যুদ্ধবিৰতিৰ মাত্ৰ কেইঘণ্টামানৰ পাছতেই বহু ঠাইত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে । এই সন্দৰ্ভত নিশা প্ৰায় ১১ বজাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে যোৱা কেইঘণ্টামানৰ পৰা এই চুক্তি পাকিস্তানে গুৰুতৰভাৱে উলংঘা কৰি আছে । ভাৰতীয় সেনাই ব্যৱস্থা লৈছে আৰু এই সীমা অতিক্ৰমণ মোকাবিলা কৰিছে । এই অতিক্ৰম পাকিস্তানে কৰিছে । আমি বিশ্বাস কৰোঁ যে পাকিস্তানে এই কথা সঠিকভাৱে বুজিব লাগে আৰু ইয়াৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই পৰিস্থিতিৰ ওপৰত সেনাই চকু ৰাখিছে আৰু সুনিৰ্দিষ্ট আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে শনিবাৰে সন্ধিয়া ৫ বজাত যুদ্ধবিৰতিৰ লগে লগে ভাৰত আৰু পাকিস্তানৰ মাজত ৮৬ ঘণ্টীয়া দীঘলীয়া যুদ্ধৰ অন্ত পৰে । কিন্তু মাত্ৰ ৩ ঘণ্টাৰ পিছতে পাকিস্তানে এই যুদ্ধবিৰতি উলংঘা কৰে । ইতিমধ্যে জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰে পাকিস্তানৰ উচটনিমূলক কাৰ্যকলাপ পুনৰ তীব্ৰতৰ হৈ পৰিছে । শনিবাৰে নিশা পাকিস্তানে কেইবাটাও অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰি প্ৰচণ্ড গোলাবৰ্ষণ কৰে, আনহাতে কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্দেহযুক্ত ড্ৰোনৰ বিস্ফোৰণ সংঘটিত হয় ।
ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে বিয়লি যুদ্ধবিৰতিৰ সিদ্ধান্ত হয় । এই তথ্য দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩.৩৫ বজাত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত বাৰ্তালাপ হয় । সিদ্ধান্ত লোৱা হয় যে দুয়োখন দেশে ৫ বজাৰ পৰা আকাশ, পানী আৰু স্থলভাগত আক্ৰমণ তৎক্ষণাত বন্ধ কৰিব । ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । মিশ্ৰীয়ে কয় যে ১২ মে’ত দুয়োখন দেশৰ বিষয়াসকলে অধিক কৌশলৰ বিষয়ে আলোচনা কৰিব । কিন্তু যুদ্ধবিৰতিৰ চাৰি ঘন্টাৰ পিছতেই পাকিস্তানে কাপুৰৰুষালি প্ৰদৰ্শন কৰি পুনৰ গোলাবৰ্ষণ আৰু ড্ৰোন আক্ৰমণ সংঘটিত কৰে ।