‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ সামৰণি অনুষ্ঠান ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নামত উৎসৰ্গা কৰা হ’ব । এই অনুষ্ঠানত ‘অপাৰেচন সিন্দুৰ’ৰ নায়কসকলক সন্মান জনোৱা হ’ব । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সন্মানত আগন্তুক আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান উচৰ্গা কৰা হ’ব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ।
৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । ইয়াতে অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল । এই পদক্ষেপৰ লক্ষ্য হৈছে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ বিৰুদ্ধে ভাৰতীয় সেনাই গ্ৰহণ কৰা সফল পদক্ষেপক সন্মান জনোৱা ।
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়- বি চি চি আইৰ হৈ আমাৰ বীৰ জোৱানসকলৰ বীৰত্ব, সাহস আৰু নিস্বাৰ্থ সেৱাক প্ৰণাম জনাইছো । ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত আমাৰ জোৱানসকলে যি সাহস দেখুৱাইছে, সেই সাহসে দেশখনক সুৰক্ষিত ৰখাই নহয়, আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে । এই সন্মানত আমি আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান সেনাবাহিনীক উৎসৰ্গা কৰাৰ লগতে আমাৰ জোৱানসকলক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছো । ক্ৰিকেট হয়তো দেশৰ প্ৰিয় খেল, কিন্তু দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তা প্ৰথম ।
উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল ।
এই আক্ৰমণৰ পিছত আই পি এল এসপ্তাহৰ বাবে পিছুৱাই দিয়া হয় । প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ পিছতে বিভিন্ন মেচত খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ লগতে ষ্টেডিয়ামত “ধন্যবাদ, সশস্ত্ৰ বাহিনী” আদি বাৰ্তা প্ৰদৰ্শন কৰা হয় ।
লগতে পঢ়ক : ইংলিছ-প্ৰিয়াংশৰ বিস্ফোৰক ইনিংছৰ সন্মুখত মুম্বাইৰ আত্মসমৰ্পণ… পইণ্ট টেবুলৰ শীৰ্ষত পঞ্জাৱ