বুধবাৰে নিশা ১.৩০ বজাত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে । তিনিওটা বাহিনীৰ যৌথ অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ চলোৱা হয় । ইয়াৰ ভিতৰত পাকিস্তান পঞ্জাৱৰ বাহাৱালপুৰত অৱস্থিত জৈছ-ই-মহম্মদ (JeM) আৰু মুৰিদকেত অৱস্থিত লস্কৰ-ই-তৈবা (LeT)ৰ মুখ্য কাৰ্যালয় আছে । ভাৰতীয় বাহিনীয়ে সংঘটিত কৰা এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটি লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰা ঠাইবোৰত এই আক্ৰমণ সংঘটিত হৈছিল ।
পাকিস্তানী সেনাৰ এগৰাকী মুখপাত্ৰই বি বি চিক দিয়া এক সাক্ষাৎকাৰত নিশ্চিত কৰিছে যে ভাৰতীয় বায়ুসেনাই বাহাৱালপুৰ আৰু মুৰিদকে লক্ষ্য কৰি লৈছিল । উল্লেখ্য যে জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় বাহাৱালপুৰত, যিটো ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ আই চি-৮১৪ বিমান অপহৰণৰ বিনিময়ত মুকলি কৰি দিয়া মাছুদ আজহাৰৰ দুৰ্গ হৈ আহিছে । এই সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰতত সংসদ ভৱন আক্ৰমণ(২০০১), জম্মু-কাশ্মীৰ বিধানসভা আক্ৰমণ (২০০০), পাঠানকোট এয়াৰবেছ আক্ৰমণ (২০১৬) আৰু পুলৱামা আত্মঘাতী আক্ৰমণ (২০১৯)দৰে কাণ্ডত জড়িত হৈ আহিছে ।
লাহোৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত মুৰিদকে হাফিজ ছইদৰ নেতৃত্বত গঠিত লস্কৰ-ই-তৈবাৰ দুৰ্গ হিচাপে পৰিগণিত হৈ আহিছে । এই সংগঠনটো ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু ভাৰতৰ অন্যান্য চহৰ যেনে বেংগালুৰু, হায়দৰাবাদ আৰু জম্মু-কাশ্মীৰতো সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত হৈ আহিছে । ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্ৰাসবাদী হাফিজ ছইদ ভাৰতৰ মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত ।
পাকিস্তানত বিমান আক্ৰমণৰ পিছত ভাৰতীয় সেনাক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য প্ৰকাশ পাইছে, তেওঁ লিখিছে – ‘ভাৰত মাতা কি জয়’ ।
এই অভিযানৰ সময়ত পাকিস্তানৰ সামৰিক সুবিধাসমূহ লক্ষ্য কৰা হোৱা নাছিল । এই কাৰ্য্যৰ প্ৰকৃত উদ্দেশ্য সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু চুবুৰীয়া দেশখনৰ সৈতে সংঘাত বৃদ্ধি কৰা নহয় । ভাৰতৰ ২৫৯টা স্থানত অনুষ্ঠিত হ’বলগীয়া ম’ক ড্ৰিলৰ কেইঘণ্টামান পূৰ্বে ভাৰতীয় বায়ুসেনাই এই আক্ৰমণ চলাই । এই আক্রমণ সন্দর্ভত চৰকাৰে দিয়া বক্তব্যৰ লগে লগে ভাৰতীয় সেনাই টুইট কৰি ন্যায় লাভ কৰা বুলি কয় ৷
প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, “কিছু সময়ৰ পূৰ্বে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল ।” বিবৃতিটোত কোৱা হৈছে যে মুঠ ৯ টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল । ইয়াত স্পষ্টকৈ কোৱা হৈছে যে আমাৰ কাৰ্য্য অপ্ৰৰোচনামূলক । কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে নিজৰ লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত সংযম অব্যাহত ৰাখিছে ।
একে সময়তে পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে আমি প্ৰতিবেদনৰ জৰিয়তে তথ্য লাভ কৰিছো, যদিও এই সময়ত আমাৰ হাতত কোনো তথ্য না ই। আমি ইয়াৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰি আছো ।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিওটা শক্তিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মুক্ত হাত দিছিল ।