শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ মাজত ঘোষণা হয় যুদ্ধবিৰতি । ভাৰতীয় সেনাই জলে-স্থলে-নভোমণ্ডলে দিয়া উপযুক্ত প্ৰত্যুত্তৰৰ বাবে ধৰাশায়ী হোৱা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ উদ্যোগত ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে । দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি নিশ্চিত কৰিছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ।
১২ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ হ’ব আলোচনা-
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, ‘পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (ডি জি এম অ’) আজি বিয়লি ৩:৩৫ বজাত ভাৰতীয় ডি জি এম অ’লৈ ফোন কৰে । তেওঁলোক সহমতত উপনীত হয় যে ভাৰতীয় মানক সময় অনুসৰি ১৭০০ বজাৰ পৰা দুয়োপক্ষই স্থল, আকাশ আৰু সাগৰত সকলো ধৰণৰ আক্ৰমণ আৰু সামৰিক ব্যৱস্থা বন্ধ কৰিব । আজি দুয়োপক্ষকে এই চুক্তি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ১২ মে’ৰ ১২০০ বজাত সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে পুনৰ আলোচনাত মিলিত হ’ব ।’
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি দৃঢ়- এছ জয়শংকৰ
যুদ্ধবিৰতি নিশ্চিত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটাৰযোগে লিখিছে যে ভাৰত আৰু পাকিস্তানে আজি গুলীচালনা আৰু সামৰিক ব্যৱস্থা বন্ধ কৰিবলৈ সন্মত হৈছে । ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে দৃঢ় আৰু অদম্য স্থিতি বজাই ৰাখিছে । দেশে তেনেকৈয়ে কৰি যাব ।
যুদ্ধবিৰতিৰ বাবে সন্মত ভাৰত-পাকিস্তানঃ ট্ৰাম্প
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথত লিখিছিল যে, যোৱা নিশা আমেৰিকাৰ মধ্যস্থতাত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত মই এই কথা ঘোষণা কৰি সুখী যে ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে । সাধাৰণ জ্ঞান, বুদ্ধিমান সিদ্ধান্ত লোৱাৰ বাবে দুয়োখন দেশক অভিনন্দন জনাইছো ! এই গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ বাবে ধন্যবাদ !”