জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই এতিয়া ভাৰতীয় সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । যুদ্ধ অনুশীলনৰ জৰিয়তে সেনাই নিজৰ শক্তি প্ৰমাণ কৰিছে । ইয়াৰ মাজতে আৰব সাগৰত নিয়োজিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজসমূহে শেহতীয়াকৈ কেইবাটাও জাহাজ বিধ্বংসী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ভাৰতীয় নৌসেনাই কয় যে ভাৰতীয় নৌসেনাৰ জাহাজসমূহে দীৰ্ঘ দূৰত্বৰ নিখুঁত আক্ৰমণৰ বাবে প্লেটফৰ্ম, চিষ্টেম আৰু ক্ৰুৰ প্ৰস্তুতি পুনৰ প্ৰমাণীকৰণ আৰু প্ৰদৰ্শন কৰিবলৈ একাধিক সফল জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰিছিল । ভাৰতীয় নৌসেনা যিকোনো সময়তে, যিকোনো ঠাইতে, যিকোনো প্ৰকাৰে ৰাষ্ট্ৰৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যুদ্ধৰ বাবে সাজু, বিশ্বাসযোগ্য আৰু ভৱিষ্যতৰ বাবে সাজু ।
ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাই আৰব সাগৰত থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত মোতায়েন কৰিছিল । ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ইয়াক কৌশলগত সংকেত হিচাপে বিবেচিত হৈছে । ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই নিয়োগ কৰা হৈছিল ।
ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট দিছিল । তাত লিখা আছিল, ‘ঐক্যত শক্তি, উদ্দেশ্যপ্ৰণোদিত উপস্থিতি ।’
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । সন্ত্ৰাসবাদৰ আশ্ৰয়স্থল পাকিস্তানক ভাৰতে কেতিয়া আৰু কেনেকৈ উপযুক্ত উত্তৰ দিব সেয়া চাবলৈ সমগ্ৰ দেশেই অপেক্ষা কৰি আছে । ইফালে ভাৰতৰ তিনিওটা সেনাই প্ৰস্তুতি আৰম্ভ কৰিছে । তেওঁলোকে কয় যে যিকোনো পৰিস্থিতিত যিকোনো শত্ৰুক উপযুক্ত উত্তৰ দিবলৈ সাজু ।