আই পি এল ২০২৫ৰ ৬৩ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে অফৰ টিকট নিশ্চিত কৰে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই মেচত দিল্লীৰ নিয়মীয়া অধিনায়ক অক্ষৰ পেটেলে খেলা নাছিল । তেওঁৰ ঠাইত ফাফ ডু প্লেচিছে দলৰ অধিনায়কত্ব কৰিছিল ।
প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে সূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত দিল্লীৰ বাবে ১৮১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে মাত্ৰ ১২১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । বুমৰাহ আৰু ছেণ্টনাৰে শক্তিশালী বলিঙেৰে দিল্লীক আৱদ্ধ কৰি ৰাখে । ইয়াৰ ভিত্তিত মুম্বাই ইণ্ডিয়ানছে ৫৯ ৰানত এই মেচত জয়লাভ কৰে ।
দিল্লীৰ বেটিং-
১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি খেলপথাৰত নমা দিল্লীৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰতে দীপক চহৰে অধিনায়ক ফাফ ডু পেলেছিছক পেভিলিয়নৰ পথ দেখুৱাই । ফাফৰ বেটৰ পৰা মাত্ৰ ৬ ৰানহে আহে । ইয়াৰ পাছত তৃতীয় অভাৰত ব’ল্টেও কে এল ৰাহুলক আউট কৰে । ইয়াৰ পিছতে অভিষেক পৰেলো ৰান সংগ্ৰহত ব্যৰ্থ হয় আৰু তেওঁক উইল জেকছে আউট কৰে । ইয়াৰ পিছত ছেণ্টনাৰে বিপ্ৰজক আউট কৰে আৰু দশম অভাৰত দিল্লীয়ে পঞ্চমটো আঘাত লাভ কৰে যেতিয়া ষ্টাবছক বুমৰাহে পেভিলিয়নমুখী কৰে ।
ইয়াৰ পিছত সমীৰ ৰিজভি আৰু আশুতোষৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠিছিল যদিও ১৫ নং অভাৰত ছেণ্টনাৰে এই অংশীদাৰিত্ব ভংগ কৰে । সমীৰৰ বেটৰ পৰা ৩৯ ৰান আহে । একেটা অভাৰতে ছেন্টনাৰে আশুতোষক পেভিলিয়নলৈ পঠিয়াই মুম্বাইৰ দাবী মজবুত কৰে । ইয়াৰ পিছত বুমৰাহেও ১৬ অভাৰত মাধৱক আউট কৰি দিল্লীক অষ্টমটো আঘাত দিয়ে । ইয়াৰ পিছত ১৮ নং অভাৰত কৰ্ণ শৰ্মাই দিল্লীক কুলদীপক আউট কৰে । কুলদীপৰ বেটৰ পৰা মাত্ৰ ৭ ৰানহে আহে ।
মুম্বাইৰ বেটিং-
প্ৰথমে বেটিং কৰিবলৈ আহি মুম্বাইয়ে এক সুন্দৰ আৰম্ভণি কৰে । ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটনে বিস্ফোৰক বেটিং কৰে । কিন্তু তৃতীয় অভাৰতে মুম্বাইয়ে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয় যেতিয়া ৰোহিত শৰ্মা ৫ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছত উইল জেকছ আৰু ৰিকেলটনে ভাল অংশীদাৰিত্ব গঢ়ি তোলে । দলটোৰ স্ক’ৰ ৫ অভাৰত ৪৬ ৰান থকাৰ সময়তে ষষ্ঠ অভাৰত উইল জেকছে নিজৰ উইকেট হেৰুৱাই । জেকছে ২১ ৰানৰ ইনিংছ খেলে । ইয়াৰ পিছত পৰৱৰ্তী অভাৰত ৰিকলটনক কুলদীপ যাদৱে আউট কৰে । ৰিকলটনৰ বেটৰ পৰা ২৫ ৰান আহে । ইয়াৰ লগে লগে কুলদীপ যাদৱে আই পি এলত ১০০টা উইকেটো সম্পূৰ্ণ কৰে ।
ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠে । ১০ অভাৰৰ অন্তত মুম্বাইৰ স্ক’ৰ ৮০-৩ । কিন্তু মুম্বাইয়ে চতুৰ্থটো আঘাত লাভ কৰে যেতিয়া ১৫ অভাৰত তিলক বাৰ্মাই ২৭ ৰান সংগ্ৰহ কৰি মুকেশ কুমাৰৰ বলি হয় । ইয়াৰ পিছত হাৰ্দিক পাণ্ডিয়াই বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হৈ পেভিলিয়নমুখী হয় । কিন্তু সূৰ্য্য এটা মূৰত দৃঢ় হৈ থাকে । তেওঁ এক উজ্জ্বল অৰ্ধ শতক অৰ্জন কৰে । ইফালে নমন ধীৰেও ভাল ইনিংছ খেলে । যাৰ ভিত্তিত মুম্বাইয়ে দিল্লীৰ বাবে ১৮১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । সূৰ্য্যই ৭৩ ৰানৰ অপৰাজিত ইনিংছ খেলে ।