কঠোৰ অনুশীলন ভাৰতীয় টেষ্ট দলৰ
পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰম্ভ কৰিব ভাৰতীয় দলে । শুভমন গীলৰ অধিনায়কত্বত ইংলেণ্ডৰ বিৰুদ্ধে এই টেষ্ট শৃংখলা খেলিব ভাৰতীয় দলটোৱে । ৰোহিত শৰ্মা অৱসৰৰ পিছত গীলক টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । এই শৃংখলাৰ সহ-অধিনায়ক হিচাপে থাকিব ঋষভ পন্ট ।
ইতিমধ্যে পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডত উপস্থিত হৈছে ভাৰতীয় দল । দেওবাৰে শুভমন গীলৰ নেতৃত্বত ভাৰতীয় টেষ্ট দলটোৱে কঠোৰ অনুশীলন কৰে । ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ । ইয়াৰ বাবে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ প্ৰশিক্ষকতাত টিম ইণ্ডিয়াই প্ৰস্তুতি আৰম্ভ কৰিছে ।
যশপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিঙৰ লগতে নৱনিযুক্ত অধিনায়ক শুভমন গীল, ঋষভ পন্ট আৰু অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ নিৰ্দেশনাত অনুশীলন কৰে । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে প্ৰবীণ খেলুৱৈৰ অৱসৰৰ পিছত গীলক ভাৰতৰ ৩৭ সংখ্যক টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁ তুলনামূলকভাৱে কম বয়সীয়া দল এটাৰ নেতৃত্ব দি আছে যিয়ে ২০০৭ চনৰ পিছত ইংলেণ্ডত প্ৰথমখন টেষ্ট শৃংখলা জয় কৰাৰ লক্ষ্য লৈছে ।
হেডিংলিত এই শৃংখলা আৰম্ভ হ’ব আৰু তাৰ পিছত এডগবাষ্টন, লৰ্ডছ, অল্ড ট্ৰেফৰ্ড আৰু অ’ভেলত বাকীকেইখন টেষ্ট মেচ অনুষ্ঠিত হ’ব । ভাৰতীয় টেষ্ট দলৰ একাংশ খেলুৱৈয়ে বৰ্তমান নৰ্থাম্পটনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দ্বিতীয়খন অনাধিকৃত টেষ্ট মেচত ইণ্ডিয়া এৰ হৈ খেলি আছে । ক্ৰীড়া বিজ্ঞানৰ অন্যতম সন্মানীয় ব্যক্তি এড্ৰিয়ান লে ৰ’ক্সে আগন্তুক ইংলেণ্ড ভ্ৰমণৰ বাবে শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক হিচাপে ভাৰতীয় পুৰুষ ক্ৰিকেট দলত যোগদান কৰিছে । সোহাম দেশাইৰ ঠাইত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে ।
নতুন দায়িত্বৰ বাবে গীল সাজু যদিও তেওঁৰ সন্মুখত প্ৰত্যাহ্বান ডাঙৰ । গীল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ নেতৃত্বত ভাৰতীয় টেষ্ট দলটোৱে পৰিৱৰ্তনৰ এটা পৰ্যায় পাৰ কৰিছে আৰু এতিয়া ফলাফল দিব লাগিব । আচলতে ২০০৭ চনৰ পিছত ইংলেণ্ডত ভাৰতে কোনো টেষ্ট শৃংখলা জয় কৰা নাই, গতিকে সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল এই গীল-গম্ভীৰ যুটিয়ে ১৮ বছৰীয়া খৰাঙৰ অন্ত পেলাব পাৰিবনে ? ৰাহুল দ্ৰাবিড়ৰ অধিনায়কত্বত অন্তিমবাৰৰ বাবে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ২০০৭ চনত জয়ী হৈছিল । সেই সময়ত ভাৰতে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত জয়লাভ কৰিছিল । ২০০৭ চনৰ পৰা ভাৰতীয় দলটোৱে চাৰিবাৰ ইংলেণ্ড ভ্ৰমণ কৰিছিল যদিও জয়ৰ সোৱাদ ল’ব পৰা নাছিল ।
লগতে পঢ়ক : স্পেইনক পৰাস্ত কৰি নেচনছ লীগৰ চেম্পিয়ন পৰ্তুগাল; উচুপি উঠিল ৰোনাল্ডো