ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬৩ সংখ্যক মেচখন আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন প্লে অফৰ বাবে আটাইতকৈ কঠিন বুলি বিবেচিত হৈছে । প্ৰকৃততে প্লে অফত মাত্ৰ এটা স্থান বাকী আছে আৰু ইয়াৰ বাবে মাত্ৰ দুই প্ৰতিদ্বন্দ্বী আছে, এটা মুম্বাই আৰু আনটো দল দিল্লী কেপিটেলছ । এই মেচত যি দলেই জয়ী নহওক কিয়, প্লে অফলৈ যোৱাৰ পথ প্ৰায় স্পষ্ট হৈ পৰিব ।
সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়ে । ইয়াৰ পিছত এতিয়া কেৱল মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু দিল্লী কেপিটেলছ (ডি চি)য়েহে চূড়ান্ত প্লে অফৰ স্থান নিশ্চিত কৰাৰ সুযোগ লাভ কৰিছে । ইতিমধ্যে গুজৰাট টাইটানছ, পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছে নকআউট পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিছে ।
যদিহে দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হয় তেন্তে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ব । যদি দিল্লীয়ে মুম্বাইক পৰাস্ত কৰে কিন্তু তাৰ পিছত পাঞ্জাব কিংছৰ হাতত পৰাস্ত হয়, তেন্তে তেওঁলোকৰ প্লে অফলৈ যোৱাটো নিৰ্ভৰ কৰিব পঞ্জাৱৰ বিৰুদ্ধে মুম্বাই পৰাস্ত হয় নে নহয় তাৰ ওপৰত । মুঠৰ ওপৰত ২১ মে’ত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনে প্লে অফৰ অন্তিম স্থান নিৰ্ণয় কৰিব ।
পইন্ট তালিকাৰ শেহতীয়া অৱস্থান-
বৰ্তমান মুম্বাই ইণ্ডিয়ানছে ১৪ পইণ্ট আৰু দিল্লী কেপিটেলছে ১৩ পইণ্ট লাভ কৰিছে । দুয়োটা দলে নিজৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে যদিও ঘৰুৱা খেলপথাৰ আৰু শেহতীয়া প্ৰদৰ্শনৰ বাবে এম আইৰ সামান্য সুবিধা আছে বুলি বিবেচিত হৈছে । যদি মুম্বাই জয়ী হয় তেন্তে ১৬ পইণ্টেৰে ই দিল্লীত কৈ যথেষ্ঠ আগবাঢ়িব । আনহাতে দিল্লীয়ে বাকী দুয়োখন মেচতে জয়ী হ’ব লাগিব– দ্বিতীয়খন মেচ ২৪ মে’ত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৷
যদিও অন্তিমখন মেচত মুম্বাই গুজৰাটৰ হাতত পৰাস্ত হৈছিল, তাৰ পূৰ্বে একেৰাহে ছখন মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ আটাইতকৈ বিপজ্জনক দলৰ ভিতৰত স্থান দখল কৰিছিল দলটোৱে । এই মেচখনত জয়লাভ কৰি এম আইয়ে প্লে অফত প্ৰৱেশ কৰিব বিচাৰিব, আনহাতে পৰাজয়ৰ ক্ষেত্ৰত ডি চি আৰু পি বি কে এছৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।
এই মেচখনত সকলোৰে দৃষ্টি ৰোহিত শৰ্মাৰ ওপৰত থাকিব কাৰণ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত এইখনেই হ’ব তেওঁৰ প্ৰথমখন মেচ । দিল্লীৰ আশা বহুলাংশে কে এল ৰাহুলৰ ওপৰত নিৰ্ভৰশীল, যিয়ে গুজৰাটৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল যদিও দলটো ১০ উইকেটত পৰাস্ত হৈছিল । ষ্টাৰ্কৰ ঠাইত মুস্তাফিজুৰ ৰহমানে মিতব্যয়িতাৰে বলিং কৰিছিল যদিও বলিঙৰ ক্ষেত্ৰত দিল্লীৰ দুৰ্বলতা উন্মোচিত হৈছিল ।
দিল্লীয়ে ছিজনটো দৰ্শনীয়ভাৱে আৰম্ভ কৰিছিল– প্ৰথম ছখন মেচৰ ভিতৰত পাঁচখন মেচত জয়ী হৈছিল দলটো । কিন্তু তাৰ পিছত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ অভিযান ট্ৰেকৰ বাহিৰলৈ যায় ।