লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ
আহমেদাবাদত সংঘটিত দুৰ্ঘটনাৰ পিছত দেশত সঘনাই জৰুৰীকালীন বিমান অৱতৰণৰ ঘটনা দেখা গৈছে । বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা লেহ অভিমুখী ইণ্ডিগোৰ ৬ই ২০০৬ বিমানখন কাৰিকৰী কাৰণত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । অৱশ্যে বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত আচে বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি ইণ্ডিগো বিমানখনত ক্ৰু মেম্বাৰকে ধৰি প্ৰায় ১৮০ জন লোক আছিল । বৃহস্পতিবাৰে পুৱা বিমানখনে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিছিল । লেহ পোৱাৰ পূৰ্বেই বিমানখনত কাৰিকৰী বিজুতি ধৰা পৰে । লেহ পোৱাৰ কিছু সময়ৰ পাছতে বিমানখন উভতি আহি নিৰাপদে দিল্লীত অৱতৰণ কৰে । অৱশ্যে কি কাৰিকৰী ত্ৰুটিৰ বাবে বিমানখন জৰুৰীকালীন অৱতৰণ কৰিব লগা হ’ল সেই সন্দৰ্ভত আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।
বিমানৰ কাৰিকৰী বিজুতিৰ বহু ঘটনা সংঘটিত-
বুধবাৰে ইণ্ডিগোৰ এখন বিমান বাতিল কৰিবলগীয়া হৈছিল । ভুৱনেশ্বৰৰ পৰা কলকাতালৈ ৰাওনা হৈছিল ৬ই ৬১০১ নম্বৰৰ বিমানখন । অৱশ্যে উৰণৰ কেইমিনিটমান পূৰ্বে বিমানখন বাতিল কৰা হয় । ইয়াৰ কাৰণো বিমানখনৰ কাৰিকৰী ত্ৰুটি বুলি কোৱা হৈছিল । ইয়াৰ পূৰ্বে ২ জুনত ৰাঁচীত ইণ্ডিগোৰ এখন বিমানে শগুণৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । পাটনাৰ পৰা ৰাঁচী হৈ কলকাতালৈ যোৱা বিমানখন প্ৰায় ৩-৪ হাজাৰ ফুট উচ্চতাত আছিল । সেই সময়ত এটা শগুনৰ লগত সংঘৰ্ষ হৈছিল । সংঘৰ্ষৰ পিছত বিমানখন প্ৰায় ৪০ মিনিট সময় আকাশতে থাকে । এই ইণ্ডিগো বিমানখনত ক্ৰু মেম্বাৰকে ধৰি ১৭৫ জন যাত্ৰী আছিল ।
লগতে পঢ়ক : আগ্নেয়গিৰি বিস্ফোৰণ… পুনৰ মাজ আকাশৰ পৰাই উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান