আকাশমাৰ্গত অধিক শক্তিশালী হ’ব ভাৰত; ১১৪খন অত্যাধুনিক ৰাফেল বিমান ক্ৰয়ৰ বৃহৎ সিদ্ধান্ত

ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল যুদ্ধ বিমানৰ মেগা চুক্তি সন্দৰ্ভত ভাল খবৰ প্ৰকাশ পাইছে । ডি এ চিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত এই চুক্তিত অনুমোদন জনায় ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ দিল্লী ভ্ৰমণৰ পূৰ্বে ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল যুদ্ধ বিমানৰ মেগা চুক্তি সন্দৰ্ভত ভাল খবৰ প্ৰকাশ পাইছে । বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ বাবে ১১৪খন মেক-ইন-ইণ্ডিয়া ৰাফেল যুদ্ধ বিমানত অনুমোদন জনায় । ভাৰতত নিৰ্মাণ হ’বলগীয়া ফ্ৰান্সৰ যুঁজাৰু বিমানৰ বাবে এই চুক্তিৰ মুঠ মূল্য প্ৰায় ৩.২৫ লাখ কোটি হ’ব, যি এতিয়ালৈকে বিশ্বৰ অন্যতম বৃহৎ প্ৰতিৰক্ষা চুক্তি । ডিফেন্স এক্সিজিচন কাউন্সিলে (ডি এ চি) এখন গুৰুত্বপূৰ্ণ বৈঠকত এই চুক্তিত অনুমোদন জনায় ।

প্ৰস্তাৱত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন-

যোৱা মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা ক্ৰয় ব’ৰ্ডে বায়ুসেনাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল, যিটো যিকোনো প্ৰতিৰক্ষা চুক্তিৰ প্ৰথম পদক্ষেপ । ডি এ চিৰ পিছত এই প্ৰকল্প বিত্ত মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত কেবিনেট কমিটী অন ছিকিউৰিটিৰ হাতলৈ যাব । এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ ভিতৰত ১৬খন ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ সম্ভাৱনা আছে । এই ১১৪খন ৰাফেল যুদ্ধ বিমানে বায়ুসেনাৰ ৫-৬টা স্কোৱাড্ৰন গঠন কৰিব । ভাৰতীয় বায়ুসেনাৰ এটা স্কোৱাড্ৰন ১৮-২০খন যুদ্ধ বিমানেৰে গঠিত । এই চুক্তি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অহা সপ্তাহত (১৭-১৯ ফেব্ৰুৱাৰী) ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে লোৱা হৈছে । পূৰ্বৰ দুখন ৰাফেল যুঁজাৰু বিমান চুক্তিৰ দৰেই এয়াও চৰকাৰৰ পৰা চৰকাৰলৈ চুক্তি হ’ব ।

ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান নিৰ্মাণৰ প্ৰস্তাৱ-

২০১৬ চনত ভাৰতে ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ৩৬খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লয়, যাৰ মুঠ ব্যয় আছিল প্ৰায় ৫৯,০০০ কোটি । যোৱা বছৰৰ এপ্ৰিল মাহত ভাৰতে নৌসেনাৰ বাবে ৰাফেল যুদ্ধ বিমানৰ সাগৰীয় সংস্কৰণ ৰাফেল (এম) ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল । এই ৰাফেল (এম) যুঁজাৰু বিমানসমূহ থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত নিয়োগ কৰা হ’ব । স্কোৱাড্ৰনৰ আকাৰ হ্ৰাস পোৱাৰ বাবে ভাৰতীয় বায়ুসেনাই প্ৰতিৰক্ষা মন্ত্ৰালয়ক ১১৪খন ৰাফেল (ৰাফেল) যুদ্ধ বিমান ঘৰুৱাভাৱে নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰে । পূৰ্বৰ ৰাফেল চুক্তিৰ দৰেই এই চুক্তিও হ’ব G2G চুক্তি । এই চুক্তিৰ পিছতে ৰাফেল নিৰ্মাণ কৰা ফ্ৰান্সৰ কোম্পানী ডাছ’ল্টে ভাৰতত এটা থলুৱা কোম্পানীৰ সৈতে এটা উৎপাদন কাৰখানা স্থাপন কৰিব । ভাৰতত উৎপাদিত থলুৱা ৰাফেল যুদ্ধ বিমানত প্ৰায় ৬০% থলুৱা অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি থাকিব ।

মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত, ভাৰতীয় বায়ুসেনাৰ বৰ্তমানৰ ৰাফেল যুদ্ধ বিমানসমূহৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা কাৰ্যকৰী সামৰ্থৰ বাবে ফ্ৰান্সৰ এই যুঁজাৰু বিমান নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে । বুধবাৰে বায়ুসেনাৰ ভাইচ চিফ এয়াৰ মাৰ্শ্বাল নাগেশ কাপুৰে ৰাফেলক অপাৰেচন সিন্দুৰৰ নায়ক আখ্যা দিয়ে । বায়ুসেনাত অধিক সংখ্যক ৰাফেলৰ আশা প্ৰকাশ কৰে তেওঁ । অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাই পহলগাম হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ ৰাফেল যুঁজাৰু বিমান ব্যৱহাৰ কৰি পাকিস্তানৰ পৰা অপাৰেচন কৰা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংস কৰে ।

লগতে পঢ়ক : চৰকাৰী কাৰ্যসূচীত বাধ্যতামূলক হ’ল ‘বন্দে মাতৰম’; কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনা

গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব ভাৰতৰ শক্তি ! ফ্লাইপাষ্টত গৰজিব ৰাফেল আৰু চুখই-৩০

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু সমগ্ৰ দেশ । পেৰেডত প্ৰদৰ্শিত হ’ব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক শক্তি, বৈজ্ঞানিক প্ৰগতি আৰু আত্মনিৰ্ভৰ ভাৰত ।

২৬ জানুৱাৰীত সমগ্ৰ দেশে অতি উৎসাহেৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ সাজু হৈছে । এই দিনটো ভাৰতৰ ইতিহাসত বিশেষ কাৰণ ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান বলবৎ হৈছিল যিয়ে ভাৰতক সাৰ্বভৌম, গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে । ই কেৱল ৰাষ্ট্ৰীয় উৎসৱ নহয়, সংবিধান, গণতন্ত্ৰ, নাগৰিক অধিকাৰৰ প্ৰতি সন্মানৰো প্ৰতীক ।

প্ৰতি বছৰৰ দৰেই এইবাৰো ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ বৃহৎ পেৰেড । এই পেৰেডত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক শক্তি, বৈজ্ঞানিক প্ৰগতি আৰু আত্মনিৰ্ভৰ ভাৰত প্ৰদৰ্শিত হ’ব ।

গণৰাজ্য দিৱস ২০২৬ৰ পেৰেডৰ সময় আৰু স্থান-

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ নেতৃত্ব দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’ব এই পেৰেড । পুৱাৰে পৰা দৰ্শকৰ বাবে প্ৰৱেশ আৰম্ভ হ’ব । পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই পেৰেড পুৱা ১০:৩০ বজাৰ পৰা দূৰদৰ্শন আৰু অন্যান্য সংবাদ মাধ্যমত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । পুৱা ৭ বজাত সাধাৰণ ৰাইজৰ বাবে প্ৰৱেশদ্বাৰ মুকলি কৰা হ’ব ।

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বায়ুসেনাৰ ফ্লাইপাষ্ট আৰু ‘সিন্দুৰ’ ফৰ্মেচন-

ভাৰতীয় বায়ুসেনাৰ এক গ্ৰেণ্ড ফ্লাইপাষ্টৰ জৰিয়তে গণৰাজ্য দিৱস উদযাপনৰ সামৰণি পৰিব । এইবাৰ বায়ুসেনাই প্ৰদৰ্শন কৰিব বিশেষ ‘সিন্দুৰ’ ফৰ্মেচন, যিটো অপাৰেচন সিন্দুৰৰ সৈতে জড়িত যুদ্ধ বিমানৰ ওপৰত ভিত্তি কৰি গঠন কৰা হ’ব । এই গঠনে ভাৰতৰ বায়ু শক্তি, প্ৰযুক্তিগত সামৰ্থ্য আৰু প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা প্ৰদৰ্শন কৰিব । এই ফ্লাইপাষ্টত ৰাফেল, চুখয়-৩০, মিগ-২৯, জাগুৱাৰৰ দৰে অত্যাধুনিক যুদ্ধ বিমান অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে দৰ্শকক দৰ্শনীয় আকাশী কৌশলেৰে ৰোমাঞ্চিত কৰিব ।

উন্নত আৰু বৈচিত্ৰ্যপূৰ্ণ ভাৰত প্ৰদৰ্শন-

গণৰাজ্য দিৱস পেৰেড ২০২৬ত মুঠ ৩০টা টেবলিও অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ ভিতৰত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ টেবলিও  অন্তৰ্ভুক্ত হ’ব, আনহাতে ১৩টা বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু সেৱাই উপস্থাপন কৰিব । এই টেবুলসমূহত অসমৰ টেৰাকোটা কলা, মণিপুৰৰ কৃষি প্ৰগতি, হিমাচল প্ৰদেশৰ দেৱভূমি পৰিচয়, ভাৰতীয় বায়ুসেনাৰ বিশেষ টেবুল আদি প্ৰদৰ্শন কৰা হ’ব । টেবুলসমূহৰ সামগ্ৰিক বিষয়বস্তু হৈছে “স্বাধীনতাৰ মন্ত্ৰ : বন্দে মাতৰম” আৰু “সমৃদ্ধিৰ মন্ত্ৰ: আত্মনিৰ্ভৰশীল ভাৰত ।”

২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি-

এইবাৰ ইউৰোপীয় সংঘৰ শীৰ্ষ নেতৃত্বক ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েন এই অনুষ্ঠানত উপস্থিত থাকিব ।

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান-

গণৰাজ্য দিৱসৰ পৰম্পৰা অুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আৰম্ভণি কৰি ব। ইয়াৰ পিছত তেওঁ কৰ্তব্য পথৰ চেলুটিং মঞ্চলৈ গৈ পেৰেড পৰিদৰ্শন কৰিব ।

সমাজৰ বিভিন্ন শ্ৰেণীৰ অংশগ্ৰহণ-

এইবাৰ গণৰাজ্য দিৱস উদযাপনত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত আছে পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপৰ বিজয়ী, প্ৰাকৃতিক কৃষি চৰ্চা কৰা কৃষক, পি এম-স্মাইল আঁচনিৰ অধীনত পুনৰ সংস্থাপিত ব্যক্তি, গগণযান আৰু চন্দ্ৰযানৰ দৰে ইছৰোৰ মিছনত জড়িত বিজ্ঞানী ।

উল্লেখ্য যে, ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰিব । অল ইণ্ডিয়া ৰেডিঅ’ৰ সকলো ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু সকলো দূৰদৰ্শন চেনেলত প্ৰথমে হিন্দী আৰু তাৰ পিছত ইংৰাজীত সম্প্ৰচাৰ কৰা হ’ব এই ভাষণ । আঞ্চলিক ভাষাতো এই ভাষণ সম্প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক : ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ অধ্যক্ষ, মুক্ত বাণিজ্য আৰু প্ৰতিৰক্ষা চুক্তিত লাগিব মোহৰ

আকাশত গৰজিব ৰাফেল আৰু তেজছে… ভাৰতীয় সেনাৰ বৃহৎ প্ৰস্তুতি

ভাৰতীয় সেনাৰ বৃহৎ প্ৰস্তুতি

ভাৰতীয় বায়ুসেনাই ১৩ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ উত্তৰ-পূব ভাৰতত বৃহৎ পৰিসৰৰ সামৰিক অনুশীলন চলোৱাৰ কথা । চীন, ভূটান, ম্যানমাৰ, বাংলাদেশৰ সৈতে ভাৰতৰ সীমান্তৰ সমীপৰ স্পৰ্শকাতৰ অঞ্চলত এই অনুশীলন অনুষ্ঠিত হ’ব । চুখই-৩০ এম কে আই, ৰাফেল, মিৰাজ-২০০০, তেজছ আৰু জাগুৱাৰৰ দৰে যুদ্ধ বিমানে এই অনুশীলনত অংশগ্ৰহণ কৰিব, লগতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ইনিফাইড ডিফেন্স চিষ্টেমেও অংশগ্ৰহণ কৰিব ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় বায়ুসেনাই অসামৰিক বিমানৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উত্তৰ-পূব অঞ্চল সামৰি NOTAM (Notice to Airmen) জাৰি কৰিছে । অৰ্থাৎ এই সময়ছোৱাত কেইবাটাও আকাশমাৰ্গ অঞ্চলত অসামৰিক বিমানসমূহ ডাইভাৰ্ট কৰা হ’ব বা সীমিতভাৱে চলিব । এই সামৰিক অনুশীলনৰ লক্ষ্য হৈছে বায়ু আৰু স্থল বাহিনীৰ মাজত সংযুক্ত প্ৰতিক্ৰিয়া অনুশীলনকে ধৰি সীমান্ত অঞ্চলত সামৰ্থ্য পৰীক্ষা কৰা আৰু চাইবাৰ আৰু ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰা ।

এই যুদ্ধাভ্যাস এনে এটা সময়ত হৈছে যেতিয়া বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰ আৰু ভাৰতৰ সম্পৰ্কত জটিলতাই দেখা দিছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত শেহতীয়াকৈ অন্তৱৰ্তীকালীন নেতা মহম্মদ ইউনুছে উত্তৰ-পূব ভাৰতক সাঙুৰি এখন ভুল মানচিত্ৰ শ্বেয়াৰ কৰিছিল । প্ৰথমে পাকিস্তানী সেনাৰ জেনেৰেলৰ সৈতে আৰু পিছলৈ তুৰ্কীৰ প্ৰতিনিধি দলৰ সৈতে এই মানচিত্ৰ শ্বেয়াৰ কৰিছিল ইউনুছে । নতুন দিল্লীয়ে ইউনুছৰ এই ধৃষ্টতাক এক গুৰুতৰ কৌশলগত প্ৰত্যাহ্বান হিচাপে চাইছে ।

ইউনুছে চীনক বাংলাদেশৰ সৈতে আলোচনা সম্প্ৰসাৰণৰ বাবে আমন্ত্ৰণ জনাই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক লেণ্ডলক আখ্যা দি শিলিগুৰি কৰিডৰৰ সংবেদনশীলতাক আন্তৰ্জাতিক আলোচনালৈ আনিছিল, যাক চিকেনছ নেক বুলিও কোৱা হয় । গতিকে উত্তৰ-পূবত ভাৰতীয় বায়ুসেনাৰ এই অনুশীলন কেৱল প্ৰতিৰক্ষা প্ৰস্তুতিৰ অংশই নহয়, ভাৰতে কোনো কাৰণতে নিজৰ সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰাৰ স্পষ্ট ৰাজনৈতিক বাৰ্তাও ।

পশ্চিম সীমান্তত অপাৰেচন ত্ৰিশূল ২০২৫-

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ পশ্চিম সীমান্তত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ যৌথ সামৰিক অনুশীলন ত্ৰিশুল ২০২৫ জাৰি আছে । ৩০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন গুজৰাট আৰু ৰাজস্থানৰ বিস্তৃত অঞ্চল সামৰি ১০ নৱেম্বৰলৈকে চলি থকাৰ কথা । মূল কেন্দ্ৰবিন্দু এলেকাসমূহ হ’ল কচ্চ আৰু ছাৰ ক্ৰিক সীমান্ত অঞ্চল, য’ত ভাৰত আৰু পাকিস্তানৰ মাজত বাৰে বাৰে উত্তেজনা সৃষ্টি হৈছে । এই অনুশীলনৰ সময়ত ভাৰতীয় বাহিনীয়ে যৌথ অভিযান, বাস্তৱ সময়ৰ তথ্য বিনিময় আৰু যুদ্ধৰ সমন্বয়ত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰে ।

উল্লেখ্য যে, অনুশীলন ত্ৰিশূল ২০২৫ত টি-৯০ টেংক, প্ৰচণ্ড হেলিকপ্টাৰ, আকাশ মিছাইল চিষ্টেম, ব্ৰাহ্মছ ছুপাৰছনিক মিছাইল, ৰাফেল আৰু ছুখই-৩০ এম কে আইকে ধৰি বিভিন্ন ধৰণৰ সামৰিক সঁজুলি আৰু অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে । লগতে চোৰাংচোৱাগিৰিৰ বাবে নিয়োগ কৰা হৈছে ছি গাৰ্ডিয়ান আৰু হেৰন ড্ৰোন । পশ্চিম উপকূলত মোতায়েন কৰা হৈছে কলকাতা আৰু নীলগিৰি শ্ৰেণীৰ যুদ্ধ জাহাজ । এই অনুশীলনক অপাৰেচন সিন্দুৰৰ পিছত ভাৰতীয় সেনাৰ সৰ্ববৃহৎ সামৰিক কাৰ্যকলাপ বুলি গণ্য কৰা হৈছে, আৰু ইয়াৰ লক্ষ্য হৈছে তিনিওটা সশস্ত্ৰ বাহিনীৰ মাজত যৌথ অভিযানৰ সামৰ্থ্য উন্নীত কৰা ।

লগতে পঢ়ক : যুদ্ধ বিমানৰ শব্দত কঁপিব গুৱাহাটী; বৰলুইতৰ ওপৰত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

ভাৰতত নিৰ্মাণ কৰা হ’ব ৰাফেল;ফ্ৰান্সৰ ডাছল্টে টাটাৰ সৈতে মিলালে হাত

ভাৰতত নিৰ্মাণ কৰা হ’ব ৰাফেল

ভাৰতৰ মহাকাশ উদ্যোগক নতুন উচ্চতালৈ লৈ যোৱা এক বৃহৎ অংশীদাৰিত্বৰ উন্মেষ ঘটিছে। ফ্ৰান্সৰ আগশাৰীৰ প্ৰতিৰক্ষা কোম্পানী ডাছল্ট এভিয়েশন আৰু ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেডে ৰাফেল যুদ্ধ বিমান নিৰ্মাণক লৈ চাৰিটা উৎপাদন হস্তান্তৰ চুক্তি স্বাক্ষৰিত হৈছে।

ইয়াৰ অধীনত যুদ্ধ বিমানখনৰ সমগ্ৰ ফিউজেজ অৰ্থাৎ গঠন এতিয়া ভাৰততে নিজেই নিৰ্মাণ কৰা হ’ব।এই চুক্তিয়ে দেশৰ প্ৰতিৰক্ষা উৎপাদন ক্ষমতাও শক্তিশালী কৰাৰ লগতে ভাৰতক গ্ল’বেল এৰ’স্পেচ চাপ্লাইজ  শৃংখলাটোত এক গুৰুত্বপূৰ্ণ কৰিব।

এই অংশীদাৰিত্বৰ অধীনত টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত অত্যাধুনিক উৎপাদন সুবিধা স্থাপন কৰিব, য’ত যুদ্ধ বিমানখনৰ প্ৰধান অংশ যেনে পিছফালৰ ফিউজেজৰ পাৰ্শ্বীয় শেল্স, পিছফালৰ সমগ্ৰ ভাগ, মাজৰ ফিউজেজ, আৰু সন্মুখৰ অংশ সমূহ নিৰ্মাণ কৰা হ’ব।

ডাছল্ট এভিয়েশনে ষ্টক এক্সচেঞ্জক দিয়া এক বিবৃতিত কয় যে, ‘এই সুবিধা ভাৰতৰ মহাকাশ আন্তঃগাঁথনিত এক বৃহৎ বিনিয়োগ আৰু উচ্চ নিখুঁত উৎপাদনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিব।”

২০২৮ চনৰ ভিতৰত সাজু হ’ব যুঁজাৰু বিমানৰ প্ৰথমটো গঠন

ডাছল্টৰ সৈতে হোৱা চুক্তিৰ অধীনত টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত শেহতীয়া প্ৰযুক্তিৰে সজ্জিত এটা প্লাণ্ট স্থাপন কৰিব।ৰাফেলৰ মূল গাঁথনিগত অংশসমূহ এই টাটা উদ্যোগত নিৰ্মাণ কৰা হ’ব।

সূত্ৰ অনুসৰি ২০২৮ চনৰ ভিতৰত এই উৎপাদন কাৰখানাৰ পৰা ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো গঠন সাজু হ’ব।ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হ’ব ৰাফেলৰ গাঁথনি।

‘ভাৰতত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ ক্ষমতা বৃদ্ধি পাব’

ডাছল্ট এভিয়েশনৰ এৰিক ট্ৰেপিয়াৰে কয়, ‘ভাৰতত আমাৰ যোগান শৃংখল শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ এক নিৰ্ণায়ক পদক্ষেপ।

ভাৰতীয় মহাকাশ উদ্যোগকে ধৰি আমাৰ স্থানীয় অংশীদাৰসকলৰ সম্প্ৰসাৰণৰ বাবে ধন্যবাদ।এই যোগান শৃংখলে ৰাফেলৰ সফল ৰেম্প আপত অৰিহণা যোগাব।

ইয়াৰ ফলত ভাৰতত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ ক্ষমতা বৃদ্ধি পাব আৰু স্থানীয় অভিযন্তাসকলে বিশ্বমানৰ প্ৰযুক্তি শিকাৰ সুযোগ পাব।

এই সন্দৰ্ভত টাটা এডভান্সড চিষ্টেমছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া সুকৰণ সিঙে কয় যে, “এই চুক্তি ভাৰতৰ এয়াৰস্পেচ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ।

এই চুক্তিয়ে দেখুৱাইছে যে ভাৰতৰ প্ৰযুক্তিয়ে বিশ্বব্যাপী প্লেটফৰ্মসমূহক সমৰ্থন কৰিব পাৰে।”ইতিমধ্যে টাটা গ্ৰুপ আৰু ডাছল্টে একেলগে কাম কৰি ৰাফেল আৰু মিৰাজ ২০০০ৰ দৰে বিমানৰ বাবে উপাদান নিৰ্মাণ কৰিছে।

লগতে পঢ়ক: RCB ৰ বিজয় পেৰেডত ১১ জনৰ মৃত্যু: চৰকাৰৰ পৰা ন্যায়ালয়ে বিচাৰিলে উত্তৰ

নিশা মাজ আকাশত আই এ এফৰ গোজৰণি!গংগা এক্সপ্ৰেছৱেত অৱতৰণ ৰাফেল-ছুখয় আৰু জাগুয়াৰ

ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰে নিশা (২ মে’) গংগা এক্সপ্ৰেছৱেত সৃষ্টি কৰিলে এক নতুন ইতিহাস।প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত নিশা বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমানে এক্সপ্ৰেছৱেত নিৰ্মিত বিশেষ ৰাণৱেত সফল অৱতৰণ কৰি দেশখনে গৌৰৱ অনুভৱ কৰিছিল।

এই ক্ষণৰ সাক্ষী হ’বলৈ ওচৰৰ যথেষ্ট সংখ্যক লোক আহিছিল আৰু ভাৰতৰ সামৰিক শক্তিৰ লাইভ প্ৰদৰ্শন দেখি গৌৰৱ অনুভৱ কৰিছিল।

নিশা প্ৰায় ৯ বজাত গগন চুম্বি শব্দৰ সৈতে ৰাফেল, ছুখয়-৩০ এম কে আই আৰু ছুপাৰ হাৰকিউলিছৰ দৰে শক্তিশালী যুদ্ধ বিমানে আন্ধাৰ আকাশখনৰ ওপৰেৰে উৰি যায় আৰু তাৰ পিছত ই এক্সপ্ৰেছৱেৰ ষ্ট্ৰিপটো স্পৰ্শ কৰিবলৈ ধৰিলে, একেদৰে তাত উপস্থিত থকা হাজাৰ হাজাৰ লোকৰ মাজতো এক উৎসাহৰ ঢৌ বিয়পি পৰিল।

গংগা এক্সপ্ৰেছৱে উত্তৰ প্ৰদেশৰ এক অভিলাষী প্ৰকল্প, ইয়াৰ দৈৰ্ঘ্য ৫৯৪ কিলোমিটাৰ আৰু ই মেৰুটৰ পৰা প্ৰয়াগৰাজলৈকে বিস্তৃত হ’ব।

ইয়াৰ ভিতৰত শ্বাহজাহানপুৰৰ সমীপত ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপ নিৰ্মাণ কৰা হৈছে।যিটো বায়ুসেনাৰ বিমানে জৰুৰীকালীন অৱস্থাত উৰণ আৰু অৱতৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

এই সুবিধা দেশৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ।

পাকিস্তানৰ বাবে এতিয়া নাই ৰেহাই, ৰাফেলত স্থাপন কৰা হ’ল ব্ৰহ্মছ-এন জি ক্ষেপণাস্ত্ৰ

দিনে দিনে ভয় বাঢ়িছে পাকিস্তানৰ। প্ৰথমতে ৰাফেল যুঁজাৰু বিমানৰ বাবে।এতিয়া ইয়াত বিপজ্জনক ব্ৰহ্মছ-এন জি (Next Generation) সংস্থাপন কৰিবলৈ গৈ আছে।

ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই তেওঁলোকৰ ৰাফেল বিমানত থলুৱা ব্ৰহ্মছ-এন জি (Next Generation) ছুপাৰছনিক ক্ৰুজ মিছাইল স্থাপন কৰিবলৈ ওলাইছে।

ৰাফেল নিৰ্মাতা কোম্পানী ডাছল্ট এভিয়েশনে ভাৰতৰ থলুৱা অস্ত্ৰ-শস্ত্ৰ ব্যৱস্থাৰ সংহতিৰ দাবী গ্ৰহণ কৰিছে, যিয়ে ভাৰতত ৰাফেলৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব।

লক্ষ্ণৌত নতুন উৎপাদন কেন্দ্ৰৰ সৈতে ২০২৬ চনত ব্ৰহ্মছ-এন জিৰ পৰীক্ষণ আৰম্ভ হ’ব।এই ক্ষেপণাস্ত্ৰই ৰাফেল, সুখয়-৩০ এম কে আই আৰু তেজছ এম কে ১ এৰ বাবে ভাৰতৰ আকাশ শক্তিৰ ভিত্তি গঠন কৰিব।

এই মিছাইলৰ মূল বৈশিষ্ট্যসমূহ হ’ল যে ইয়াৰ ওজন ১.৩–১.৪ টন,৬ মিটাৰ দীঘল আৰু ৫০ চে.মি. ব্যাসৰ—ই ইয়াৰ পূৰ্বৰ তুলনাত ৫০% লঘু আৰু ৩ মিটাৰ চুটি।

২৯০ কিলোমিটাৰ ৰেঞ্জ আৰু ৩.৫(৪১৭০ কিলোমিটাৰ প্ৰতি ঘণ্টা) গতিবেগ, মেক, যিয়ে ইয়াক মাৰাত্মক কৰি তোলে।ইয়াক আকাশ, স্থল, সাগৰ আৰু চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰিব পৰা।

ব্ৰহ্মছ-এন জিৰ ২৯০ কিলোমিটাৰ দূৰত্ব আৰু ছুপাৰছনিক গতিবেগে ৰাফেলক শত্ৰুৰ জাহাজ আৰু নিৰাপদ দূৰত্বৰ পৰা স্থল লক্ষ্যক সুৰক্ষিত কৰি লোৱাৰ ক্ষমতা দিব, যিটো বেছিভাগ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ বহু দূৰত।

এই পদক্ষেপ ভাৰতৰ কৌশলৰ সৈতে মিল আছে, যিয়ে ৰাফেলৰ ডাঙৰ আৰু অধিক মাৰাত্মক কৰি তুলিব।

ভাৰতে লাভ কৰিব ২৬খন ৰাফেল সামুদ্ৰিক যুদ্ধ বিমান… ফ্ৰান্সৰ সৈতে ৬৩০০০ কোটি টকাৰ চুক্তি

পেহেলগাম আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ উত্তেজনা তুংগত উঠিছে । ইয়াৰ মাজতে ভাৰত আৰু ফ্ৰান্সে সোমবাৰে দিল্লীত ২৬খন ৰাফেল সামুদ্ৰিক যুদ্ধ বিমানৰ বাবে ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তিত ভাৰতীয় পক্ষক প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে, আনহাতে নৌসেনাৰ ভাইচ চিফ অৱ দ্য নেভেল ষ্টাফৰ ভাইচ এডমিৰেল কে স্বামীনাথনো উপস্থিত থাকে । ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও ব্যক্তিগত কাৰণত তেওঁ ভ্ৰমণ বাতিল কৰিবলগীয়া হয় । অৱশ্যে চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।

২০২৩ চনৰ জুলাই মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবেচনা আৰু মূল্যায়নৰ অন্তত মেগা অধিগ্ৰহণৰ বাবে প্ৰাৰম্ভিক অনুমোদন দিছিল । এই চুক্তিৰ অধীনত ভাৰতীয় নৌসেনাই ৰাফেল (মেৰিন) জেট বিমান নিৰ্মাতা ডেচল্ট এভিয়েশনৰ পৰা অস্ত্ৰ ব্যৱস্থা আৰু অতিৰিক্ত অংশকে ধৰি আনুষংগিক সহায়ক সঁজুলিও লাভ কৰিব ।

মেৰিন ৰাফেল যুঁজাৰু বিমানসমূহক আই এন এছ বিক্ৰান্ত পৰা পৰিচালিত হ’ব আৰু ই বৰ্তমানৰ মিগ-২৯কে ফ্লীটৰ পৰিপূৰক হিচাপে কাম কৰিব । ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ২০১৬ চনত অধিগ্ৰহণ কৰা ৩৬খন ৰাফেল জেটৰ ফ্লীট পৰিচালনা কৰি আছে । এই বিমানসমূহ আম্বালা আৰু হাছিমাৰাত অৱস্থিত । এই নতুন চুক্তিয়ে ভাৰতত মুঠ ৰাফেল জেট বিমানৰ সংখ্যা ৬২ লৈ বৃদ্ধি কৰিব, যাৰ ফলত দেশৰ ৪.৫ প্ৰজন্মৰ যুদ্ধ বিমানৰ বহৰ যথেষ্ট বৃদ্ধি পাব । ভাৰতীয় বিমানবাহী জাহাজ বিশেষকৈ আই এন এছ বিক্ৰান্তত নিয়োগ কৰাৰ বাবে ২৬খন ৰাফেল মেৰিন যুঁজাৰু বিমানৰ বিশেষ প্ৰয়োজনীয়তা আছে ।

উল্লেখ্য যে, ২০২৯ চনৰ ভিতৰত এই বিমানৰ প্ৰথম ডেলিভাৰীৰ আশা কৰা হৈছে । লগতে ২০৩১ চনৰ ভিতৰত সম্পূৰ্ণ ডেলিভাৰীৰ সম্ভাৱনা আছে ।

মেৰিন ৰাফেলৰ বৈশিষ্ট্য-

-ৰাফেল মেৰিনে যুদ্ধ বিমানে এক মিনিটত ১৮ হাজাৰ মিটাৰ উচ্চতালৈ যাব পাৰে ।

-পাকিস্তানৰ হাতত থকা এ-১৬ বিমান আৰু চীনৰ জে-২০ বিমানতকৈ ৰাফেল উন্নত । এই বিমানসমূহে নিজৰ উৰণ স্থানৰ পৰা ৩৭০০ কিলোমিটাৰ দূৰত্বলৈকে আক্ৰমণ কৰিব পাৰে ।

-ইয়াক বিশেষভাৱে বিমানবাহী যুদ্ধজাহাজৰ বাবে ডিজাইন কৰা হৈছে । ই শত্ৰুৰ ৰাডাৰক ধূলি দিবলৈ  সক্ষম । অত্যন্ত ঠাণ্ডা বতৰতো হিমালয়ৰ ওপৰত ৰাফেল বিমান উৰিব পাৰে ।

– ৰাফেল মেৰিন বিমানৰ ওজন ৰাফেলতকৈ অলপ বেছি । তথ্য অনুসৰি এই যুদ্ধ বিমানৰ ওজন প্ৰায় ১০,৩০০ কিলোগ্ৰাম ।

-ইয়াৰ সৰ্বোচ্চ গতি ঘন্টাত ১,৯১২ কিলোমিটাৰ । এই বিমানৰ কম্বেট ৰেঞ্জ ১,৮৫০ কিলোমিটাৰ । ই সৰ্বোচ্চ ৫১,৯৫২ ফুট উচ্চতালৈ উৰিব পাৰে ।

গৰজি উঠিছে ৰাফেল, ছুখয় ! পেহেলগাম আক্ৰমণৰ পিছত বায়ুসেনাই আৰম্ভ কৰিছে যুদ্ধৰ অনুশীলন

পেহেলগামৰ ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।তাৰ মাজতে ভাৰতীয় বায়ুসেনাই ‘এক্সাৰচাইজ আটাক্ৰাম’, ২০১৯ৰ অধীনত এক বৃহৎ সামৰিক অনুশীলন আৰম্ভ কৰিছে, য’ত পাহাৰ আৰু স্থল লক্ষ্যত বিমান আক্ৰমণৰ অভ্যাস কৰা হৈছে।

বৰ্তমান কেন্দ্ৰীয় খণ্ডত চলি আছে যুদ্ধ অনুশীলন।এই অনুশীলনত বায়ুসেনাৰ পাইলটসকলে পাহাৰ আৰু স্থলত আক্ৰমণৰ অভ্যাস কৰি আছে।

সূত্ৰ অনুসৰি পূব খণ্ডৰ পৰা কেন্দ্ৰীয় খণ্ডৰ ফালে বায়ুসেনাৰ বহু সামগ্ৰী প্ৰেৰণ কৰা হৈছে। য’ত এই অনুশীলনৰ অধীনত দীঘলীয়া দূৰত্বলৈ গৈ শত্ৰুৰ স্থানত বোমা নিক্ষেপ কৰা হৈছে।

পাইলটসকলে বাস্তৱ যুদ্ধৰ পৰিস্থিতিত অনুশীলন কৰি আছে, যাৰ দ্বাৰা তেওঁলোকে যুদ্ধসদৃশ পৰিস্থিতিত কাম কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰে।

এই যুদ্ধ অনুশীলনৰ নাম দিয়া হৈছে ‘আক্ৰমণ’, যিয়ে ইয়াৰ উদ্দেশ্য স্পষ্ট কৰি দিছে।  ইয়াৰ অৰ্থ হ’ল আক্ৰমণ কৰা আৰু আক্ৰমণৰ ক্ষমতা শক্তিশালী কৰা।

এই সময়ত বায়ুসেনাৰ শীৰ্ষ বন্দুক পাইলটসকল সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু ইয়াক জ্যেষ্ঠ পৰ্যায়ৰ বিষয়াসকলে নিৰীক্ষণ কৰি আছে।স্থল আৰু পাহাৰৰ লক্ষ্যত নিখুঁত আক্ৰমণৰ বাবে পাইলটসকলক প্ৰশিক্ষণ দিয়া হৈছে।