অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়
লণ্ডনৰ অভেল ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পঞ্চম টেষ্ট মেচত টিম ইণ্ডিয়াই এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই জয়ৰ লগে লগে ৫ খনীয়া মেচৰ এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ২০২৫ৰো সামৰণি পৰে । ২-২ ব্যৱধানত এই শৃংখলাৰ সমাপ্ত হয় । শৃংখলাৰ এখন মেচ আছিল ড্ৰ’ ।
শেষৰ দিনটোত ইংলেণ্ডক জয়ী হ’বলৈ ৩৫ ৰানৰ প্ৰয়োজন হৈছিল । আনহাতে ভাৰতক জয়ী হ’বলৈ ৪ উইকেটৰ প্ৰয়োজন আছিল । মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই বলিঙৰ দায়িত্ব লয় । ছিৰাজে প্ৰথমে জেমী স্মিথক আউট কৰে । ইয়াৰ পিছত ছিৰাজে অভাৰটনক চিকাৰ কৰি মেচখনত ভাৰতত আধিপত্য বিস্তাৰ কৰে । ইয়াৰ পিছত প্ৰসিদ্ধ কৃষ্ণই জোচে টংগুক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত ক্ৰীছ ৱ’কেছ ভগা হাতেৰে বেটিং কৰিবলৈ খেলপথাৰলৈ আহিছিল । এটকিনছন আনটো মূৰত থিয় হৈ দলৰ দায়িত্ব লয় । কিন্তু অৱশেষত ছিৰাজে তেওঁকো আউট কৰে আৰু মেচখনত ভাৰতে ৬ ৰানত জয়লাভ কৰে ।
মেচখনত ভাৰতে ইংৰাজ দলটোক ৩৭৪ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল । ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ২২৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ড প্ৰথম ইনিংছ ২৪৭ ৰানত সীমাবদ্ধ আছিল । অৰ্থাৎ আয়োজক ইংলেণ্ডে প্ৰথম ইনিংছৰ ভিত্তিত ২৩ ৰানৰ সামান্য অগ্ৰগতি লাভ কৰে । ইয়াৰ পিছত ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছত ৩৯৬ ৰান সংগ্ৰহ কৰে ।
ভাৰতৰ দ্বিতীয় ইনিংছ : যশস্বীৰ শতক
দ্বিতীয় ইনিংছত অ’পেনাৰ যশস্বী জয়ছোৱালে ভাৰতীয় দলৰ হৈ দৰ্শনীয় ১১৮ ৰান সংগ্ৰহ কৰে । এই সময়ত যশস্বীয়ে ১৬৪টা বলৰ মুখামুখি হয় আৰু ১৪টা চাৰি আৰু দুটা ছয় কোবাই । নাইটৱাচমেন আকাশ দীপ (৬৬ ৰান), ৱাশ্বিংটন সুন্দৰ (৫৩ ৰান) আৰু ৰবীন্দ্ৰ জাডেজা (৫৩ ৰান) অৰ্ধশতকৰ অৱদান আগবঢ়াইছিল, যাৰ বাবে ভাৰতীয় দলটোৱে ভাল স্ক’ৰত উপনীত হ’বলৈ সক্ষম হৈছিল । ইংৰাজ দলৰ হৈ বেগী বলাৰ জোছ টংগে ৫টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ গাছ এটকিনছনেও তিনিটা সফলতা লাভ কৰে । আন এজন বেগী বলাৰ জেমী অভাৰটনে দুটা উইকেট দখল কৰে ।
ইংলেণ্ডৰ প্ৰথম ইনিংছ : ক্ৰ’লি-ব্ৰুকৰ অৰ্ধশতক
ইংলেণ্ডৰ প্ৰথম ইনিংছত অ’পেনাৰ জেক ক্ৰ’লিয়ে ৫৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰি সৰ্বাধিক অৰিহণা যোগাইছিল । ইয়াৰ ভিতৰত ক্ৰ’লিৰ বেটৰ পৰা ১৪টা চাৰি আহে । আনজন অ’পেনাৰ বেন ডাকেটে ৩৮টা বলত ৪৩ ৰানৰ ইনিংছ খেলে । ডাকেটে নিজৰ ইনিংছত ৫টা চাৰি আৰু দুটা ছয় কোবাই । হেৰী ব্ৰুকেও ৬৪টা বলৰ সন্মুখীন হৈ ৫৩ ৰান সংগ্ৰহ কৰে । ব্ৰুকে নিজৰ ইনিংছত ৫টা চাৰি আৰু এটা ছয় কোবাই । ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ৪টাকৈ উইকেট দখল কৰে । পেচ বলাৰ আকাশ দীপেও এটা সফলতা লাভ কৰে ।
ভাৰতৰ প্ৰথম ইনিংছঃ এটকিনছনৰ ৫ উইতকেট, কৰুণৰ অৰ্ধশতক-
ভাৰতীয় দলৰ হৈ প্ৰথম ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে কৰুণ নায়াৰে । কৰুণ নায়াৰে ১০৯টা বলত ৫৭ ৰান বৰঙণি আগবঢ়ায়, য’ত ৮টা চাৰি আছিল । যুৱ বেটছমেন ছাই সুদৰ্শন (৩৮) আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে (২৬ ৰান)ও উপযোগী ৰান সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ গাছ এটকিনছনে উজ্জ্বল বলিং কৰি ৫টা উইকেট দখল কৰে । জোছ টংগে তিনিটা উইকেট দখল কৰে । আঘাতপ্ৰাপ্ত বেগী বলাৰ ক্ৰীছ ৱ’কেছে এটা উইকেট দখল কৰে ।
অভেল টেষ্টত ভাৰতীয় দলৰ মূল একাদশ :
যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, শুভমন গীল (অধিনায়ক), কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাডেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ ।
লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত