বৃদ্ধি হ’ল ভাৰতীয় সেনাৰ শক্তি
বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধ হেলিকপ্টাৰ আপাচিয়ে বৃদ্ধি কৰিব ভাৰতীয় বায়ুসেনাৰ শক্তি । ইতিমধ্যে ভাৰতত উপস্থিত হৈছে বয়িং কোম্পানীৰ দ্বাৰা নিৰ্মিত আপাচি হেলিকপ্টাৰ । ভাৰতীয় সেনাই কয় যে আপাচি যুদ্ধ হেলিকপ্টাৰ ডেলিভাৰী কৰা হৈছে । ভাৰতীয় সেনাই এই হেলিকপ্টাৰসমূহ যোধপুৰত মোতায়েন কৰিব । অৱশ্যে প্ৰায় ১৫ মাহৰ পলম হোৱাৰ পিছত এই হেলিকপ্টাৰ ভাৰতক যোগান ধৰা হৈছে ।
কি হয় আপাচি কম্বেট হেলিকপ্টাৰ-
আপাচি হৈছে বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধ হেলিকপ্টাৰ । ই এখন নাইট ভিজন হেলিকপ্টাৰ । আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী বয়িঙে নিৰ্মাণ কৰা এই হেলিকপ্টাৰ আধুনিক যোগাযোগ, নেভিগেচন, চেন্সৰ আৰু অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত । ইয়াৰ উপৰিও ই পাইলটসকলক দিন আৰু ৰাতি দুয়োটা অৱস্থাতে লক্ষ্য চিনাক্ত আৰু আক্ৰমণ কৰাত সহায় কৰে । ইয়াৰ জৰিয়তে বৰষুণ, ধূলি বা কুঁৱলীৰ বাবে দুৰ্বল দৃশ্যমানতাতো আক্ৰমণ কৰিব পৰা যায় ।
বয়িঙৰ তথ্য অনুসৰি আপাচিয়ে ২১ হাজাৰ ফুট উচ্চতালৈকে ঘণ্টাত সৰ্বোচ্চ ২৮০ কিলোমিটাৰ বেগত উৰিব কৰিব পাৰে । ইয়াৰ ১৬টা এণ্টি টেংক এ জি এম-১১৪ হেলফায়াৰ মিছাইল নিক্ষেপ কৰাৰ ক্ষমতা আছে । ইয়াত ৩০ মিঃমিৰ দুটা বন্দুক আছে, যিবোৰে একে সময়ত ১২০০ গুলী লোড কৰিব পাৰে । আপাচিত ১৬টা এণ্টি টেংক এ জি এম-১১৪ হেলফায়াৰ আৰু ষ্টিংগাৰ মিছাইল লগোৱা হৈছে । হেলফায়াৰ মিছাইলে যিকোনো সমৰ সজ্জিত বাহন যেনে টেংক, কামান, বি এম পি বাহন এক মুহূৰ্ততে উৰুৱাই দিব পাৰে ।
২০১৫ চনত চুক্তি হৈছিল-
ভাৰতে ২০১৫ চনৰ চুক্তি অনুসৰি ভাৰতীয় বায়ুসেনাৰ বাবে ২২খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰিছিল । ইয়াৰ পিছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে ৬০ কোটি ডলাৰৰ চুক্তিত বয়িঙৰ পৰা ছখন এ এইচ-৬৪ ই আপাচি ক্ৰয় কৰিবলৈ অনুমোদন জনায় । এতিয়া ভাৰতে লাভ কৰা আপাচি হেলিকপ্টাৰ ভাৰতীয় সেনাৰ এভিয়েশন কৰ্পছৰ বাবে । বৰ্তমান আমেৰিকা, ব্ৰিটেইন, ইজৰাইল, ইজিপ্ত আদি দেশৰ সেনাবাহিনীত আপাচী ব্যৱহাৰ কৰা হয় ।
শত্ৰুৰ ৰাডাৰেও ধৰা পেলাব নোৱাৰে-
আপাচি ষ্টিংগাৰ ক্ষেপণাস্ত্ৰই আকাশৰ পৰা অহা যিকোনো ভাবুকিৰ প্ৰতিহত কৰিবলৈ সক্ষম । আনকি শত্ৰুৰ ৰাডাৰেও এই হেলিকপ্টাৰ সহজে ধৰা পেলাব নোৱাৰে । ইয়াৰ মূল কাৰণ হ’ল হেলিকপ্টাৰখনৰ ছেমি-ষ্টীল্থ টেকন’লজি আৰু কম উচ্চতাত উৰণৰ ক্ষমতা । ইয়াত অত্যাধুনিক লংব’ ৰাডাৰ স্থাপন কৰা হৈছে, যিটো নৌসেনাৰ বাবেও সহায়ক বুলি প্ৰমাণিত হ’ব ।
লগতে পঢ়ক : অপাৰেচন সেন্দূৰৰ পৰা ট্ৰাম্পলৈ; আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন