আমাৰ স্বাস্থ্য সুনিশ্চিত কৰাত চিকিৎসকৰ দৰেই বিশেষ ভূমিকা পালন কৰে নাৰ্ছে । নাৰ্ছিং বৃত্তিটোক সন্মান জনোৱাৰ লগতে নাৰ্ছসকলৰ কাম-কাজৰ শলাগ ল’বলৈ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয় । নাৰ্ছসকলে কেৱল ৰোগীৰ যত্ন লোৱাই নহয় চিকিৎসক আৰু ৰোগীৰ মাজত এক শক্তিশালী সংযোগ হিচাপেও কাম কৰে ।
চিকিৎসালয়ত চিকিৎসকে নাৰ্ছক ৰোগীৰ ঔষধ আৰু খাদ্যৰ যত্ন ল’বলৈ কয় আৰু তেওঁলোকে এই কাম সম্পূৰ্ণ পেছাদাৰীতাৰে কৰে আৰু লগতে ৰোগীৰ অনুভৱৰ যত্ন লয় । এই দিৱসৰ উদ্দেশ্য হৈছে নাৰ্ছসকলৰ অৱদানৰ শলাগ লোৱা । লগতে নতুন প্ৰজন্মক এই বৃত্তিৰ বিষয়ে অৱগত কৰি সজাগ কৰাৰ প্ৰয়াসো কৰা হয় ।
আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ থীম-
প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ পৰিষদে অৰ্থাৎ আই চি এনে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ বাবে এটা বিষয়বস্তু বাছি লয় আৰু এই বিষয়বস্তুৰ ওপৰত নাৰ্ছ দিৱস উদযাপন কৰা হয় । ২০২৫ চনত নাৰ্ছ দিৱসৰ বিষয়বস্তু হৈছে নাৰ্ছ: নেতৃত্বৰ বাবে এক কণ্ঠ – গুণগত মান প্ৰদান, ইকুইটি সুৰক্ষিত কৰা (Nurses: A Voice to Lead – Delivering Quality, Securing Equity) । এই বিষয়বস্তুৱে নাৰ্ছসকলৰ ভূমিকা আৰু তেওঁলোকে কেনেকৈ সমতাৰ ভিত্তিত সকলো ৰোগীৰ চিকিৎসা আৰু যত্ন লয় সেই বিষয় উজ্জ্বল কৰি তুলিছে ।
আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ ইতিহাস-
এই দিৱস উদযাপনৰ প্ৰস্তাৱ ১৯৫৩ চনত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ পৰিষদে ৰাখিছিল আৰু ১৯৭৪ চনত ১২ মে’ক আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে বাছনি কৰা হয় । আধুনিক নাৰ্ছিঙৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত ফ্ল’ৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে’ত । সেয়েহে এই দিনটো ফ্ল’ৰেন্স নাইটিংগেলৰ সন্মানত বাছনি কৰা হৈছিল ।
আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ গুৰুত্ব-
-এই দিনটোৰ জৰিয়তে স্বাস্থ্য প্ৰতিষ্ঠানসমূহত নাৰ্ছসকলৰ অৱদানক সন্মান আৰু ধন্যবাদ জনোৱা হয় ।
-নাৰ্ছসকলৰ কামৰ শলাগ ল’বলৈ সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয় ।
-এই বৃত্তি সম্পৰ্কে মানুহৰ মাজত সজাগতা বিয়পোৱাৰ প্ৰয়াস কৰা হয় ।
-আগন্তুক প্ৰজন্মক এই বৃত্তিৰ প্ৰতি সচেতন কৰি তোলাটোও এই দিৱস উদযাপনৰ উদ্দেশ্যে অন্তৰ্ভুক্ত কৰা হৈছে ।
-এই দিৱস উদযাপনৰ আন এক প্ৰধান কাৰণ হ’ল নাৰ্ছৰ কৰ্মক্ষেত্ৰ উন্নত, ভাল প্ৰশিক্ষণ আৰু কৰ্ম পৰিস্থিতি উন্নত কৰাৰ দিশত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰা ।