পাকিস্তান সীমান্তত যুদ্ধাভ্যাসৰ বাবে ভাৰতে NOTAM অৰ্থাৎ Air Mission System লৈ জাননী জাৰি কৰিছে । দেশৰ ২৪৪খন জিলাত ৭ মে’ত মক ড্ৰিল অনুষ্ঠিত হ’ব । আচলতে NOTAM হৈছে এনে এখন জাননী য’ত যিকোনো বিমান পৰিবহণৰ সুবিধা, সেৱা, প্ৰক্ৰিয়া বা বিপদৰ প্ৰতিষ্ঠা, অৱস্থা বা পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য থাকে । ৭ মে’ত পাকিস্তানৰ সীমান্তৱৰ্তী বহু জিলাতো মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে, এনে পৰিস্থিতিত ভাৰতে ইতিমধ্যে NOTAM জাৰি কৰিছে । বুধবাৰে যদি এয়াৰ ড্ৰিল কৰা হয় তেন্তে পাকিস্তান সীমান্তৰ সমীপৰ বিমানবন্দৰত বিমান সেৱা বন্ধ হৈ থাকিব পাৰে ।
সমগ্ৰ দেশতে মক ড্ৰিলৰ প্ৰস্তুতি-
পহলগামত ২৬ জন নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছতে সমগ্ৰ দেশতে ক্ষোভৰ জুই বিয়পি পৰিছে । লগতে সমগ্ৰ বিশ্বই এই ঘটনাক তীব্ৰ গৰিহণা দিছে । এই ঘটনাৰ পিছৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে আৰু ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পাছতে গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ম’ক ড্ৰিল কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত থাকিব বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন, নিয়ন্ত্ৰণ কক্ষ, বায়ুসেনাৰ সৈতে হটলাইন, আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ পৰীক্ষা কৰা ।
এই মক ড্ৰিলত ব্লেকআউট আৰু বিমান আক্ৰমণৰ ক্ষেত্ৰত জৰুৰীকালীন খালী কৰাৰো অভ্যাস কৰা হ’ব । দিল্লী, মুম্বাই, বেংগালুৰু আদি বহু সৰু-বৰ চহৰত বিদ্যুৎ কেন্দ্ৰ, কাৰখানা আৰু ৰাজহুৱা পৰিকাঠামো লুকুৱাই ৰখাৰ অনুশীলন অনুষ্ঠিত হ’ব । উল্লেখ্য য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাক প্ৰতিশোধ ল’বলৈ স্বাধীনতা প্ৰদান কৰিছে ।