পেহেলগাম আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ উত্তেজনা তুংগত উঠিছে । ইয়াৰ মাজতে ভাৰত আৰু ফ্ৰান্সে সোমবাৰে দিল্লীত ২৬খন ৰাফেল সামুদ্ৰিক যুদ্ধ বিমানৰ বাবে ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তিত ভাৰতীয় পক্ষক প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে, আনহাতে নৌসেনাৰ ভাইচ চিফ অৱ দ্য নেভেল ষ্টাফৰ ভাইচ এডমিৰেল কে স্বামীনাথনো উপস্থিত থাকে । ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও ব্যক্তিগত কাৰণত তেওঁ ভ্ৰমণ বাতিল কৰিবলগীয়া হয় । অৱশ্যে চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।
২০২৩ চনৰ জুলাই মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবেচনা আৰু মূল্যায়নৰ অন্তত মেগা অধিগ্ৰহণৰ বাবে প্ৰাৰম্ভিক অনুমোদন দিছিল । এই চুক্তিৰ অধীনত ভাৰতীয় নৌসেনাই ৰাফেল (মেৰিন) জেট বিমান নিৰ্মাতা ডেচল্ট এভিয়েশনৰ পৰা অস্ত্ৰ ব্যৱস্থা আৰু অতিৰিক্ত অংশকে ধৰি আনুষংগিক সহায়ক সঁজুলিও লাভ কৰিব ।
মেৰিন ৰাফেল যুঁজাৰু বিমানসমূহক আই এন এছ বিক্ৰান্ত পৰা পৰিচালিত হ’ব আৰু ই বৰ্তমানৰ মিগ-২৯কে ফ্লীটৰ পৰিপূৰক হিচাপে কাম কৰিব । ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ২০১৬ চনত অধিগ্ৰহণ কৰা ৩৬খন ৰাফেল জেটৰ ফ্লীট পৰিচালনা কৰি আছে । এই বিমানসমূহ আম্বালা আৰু হাছিমাৰাত অৱস্থিত । এই নতুন চুক্তিয়ে ভাৰতত মুঠ ৰাফেল জেট বিমানৰ সংখ্যা ৬২ লৈ বৃদ্ধি কৰিব, যাৰ ফলত দেশৰ ৪.৫ প্ৰজন্মৰ যুদ্ধ বিমানৰ বহৰ যথেষ্ট বৃদ্ধি পাব । ভাৰতীয় বিমানবাহী জাহাজ বিশেষকৈ আই এন এছ বিক্ৰান্তত নিয়োগ কৰাৰ বাবে ২৬খন ৰাফেল মেৰিন যুঁজাৰু বিমানৰ বিশেষ প্ৰয়োজনীয়তা আছে ।
উল্লেখ্য যে, ২০২৯ চনৰ ভিতৰত এই বিমানৰ প্ৰথম ডেলিভাৰীৰ আশা কৰা হৈছে । লগতে ২০৩১ চনৰ ভিতৰত সম্পূৰ্ণ ডেলিভাৰীৰ সম্ভাৱনা আছে ।
মেৰিন ৰাফেলৰ বৈশিষ্ট্য-
-ৰাফেল মেৰিনে যুদ্ধ বিমানে এক মিনিটত ১৮ হাজাৰ মিটাৰ উচ্চতালৈ যাব পাৰে ।
-পাকিস্তানৰ হাতত থকা এ-১৬ বিমান আৰু চীনৰ জে-২০ বিমানতকৈ ৰাফেল উন্নত । এই বিমানসমূহে নিজৰ উৰণ স্থানৰ পৰা ৩৭০০ কিলোমিটাৰ দূৰত্বলৈকে আক্ৰমণ কৰিব পাৰে ।
-ইয়াক বিশেষভাৱে বিমানবাহী যুদ্ধজাহাজৰ বাবে ডিজাইন কৰা হৈছে । ই শত্ৰুৰ ৰাডাৰক ধূলি দিবলৈ সক্ষম । অত্যন্ত ঠাণ্ডা বতৰতো হিমালয়ৰ ওপৰত ৰাফেল বিমান উৰিব পাৰে ।
– ৰাফেল মেৰিন বিমানৰ ওজন ৰাফেলতকৈ অলপ বেছি । তথ্য অনুসৰি এই যুদ্ধ বিমানৰ ওজন প্ৰায় ১০,৩০০ কিলোগ্ৰাম ।
-ইয়াৰ সৰ্বোচ্চ গতি ঘন্টাত ১,৯১২ কিলোমিটাৰ । এই বিমানৰ কম্বেট ৰেঞ্জ ১,৮৫০ কিলোমিটাৰ । ই সৰ্বোচ্চ ৫১,৯৫২ ফুট উচ্চতালৈ উৰিব পাৰে ।