আই পি এলৰ খিতাপ দখলৰ যুঁজত পঞ্জাৱ-বেংগালুৰু
আই পি এল ২০২৫ৰ খিতাপৰ যুঁজৰ বাবে সাজু হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ দল । দুয়োটা দলে বহুদিনৰ মূৰত ফাইনেলত প্ৰৱেশ কৰিছে আৰু এতিয়ালৈকে এবাৰো এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিব পৰা নাই । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ । আৰ চি বি আৰু পঞ্জাৱ দুয়োটা দলে খিতাপৰ খৰাং অৱস্থাৰ অন্ত পেলাবলৈ চেষ্টা কৰিব । সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচ, আনহাতে ইয়াৰ আধা ঘণ্টা পূ্ৰ্বে অৰ্থাৎ সন্ধিয়া ৭ বজাত টছ হ’ব ।
সকলোৰে দৃষ্টি কোহলীৰ ওপৰত-
চূড়ান্ত খেলখনত আকৌ এবাৰ সকলোৰে দৃষ্টি থাকিব শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লোৱা বিৰাট কোহলীৰ ওপৰত । এই ছিজনত কোহলী ভাল ফৰ্মত আছে আৰু ফাইনেলত তেওঁ ডাঙৰ ইনিংছ খেলিব বুলি আশা কৰিছে অনুৰাগীয়ে । আই পি এলৰ আৰম্ভণিৰে পৰাই আৰ চি বিৰ অংশ হৈ আছে কোহলী আৰু এইখন তেওঁৰ চতুৰ্থখন ফাইনেল মেচ হ’ব । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনত ১৮ নম্বৰৰ জাৰ্চি পিন্ধা হাজাৰ হাজাৰ অনুৰাগীয়ে কোহলীক সমৰ্থন কৰা দেখা যাব । কোহলীয়ে (৬১৪ ৰান) প্ৰতি বছৰৰ দৰে এইবাৰো ভাল প্ৰদৰ্শন আগবঢ়াইছে । এইবাৰো আৰ চি বিৰ বেটিঙৰ মূল স্তম্ভ আছিল তেওঁ ।
টিম ডাভিদে খেলিবনে ?
এইবাৰ কোহলী একমাত্ৰ খেলুৱৈ নহয় যাৰ ওপৰত সকলোৱে মনোনিৱেশ কৰিছে যদিও তেওঁ নীৰৱে আৰ চি বিক শক্তিশালী কৰাৰ বাবে কাম কৰিছে । ভাৰতীয় তাৰকাগৰাকীক সমৰ্থন কৰি ফিল ছল্টে আৰ চি বিক ভাল আৰম্ভণি দিয়াৰ বিপৰীতে বেটিং ক্ৰমত মায়ংক আগৰৱাল, অধিনায়ক ৰজত পাটিদাৰ আৰু জিতেশ শৰ্মা নিৰ্ভৰযোগ্য খেলুৱৈ হৈ আহিছে । টিম ডাভিদে আঘাতৰ বাবে আৰ চি বিৰ শেষৰ দুখন মেচত অংশ ল’ব নোৱাৰিলে, গতিকে এই মেচৰ বাবে তেওঁ ফিট নে নহয় সেয়া হ’ব লক্ষ্যণীয় । ৰোমাৰিঅ’ শ্বেফাৰ্ডৰ সৈতে ডেথ অভাৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
হেজলউড-ভুৱনেশ্বৰৰ উপস্থিতিৰ বাবে শক্তিশালী বলিং আক্ৰমণ-
আৰ চি বিৰ বাবে জোছ হেজেলউড আৰু ভুৱনেশ্বৰ কুমাৰ ফৰ্মত থকাটো এটা সকাহৰ খবৰ । আৰ চি বিৰ হৈ জোছ হেজেলউডে (২১ উইকেট) যথেষ্ট অৱদান আগবঢ়াইছে । বৰ্তমান আই পি এলৰ চলিত ছিজনত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁ চতুৰ্থ স্থানত আছে । অতীতৰ সমস্যাবোৰ পিছুৱাই ৰাখি আৰ চি বিয়ে এইবাৰ আৰম্ভণিৰ পৰা শেষলৈকে ভাল প্ৰদৰ্শন আগবঢ়াইছে । প্ৰথম কোৱালিফায়াৰত পঞ্জাবক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে আৰু দলটোৱে নিজৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ব ।
শ্ৰেয়াছে পুনৰ দেখুৱাব লাগিব নিজৰ শক্তি-
আনহাতে, পঞ্জাব কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে ভাল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ফাইনেলত তেওঁৰ পৰাও একেধৰণৰ প্ৰদৰ্শন আশা কৰিছে অনুৰাগীয়ে । পইণ্ট তালিকাৰ দ্বিতীয়াৰ্ধত ধাৰাবাহিকভাৱে শীৰ্ষস্থান দখল কৰা পঞ্জাব কিংছে অধিনায়ক আয়াৰ আৰু প্ৰশিক্ষক ৰিকি পণ্টিঙৰ তত্বাৱধানত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । যোৱা বছৰ আয়াৰৰ নেতৃত্বত (৬০৩ ৰান) চেম্পিয়ন হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ ।
এইদৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত উপনীত হোৱাটোৱে এই ফৰ্মেটত নিজৰ খেলুৱৈক সংগঠিত কৰা নেতা হিচাপে তেওঁৰ ক্ষমতাৰ বিষয়ে বহু কথাই কয় । গতিকে প্ৰতিযোগিতাখনৰ ১৮ বছৰীয়া ইতিহাসত তিনিটা ভিন্ন দলক আই পি এলৰ ফাইনেললৈ নেতৃত্ব দিয়া একমাত্ৰ ক্ৰিকেটাৰ আয়াৰ হোৱাটো আচৰিত কথা নহয়, য’ত দিল্লী কেপিটেলছ তৃতীয়টো দল ।
চাহালৰ পৰা আশা কৰা হৈছে উন্নত প্ৰদৰ্শন-
প্ৰভসিমৰন সিং, জোছ ইংলিছ, প্ৰিয়ংশ আৰ্য আৰু শশাংক সিঙৰ ৰূপত আয়াৰক সমৰ্থন কৰিবলৈ পাঞ্জাব কিংছৰ ভাল বেটছমেন আছে, যাতে তেওঁ নিজৰ স্থান শক্তিশালীভাৱে অক্ষুণ্ণ ৰাখিব পাৰে আৰু লগতে বিৰোধী শিবিৰত আগ্ৰাসী আক্ৰমণ চলাব পাৰে । মাৰ্কো জেন্সেনৰ অবিহনে পঞ্জাৱৰ বলিং অলপ দুৰ্বল যেন লাগিছিল যদিও বেটিং অনুকূল উইকেটত মুম্বাই ইণ্ডিয়ানছক সমগ্ৰ ইনিংছটো নিয়ন্ত্ৰণত ৰখাটোৱে দেখুৱাইছে যে তেওঁলোকৰ আক্ৰমণ বেছি দুৰ্বল নহয় । যুজবেন্দ্ৰ চাহালে এতিয়াও হাতৰ আঘাতত ভুগি আছে আৰু দ্বিতীয় কোৱালিফায়াৰত তেওঁৰ শ্ৰেষ্ঠ ফৰ্ম নাছিল যদিও পঞ্জাবে তেওঁৰ পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিব ।
লগতে পঢ়ক : হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে BCCI এ ললে ব্যৱস্থা ; পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰলৈও নিৰ্দেশ