পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰীহ লোকৰ হত্যাকাণ্ডৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ পৰিৱেশ সৃষ্ট হৈছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৰিকল্পনাকাৰীয়ে এনে শাস্তি পাব যিটো তেওঁলোকে কল্পনাও কৰিব নোৱাৰে।
প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ পিছত পাকিস্তান চৰকাৰ আৰু তেওঁলোকৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সেই কথাত যথেষ্ট ভয় খাইছে যে, ভাৰতে যিকোনো সময়তে তেওঁলোকৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
এনে সময়ত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলে শ্বাহবাজ শ্বৰীফৰ চৰকাৰক ডাঙৰ আঘাত দিছে।
পাকিস্তান আৰু ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত পাকিস্তান চৰকাৰ বৈঠকত মিলিত হৈছে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফকো এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।কিন্তু এতিয়া পিটিআইয়ে এই সভাত উপস্থিত থাকিবলৈ দিয়া আমন্ত্ৰণ নাকচ কৰিছে।
ইমৰান খানৰ দলটোৱে এই বৈঠকৰ নিমন্ত্ৰণ নাকচ কৰি কয় যে “এয়া কেৱল চৰকাৰী বৈঠকহে।এই বৈঠকৰ জৰিয়তে জাতীয় ঐকমত্য গঢ়ি তোলাৰ কোনো গুৰুতৰ প্ৰচেষ্টা চলোৱা হোৱা নাই, ইমৰান খানৰ দৰে গুৰুত্বপূৰ্ণ নেতাকও এই বৈঠকত অন্তৰ্ভুক্ত কৰা হোৱা নাই।গতিকে সভাত পিটিআইৰ প্ৰয়োজন নাই”।
অৱশ্যে জেলৰ পৰা জাতিলৈ দিয়া বাৰ্তাত ইমৰানে সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দি ৰাষ্ট্ৰীয় ঐক্য, সংহতি আৰু আভ্যন্তৰীণ স্থিতিশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।’