ভাৰতক মৃত অৰ্থনীতি আখ্যা ট্ৰাম্পৰ…
শুল্কক লৈ বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত তীব্ৰ যুদ্ধ চলি আছে । এফালে ট্ৰাম্পে প্ৰতিটো বিষয়তে ভাৰতক নিজৰ পৰামৰ্শ দি আছে, আনফালে শুল্কৰ ভাবুকিও দিয়া দেখা গৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ভাবুকিৰ বিৰুদ্ধে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইংগিতৰ জৰিয়তে নিজৰ আৰু ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে ।
কাশীত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ প্ৰশ্ন আৰু ভাৰতে কি কৰিব আৰু কি নকৰে সেই বিষয়ে স্পষ্ট কৰি দিয়ে । মৃত অৰ্থনীতি সন্দৰ্ভত ট্ৰাম্পৰ বক্তব্য সন্দৰ্ভত তেওঁ কয় যে ভাৰত বিশ্বৰ তৃতীয় বৃহত অৰ্থনীতি হ’বলৈ গৈ আছে । শীঘ্ৰেই ভাৰত তৃতীয় বৃহত অৰ্থনীতিলৈ পৰিণত হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি বিশ্ব অৰ্থনীতি বহু আশংকাৰ মাজেৰে পাৰ হৈ গৈছে, অস্থিৰতাৰ পৰিৱেশ । এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে নিজৰ স্বাৰ্থত মনোনিৱেশ কৰিছে । ভাৰতেও নিজৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি সজাগ হ’ব লাগিব ।
ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব-
বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে । ট্ৰাম্পে কৈছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে । ট্ৰাম্পৰ এই বক্তব্যৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি কি কিনিম আৰু কি নিকিনিম, এই সকলোবোৰত ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি ৰখা হ’ব । ইয়াৰ পৰা স্পষ্ট যে ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু অন্যান্য অস্ত্ৰ ক্ৰয় কৰি থাকিব । ইয়াত কোনো ধৰণৰ বাধা আৰোপ কৰা নহ’ব ।
যিখিনি প্ৰয়োজনীয় সেয়াহে কিনিম- প্ৰধানমন্ত্ৰী মোদী
দীৰ্ঘদিন ধৰি আমেৰিকাই নিজৰ যুদ্ধ বিমান এফ-৩৫ ভাৰতক বিক্ৰী কৰাৰ চেষ্টা চলাই আহিছে । অৱশ্যে ভাৰতে বহুবাৰ এই প্ৰস্তাৱ নাকচ কৰিছে । শুল্ক ঘোষণাৰ পিছতে ভাৰতে আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকা ভ্ৰমণ কৰি হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছিল । এই সময়ত ট্ৰাম্পে ভাৰতক এফ-৩৫ যুদ্ধ বিমান বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল । আজি কাশীতো প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সেই বস্তুহে কিনিব যি ভাৰতৰ মাটি আৰু ভাৰতীয় জনসাধাৰণৰ শ্ৰমৰ সৈতে জড়িত ।
উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ আপত্তি দাঙি ধৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কৈছিল যে দুয়োখনে নিজৰ অৰ্থনীতি ডুবাই পেলাব বিচাৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক শাস্তি আৰোপ কৰাৰ কথাও কৈছিল । এই বক্তব্যৰ এদিন পিছতে ট্ৰাম্পে দাবী কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে । অৱশ্যে এনে দাবীৰ কোনো সত্যতা নাই । ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আৰু ব্যৱসায় সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে মোৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই । তেওঁলোকে নিজৰ অৰ্থনীতি ডুবাই পেলাব পাৰে । ভাৰতৰ সৈতে আমেৰিকাৰ ব্যৱসায় সীমিত । অৱশ্যে তেওঁলোকৰ শুল্ক অতি বেছি । বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক লয় ভাৰতে । একেদৰে আমেৰিকা আৰু ৰাছিয়াৰো কোনো ব্যৱসায় নাই । তেওঁলোকে ভাৰতৰ পৰা অহা আমদানিৰ ওপৰত ২৫% শুল্ক ঘোষণা কৰিছে । ইয়াৰ লগতে ভাৰতে ৰাছিয়াৰ পৰা সামৰিক সঁজুলি আৰু শক্তি ক্ৰয় কৰাৰ বাবেও অতিৰিক্ত শাস্তি পাব ।
লগতে পঢ়ক : ‘ভাৰতৰ জীয়ৰীৰ সেন্দুৰৰ প্ৰতিশোধ পূৰণ হ’ল: বাৰাণসীত পহলগাম কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য