চীনে অৰুণাচল প্ৰদেশৰ কিছু ঠাইৰ নাম সলনি কৰাৰ চেষ্টাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে । বৈদেশিক মন্ত্ৰালয়ে কয় যে এয়া এক অপ্ৰয়োজনীয় আৰু ব্যৰ্থ প্ৰচেষ্টা । মন্ত্ৰালয়ে কয় যে চীনৰ এই প্ৰচেষ্টা আমি সম্পূৰ্ণৰূপে নাকচ কৰো । আমি স্পষ্টকৈ ক’ব বিচাৰো যে অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ আছিল, আছে আৰু সদায় থাকিব ।
এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । বিবৃতিটোত কোৱা হৈছে যে আমি লক্ষ্য কৰিছো যে ভাৰতৰ অৰুণাচল প্ৰদেশৰ কিছু স্থানৰ নাম নামাকৰণৰ ব্যৰ্থ আৰু অৰ্থহীন প্ৰচেষ্টাত চীন ব্যস্ত হৈ আছে । আমাৰ নীতিগত স্থিতিৰ সৈতে সংগতি ৰাখি আমি এনে প্ৰচেষ্টাক স্পষ্টভাৱে নাকচ কৰো ।
উল্লেখ্য যে কোনো যুক্তি নোহোৱাকৈ চীনে অৰুণাচল প্ৰদেশক নিজৰ অংশ বুলি দাবী কৰি আহিছে । দেশখনে প্ৰায়ে উত্তৰ-পূব ৰাজ্যখনৰ কেইবাখনো ঠাইৰ নাম সলনি কৰি মানচিত্ৰ জাৰি কৰি আহিছে । ২০২৪ চনত চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ ৩০ টা নতুন নামৰ তালিকা প্ৰকাশ কৰিছিল, যিটো ভাৰতে স্পষ্টভাৱে নাকচ কৰিছে । ভাৰতীয় নেতাসকলে নিজৰ দাবীক শক্তিশালীভাৱে উপস্থাপন কৰিবলৈ ৰাজ্যখন ভ্ৰমণ কৰাত চীনে নিয়মিতভাৱে আপত্তি কৰে ।
এপ্ৰিল মাহত এছ জয়শংকৰে এই বিষয়ত চীনক স্পষ্ট বাৰ্তা দিছিল । সেই সময়ত চীনে অৰুণাচলৰ বিভিন্ন স্থানৰ ৩০টা নতুন নাম প্ৰকাশ কৰাৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছিল যে অৰুণাচল ভাৰতীয় ৰাজ্য আছিল, আছে আৰু ভৱিষ্যতেও থাকিব ।
সংবাদমেলত জয়শংকৰে কৈছিল যে নাম সলনি কৰিলে একো লাভ নহ’ব । আপোনাৰ ঘৰৰ নাম সলনি কৰিলে মোৰ হৈ পৰিবনে ? অৰুণাচল প্ৰদেশ এখন ভাৰতীয় ৰাজ্য আছিল, ভাৰতীয় ৰাজ্য হৈ আছে আৰু ভৱিষ্যতেও ভাৰতীয় ৰাজ্য হৈ থাকিব । নাম সলনি কৰিলে একো লাভ নহ’ব । ভাৰতৰ অভিন্ন অংগ অৰুণাচলৰ ওপৰত নতুনকৈ দাবী উত্থাপন কৰা চীনৰ শেহতীয়া পদক্ষেপ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য দিয়ে জয়শংকৰে ।