সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাই । এই অভিযানক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে, যাক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ অনুযায়ী ৰখা হৈছিল । পহলগামত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীয়ে পুৰুষ পৰ্যটকক লক্ষ্য কৰি লৈছিল, য’ত বহু মহিলাই নিজৰ স্বামীক হেৰুৱাব লগা হয় । সেয়েহে ভাৰতে গ্ৰহণ কৰা এক্সনক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে ।
শেহতীয়াকৈ জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিহাৰত এখন নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত চৰকাৰ আৰু সশস্ত্ৰ বাহিনীয়ে নিৰন্তৰ প্ৰস্তুতি চলাইছিল । শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ধাৰাবাহিক বৈঠক চলি আছিল । তিনিওজন সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । এতিয়া যৌথ অভিযানৰ অধীনত ভাৰতৰ তিনিওট সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলাই আৰু ইয়াৰ লগে লগে পাকিস্তানৰ অহংকাৰ তচনচ হৈ পৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মাটিৰ পৰাই কৈছিল যে এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, কোনোবাই জীৱন সংগী হেৰুৱাইছে । কোনোৱে বাংলা কৈছিল, কোনোৱে কানাড়া, কোনো মাৰাঠী, কোনো ওড়িয়া, কোনো গুজৰাটী, কোনো বিহাৰৰ আছিল । আজি কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে সেই সকলো মানুহৰ মৃত্যুত আমাৰ দুখ, আমাৰ ক্ষোভ একেই । এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয় দেশৰ শত্ৰুপক্ষই ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে ।