ইণ্ডিয়ান আইডলৰ ছিজন ১২ৰ বিজয়ী তথা কণ্ঠশিল্পী পৱনদ্বীপ ৰাজনৰ বাহনখন সোমবাৰে পুৱা ৩:৪০ বজাত আমৰোহাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটোৰ সময়ত বাহনখনত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, চালক ৰাহুল সিং আৰু সংগী অজয় মেহৰাই যাত্ৰা কৰি আছিল।
সামাজিক মাধ্যমত কণ্ঠশিল্পী গৰাকীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁৰ অৱস্থা সংকটজনক দেখা গৈছে। জানিব পৰা মতে পৱনদ্বীপে বাওঁ ভৰি আৰু সোঁহাতত আঘাত পাইছে।
জানিব পৰে মতে উত্তৰাখণ্ডৰ পৰা নয়ডালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়। নিশা প্ৰায় ২.৩০ বজাত নয়ডালৈ গৈ থকা অৱস্থাতে গজৰৌলা থানা এলেকাৰ চৌপালা ক্ৰছিং অভাৰব্ৰিজৰ পৰা তেওঁৰ গাড়ীখন নামি যোৱাৰ সময়তে ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে তেওঁলোকৰ বাহনখনে।
চালক ৰাহুল সিঙৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাটোৰ কথা জানিব পাৰি আৰক্ষীৰ লোক উপস্থিত হৈ তিনিওজনকে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।কণ্ঠশিল্পী গৰাকীৰ এই খবৰ পোৱাৰ পিছত অনুৰাগীসকলে তেওঁৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে।