শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে সিন্ধুজল সন্ধি স্থগিত ৰাখি পাকিস্তানৰ ফালে বৈ যোৱা পানী নিয়ন্ত্ৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।
সূত্ৰ অনুসৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ মথাউৰিৰ পানীৰ সোঁত বন্ধ কৰি দিয়াৰ লগতে ঝেলুমৰ উপনৈ কিষাংগংগা মথাউৰিতো শীঘ্ৰে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
বাগলীহাৰ বান্ধ (জম্মুৰ ৰামবান জিলাত) আৰু কিষাংগংগা বান্ধ (উত্তৰ কাশ্মীৰ)ৰ দ্বাৰা ভাৰতক পানীৰ সোঁতৰ সময় নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰা হয়।
দশক দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ দালালিত সিন্ধু নদী ব্যৱস্থাৰ জলভাগৰ ভাগ-বতৰা সম্পৰ্কে এখন চুক্তি স্বাক্ষৰ কৰে।
ইয়াৰ পূৰ্বেও পাকিস্তানে বাগলীহাৰ বান্ধ সন্দৰ্ভত বিশ্ব বেংকৰ পৰা মধ্যস্থতা বিচাৰিছিল, যি দুয়োখন দেশৰ মাজত বিতৰ্কৰ বিষয় হৈ পৰিছিল।
পাকিস্তানে কিষাংগংগা বান্ধ, সন্দৰ্ভতো আইনী আৰু কূটনৈতিক আপত্তি উত্থাপন কৰি আহিছে। বিশেষকৈ নীলম নদীত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত।
ভাৰতৰ এই নীতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী সঁহাৰি হিচাপে দেখা গৈছে,য’ত তেওঁ এতিয়া জলসম্পদৰ জৰিয়তেও চাপ সৃষ্টিৰ নীতি গ্ৰহণ কৰিছে।