বৃহত্তম অৰ্থনীতি
নিটি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকৰ অন্তত দেশৰ অৰ্থনীতি সন্দৰ্ভত মন্তব্য কৰে নিটি আয়োগৰ চি ই অ’ বি ভি আৰ সুব্ৰহ্মণয়মে । নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি । আমি ৪ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু এয়া মোৰ তথ্য নহয় । এয়া আই এম এফৰ তথ্য । ভাৰত আজি জাপানতকৈ আগবাঢিল । কেৱল আমেৰিকা, চীন আৰু জাৰ্মানীহে আমাতকৈ আগত আছে । যদি আমি ভবা কথা মতেই গৈ থাকিব পাৰোঁ তেন্তে অহা ২.৫ৰ পৰা ৩ বছৰত আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ম ।
সুব্ৰহ্মণ্যমে কয়, “ভাৰত এনে এটা পৰ্যায়ত আছে য’ত ই অতি দ্ৰুতগতিত বিকশিত হ’ব পাৰে, যিদৰে বহু দেশে বিগত সময়ত কৰিছিল । অহা ২০ৰ পৰা ২৫ বছৰলৈ ভাৰতে জনগাঁথনিগত লভ্যাংশৰ আশীৰ্বাদ লাভ কৰিছে, যাৰ ফলত আমি দ্ৰুতগতিত উন্নতি সাধন কৰিব পাৰিম । প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যকে নিজৰ পৰ্যায়ত দৃষ্টিভংগীৰ নথি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে । ভাৰতৰ উন্নয়নৰ ব্লুপ্ৰিণ্ট ইতিমধ্যে ইয়াত দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা উল্লেখ কৰি নীতি আয়োগৰ মুৰব্বীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক ভাৰতক উন্নত কৰাৰ বাবে আহ্বান জনাইছে কাৰণ ই এক দীঘলীয়া যাত্ৰা ।
লগতে পঢ়ক : গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ নাম… গঢ়িলে এই অভিলেখ