ।
The quest for Title No. 6⃣ is alive 🏆
— IndianPremierLeague (@IPL) May 21, 2025
Congratulations to @mipaltan who become the fourth and final team into the #TATAIPL 2025 playoffs 💙 👏#MIvDC pic.twitter.com/gAbUhbJ8Ep
এতিয়া কোন কাৰ মুখামুখি হ’ব ?
যদিও এই চাৰিটা দলৰ তালিকা চূড়ান্ত হৈছে, তথাপিও আই পি এল প্লে অফ তেওঁলোকৰ ক্ৰমৰ (ষ্টেণ্ডিং) সম্পৰ্কীয় পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই । আই পি এলৰ নিয়ম অনুসৰি লীগ পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা দলসমূহে ফাইনেলত প্ৰৱেশৰ অতিৰিক্ত সুযোগ লাভ কৰে ।
কোৱালিফায়াৰ-১ শীৰ্ষ ২ দলৰ মাজত খেলা হয় আৰু বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰে । একে সময়তে কোৱালিফায়াৰ-১ৰ পৰাজিত দলটোৱে আৰু এটা সুযোগ লাভ কৰে । এই দলটোৱে কোৱালিফায়াৰ-২ত এলিমিনেটৰ (তৃতীয় আৰু চতুৰ্থ স্থানৰ দলৰ মাজৰ মেচ)ৰ বিজয়ীৰ সৈতে মুখামুখি হয় । ইয়াৰ পিছতে কোৱালিফায়াৰ-২ৰ বিজয়ী দলটোৱে ফাইনেলত কোৱালিফায়াৰ-১ৰ বিজয়ী দলৰ সৈতে মুখামুখি হয় ।
এইদৰে প্ৰথম আৰু দ্বিতীয় স্থানৰ দলে ফাইনেলত প্ৰৱেশৰ দুটা সুযোগ লাভ কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ স্থানৰ দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ প্ৰতিখন মেচতে জয়ী হ’ব লাগে । কিন্তু এতিয়া প্লে অফৰ বাবে ৪ টা দলৰ নাম নিশ্চিত হৈছে ।
প্লে অফত প্ৰৱেশ কৰা দলসমূহৰ বাকী থকা মেচ-
গুজৰাটত এতিয়াও দুখন মেচ বাকী আছে । অৰ্থাৎ দলটোৱে এতিয়াও ২২ পইণ্ট লাভ কৰিব পাৰে । একে সময়তে আৰ চি বিৰো দুখন মেচ বাকী আছে । আনহাতে পঞ্জাৱৰো দুটা সুযোগ আছে আৰু মুম্বাইৰ মাত্ৰ এখন মেচ বাকী আছে । অৰ্থাৎ যেতিয়া প্লে অফত প্ৰৱেশ কৰা এই চাৰিটা দলৰ সকলো মেচ অনুষ্ঠিত হ’ব তেতিয়াহে কোনটো দলে কাৰ বিৰুদ্ধে যুঁজিব সেয়া স্পষ্ট হ’ব ।
লগতে পঢ়ক : প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হ’ল মুম্বাই ইণ্ডিয়ানছ… আশা ভংগ দিল্লীৰ