৮ ঘণ্টীয়া জোৰা অস্ত্ৰোপচাৰ; এতিয়াও আই চি ইউত কণ্ঠশিল্পী পৱনদ্বীপ

ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদ্বীপ ৰাজন বৰ্তমানেও আই চি ইউত আছে।আচলতে ৫ মে’ৰ নিশা মোৰাদাবাদৰ সমীপত তেওঁৰ এটা দুৰ্ঘটনা হৈছিল, য’ত গুৰুতৰভাৱে আহত হয় পৱনদ্বীপ।

এই পৰ্যন্ত কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে পৱনদ্বীপৰ।কাৰণ কণ্ঠশিল্পী গৰাকীৰ শৰীৰৰ কেইবাদালো হাড় ভাগিছে। শুকুৰবাৰে পুনৰ পৱনদ্বীপৰ ৩টা অস্ত্ৰোপচাৰ কৰা হয় যিটো প্ৰায় ৮ ঘণ্টা ধৰি চলিল।

পৱনদ্বীপৰ টীমে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, সকলোকে নমস্কাৰ, কালি পৱনদ্বীপৰ আৰু ৩ টা অস্ত্ৰোপচাৰ কৰা হয়। ৰাতিপুৱা তেওঁক অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হৈছিল আৰু ৮ ঘণ্টাৰ পিছত উলিয়াই অনা হয়।  

“শৰীৰৰ ভাগি যোৱা হাড়ৰ ইতিমধ্যে অস্ত্ৰোপচাৰ কৰা হৈছে।অৱশ্যে তেওঁ এতিয়াও আই চি ইউত আছে। চিকিৎসকৰ পৰ্যবেক্ষণত আৰু কিছুদিন আই চি ইউত থাকিব লাগিব।

চিকিৎসকে কয় যে পৱনদ্বীপ এতিয়া কিছু আৰোগ্য হৈছে।পৱনদ্বীপ সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহক আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰক।পৱনদ্বীপৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে আন্তৰিক ধন্যবাদ।”

দুৰ্ঘটনাত পতিত ইণ্ডিয়ান আইডলৰ বিজয়ী পৱনদ্বীপ ৰাজন; সংকটজনক অৱস্থাত  চিকিৎসালয়ত ভৰ্তি

ইণ্ডিয়ান আইডলৰ ছিজন ১২ৰ বিজয়ী তথা কণ্ঠশিল্পী পৱনদ্বীপ ৰাজনৰ বাহনখন সোমবাৰে পুৱা ৩:৪০ বজাত আমৰোহাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ সময়ত বাহনখনত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, চালক ৰাহুল সিং আৰু সংগী অজয় ​​মেহৰাই যাত্ৰা কৰি আছিল।

সামাজিক মাধ্যমত কণ্ঠশিল্পী গৰাকীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁৰ অৱস্থা সংকটজনক দেখা গৈছে। জানিব পৰা মতে পৱনদ্বীপে বাওঁ ভৰি আৰু সোঁহাতত আঘাত পাইছে।

জানিব পৰে মতে উত্তৰাখণ্ডৰ পৰা নয়ডালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়। নিশা প্ৰায় ২.৩০ বজাত নয়ডালৈ গৈ থকা অৱস্থাতে গজৰৌলা থানা এলেকাৰ চৌপালা ক্ৰছিং অভাৰব্ৰিজৰ পৰা তেওঁৰ গাড়ীখন নামি যোৱাৰ সময়তে ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে তেওঁলোকৰ বাহনখনে।

চালক ৰাহুল সিঙৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাটোৰ কথা জানিব পাৰি আৰক্ষীৰ লোক উপস্থিত হৈ তিনিওজনকে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।কণ্ঠশিল্পী গৰাকীৰ এই খবৰ পোৱাৰ পিছত অনুৰাগীসকলে তেওঁৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে।