আইফোন ১৪
আইফোন কিনাৰ কথা আহিলে প্ৰথমে মনলৈ আহে বাজেট।আইফোন মানে এটা দামী স্মাৰ্টফোন যিটো কিনিবলৈ কমেও ১ লাখ টকা খৰচ হ’ব।
যদি আপুনিও আইফোন ব্যয়বহুল বুলিয কিনিব পৰা নাই, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ।২০ হাজাৰতকৈও কম মূল্যত এতিয়াই এপল আইফোন কিনিব পাৰিব আপুনি।
আইফোন ১৬ ছিৰিজ আৰু আইফোন ১৬ই মুকলি কৰাৰ পিছৰে পৰা এপলে পুৰণি আইফোন ১৪ ৰ মূল্য বহু পৰিমাণে হ্ৰাস কৰিছে।
যদি আপুনি আইফোন ১৫ বা আইফোন ১৬ কিনিব নোৱাৰে তেন্তে এতিয়া এইটো আইফোন কিনিব পাৰিব।এই আইফোনটো অলপ পুৰণি যদিও আজিও ই বহু প্ৰিমিয়াম এণ্ড্ৰইড স্মাৰ্টফোনক কঠিন প্ৰতিযোগিতা প্ৰদান কৰে।এতিয়া খুব কম মূল্যত কিনিব পাৰিব আইফোন ।
আইফোনৰ মূল্যত ডাঙৰ হ্ৰাস
আমাজনে নিজৰ কোটি কোটি গ্ৰাহকক আইফোন ১৪ ছিৰিজৰ ডাঙৰ ডাঙৰ অফাৰ আগবঢ়াইছে।আমাজনত আইফোন ১৪ ২৫৬জিবিৰ মূল্য ৭৯,৯৯৯ টকা ।
অৱশ্যে ইয়াক অতি কম দামত কিনিব পাৰিব।ইয়াৰ ওপৰত আমাজনে গ্ৰাহকক ১৯% ৰেহাই দিছে।এই অফাৰৰ পিছত এতিয়া ইয়াৰ মূল্য মাত্ৰ ৬৪,৯০০ টকা হৈছে গৈ। ইয়াৰ ওপৰত আমাজনেও ১৯৪৭ টকাৰ কেছবেকো দিছে।
জানিব পৰা মতে ২০ হাজাৰ টকাতকৈ কম মূল্যত আইফোন ১৪ ২৫৬জিবি কিনাৰ সুযোগ আছে।অৱশ্যে আমাজনৰ এক্সচেঞ্জ অফাৰৰ সুবিধা ল’লেহে এই সুযোগ পাব।
যদি আপোনাৰ হাতত পুৰণি স্মাৰ্টফোন আছে তেন্তে ৬১,৬৫৫ টকা পৰ্যন্ত বিনিময় কৰিব পাৰিব।আপুনি মনত ৰাখিব লাগিব যে আপোনাৰ পুৰণি ফোনটোৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি বিনিময় মূল্য দিয়া হ’ব।
অৱশ্যে এক্সচেঞ্জ অফাৰত যদি আপুনি ৪০-৪৫ হাজাৰ টকা ৰাহি কৰে তেন্তে ২০ হাজাৰতকৈও কম মূল্যত এই ফোনটো পাব।
লগতে পঢ়ক: কপালত চন্দনৰ তিলক,হাতত হনুমানজী; ১০০০ বছৰ পুৰণি মন্দিৰত অনুষ্কা-বিৰাটৰ পূজা