বিমানত আৱদ্ধ ভূপেশ বাঘেল
দিল্লীৰ পৰা ৰায়পুৰ অভিমুখী ইণ্ডিগো এয়াৰলাইন্সৰ বিমানখনৰ কাৰিকৰী বিজুতি ঘটে।অৱতৰণ কৰাৰ পিছত খোলা নাছিল বিমানখনৰ দুৱাৰ, যাৰ বাবে বিমানৰ ভিতৰত প্ৰায় ৩০ মিনিট যাত্ৰীসকল আবদ্ধ হৈ থাকিবলগীয়া হৈছিল।ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও এই বিমানত যাত্ৰা কৰিছিল।
ৰাণৱেত বন্ধ হ’ল বিমান
ৰায়পুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত, যেতিয়া যাত্ৰীসকলে বিমানখনৰ পৰা নামিবলৈ থিয় হ’ল, তেতিয়া দুৱাৰখন খোল নাখালে।
বহু প্ৰচেষ্টাৰ পিছতো খোলা নাছিল গেটখন, যাৰ বাবে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল।অৱশ্যে আধা ঘণ্টাৰ পাছত অভিযন্তাৰ সহায়ত খুলি দিয়া হ’ল দুৱাৰখন, তেতিয়াহে সকলো যাত্ৰী ওলাই আহিব পাৰিলে।
ভূপেশ বাঘেলে নিজেই দিলে এই খবৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা এই ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে। তেওঁ কৈছিল যে, ‘ইণ্ডিগো বিমানেৰে আমি দিল্লীৰ পৰা ৰায়পুৰলৈ আহিছিলো”।
“বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত কাৰিকৰী দোষৰ বাবে দুৱাৰখন খোলা নাছিল।আধা ঘণ্টামান বিমানখনত আবদ্ধ হৈ থাকিল সকলো যাত্ৰী।”
কিন্তু ঘটনাৰ পাছতো ইণ্ডিগো এয়াৰলাইন্সে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।কিন্তু যাত্ৰীসকলে কয় যে এনে সমস্যাই বিমানৰ সুৰক্ষা আৰু সুবিধা দুয়োটা দিশতে প্ৰশ্ন উত্থাপন কৰে।
লগতে পঢ়ক: আমিৰ খানে নাকচ কৰিলে ১২০ কোটি টকাৰ OTT চুক্তি; ‘সিতাৰে জমিন পাৰ’ শ্ব’ৰসময় নিৰ্ধাৰণ