প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা ৩৫৯/৩ ৰ পৰা খেলি ভাৰতীয় দলে ৪৭১ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতৰ হৈ প্ৰথম দিনাই শতক অৰ্জন কৰে যশস্বী জয়ছোৱাল (১০১) আৰু শুভমন গীলে (১৪৭) । দ্বিতীয় দিনা ঋষভ পন্টে (১৩৪) এই শতকৰ ক্লাবত যোগদান কৰে । দ্বিতীয় দিনা ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছত বৰষুণৰ বাবে মেচখন বাধাগ্ৰস্ত হয় । ইয়াৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ কৰিব লগা হয় । উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই ৫খনীয়া মেচৰ শৃংখলা জয় কৰা দলটোক এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী দিয়া হ’ব । প্ৰথম দিনাই ভাৰতীয় দলে ষ্টাম্পলৈকে তিনি উইকেটত ৩৫৯ ৰান সংগ্ৰহ কৰিছিল । বৰ্তমান ইংলেণ্ড ক্ৰীজত নামিছে ।
৪৭১ ৰানত অল আউট ভাৰতীয় দল-
প্ৰথম দিনাৰ খেল ৩৫৯/৩ স্ক’ৰত শেষ হয় । যশস্বী জয়ছোৱালে প্ৰথম দিনাই ১৫৯ বলত ১০১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দিনটোৰ খেলৰ শেষলৈকে শুভমন গীলে ১৬ চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭৫ টা বলত ১২৭ ৰান সংগ্ৰহ কৰি ক্ৰীজত উপস্থিত থাকে আৰু সহ-অধিনায়ক ঋষভ পণ্টে ছটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১০২ টা বলত ৬৫ ৰান সংগ্ৰহ কৰি ক্ৰীজত থাকে । শনিবাৰে ১১২ ৰান সংযোজন কৰি বাকী ৭টা উইকেট হেৰুৱাই ভাৰতীয় দলে । ইয়াৰ লগে লগে দলটোৱে ৪৭১ ৰানত অল আউট হয় ।
ইংলেণ্ডৰ হৈ জোছ টংগ আৰু বেন ষ্ট’কে চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব্ৰাইডন কাৰ্ছ আৰু শ্বোৱেইব বছিৰে এটাকৈ উইকেট লাভ কৰে ।
এই অবাঞ্চিত ক্লাবত যোগদান ভাৰতীয় দলৰ-
ইয়াৰ লগে লগে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ অবাঞ্চিত ক্লাবত যোগদান কৰে । প্ৰকৃততে এই তিনিটা দলে তিনিশ ৰান কৰাৰ পিছতো ৫০০ ৰানৰ ঘৰ স্পৰ্শ কৰিব পৰা নাছিল । ভাৰতীয় দল এতিয়া এই ক্লাবত যোগদান কৰে । উল্লেখ্য যে, ভাৰতীয় দলৰ তিনিজন বেটছমেনে শতক অৰ্জন কৰিছিল যদিও দলটোৱে ৫০০ ৰান স্পৰ্শ কৰাত ব্যৰ্থ হয় ।
সুদৰ্শন-নায়াৰৰ ব্যৰ্থতা-
ভাৰতৰ হৈ ৰাহুল আৰু যশস্বীয়ে ভাল আৰম্ভণি কৰি প্ৰথম উইকেটত ৯১ ৰান সংযোজন কৰে । টেষ্টত অভিষেক ঘটোৱা ছাই সুদৰ্শন, আঠ বছৰৰ মূৰত টেষ্টত প্ৰত্যাৱৰ্তন কৰা কৰুণ নায়ায়ৰ আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত একাউণ্টো খোলাত ব্যৰ্থ হয় । এই তিনিওজন বেটছমেন কোনো ৰান সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । একে সময়তে জাডেজাই ১১ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণই এক ৰান সংগ্ৰহ কৰে । দ্বিতীয় অধিবেশনৰ আৰম্ভণিতে ভাৰতীয় দলে বাকী থকা উইকেট হেৰুৱাই । ভাৰতৰ বাবে হতাশাজনক কথাটো হ’ল তিনিজন বেটছমেনে শতক অর্জন কৰাৰ পাছতো দলটোৱে ৫০০ ৰানৰ সীমা স্পর্শ কৰাত ব্যৰ্থ হয় ৷
অভিষেক অধিনায়কত্বত শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ শুভমন গীল
অধিনায়ক হিচাপে প্ৰথমখন মেচ খেলি প্ৰথম ইনিংছত শতক অৰ্জন কৰা দেশৰ চতুৰ্থ অধিনায়ক হিচাপে পৰিগণিত হৈছে শুভমন গীল । তেওঁৰ পূৰ্বে এই কৃতিত্ব লিপিবদ্ধ হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ বিজয় হাজাৰে, সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীৰ নামত । এতিয়া শতক অৰ্জন কৰি গীলেও এই বিশেষ তালিকাত যোগদান কৰিছে ।
যশস্বী জয়ছোৱালৰ ডাঙৰ কৃতিত্ব-
হেডিংলিৰ লীডছত ইনিংছ মুকলি কৰি শতক অৰ্জন কৰা দেশৰ প্ৰথমজন অ’পেনাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল । প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতৰ হৈ ইনিংছ মুকলি কৰাৰ সময়তে মুঠ ১৫৯টা বলৰ মুখামুখি হয় তেওঁ । এই সময়ছোৱাত ৬৩.৫২ ষ্ট্ৰাইক ৰেটত ১০১ ৰান কৰিবলৈ সক্ষম হয় তেওঁ । তেওঁৰ বেটৰ পৰা ১৬টা চাৰি আৰু এটা ছয় আহে ।
লগতে পঢ়ক : লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক; ভংগ কৰিলে এই অভিলেখ