ইমৰান খানক মোক্ষম আঘাত: PTI ৰ ১৬৬জন সদস্যক ১০ বছৰৰ কাৰাদণ্ড

ইমৰান খানক মোক্ষম আঘাত

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখিন হৈছে। বৃহস্পতিবাৰে ইয়াৰ এখন আদালতে আই এছ আই ভৱনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে আৰু অন্যান্য সামৰিক প্ৰতিষ্ঠানৰ আক্ৰমণৰ সৈতে জড়িত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলৰ একাংশ সাংসদকে ধৰি ১৬৬জন সদস্যক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ(PTI)ৰ নেতাসকলক শাস্তি প্ৰদান কৰাৰ খবৰ দেশজুৰি ৫ আগষ্টৰ পৰা প্ৰস্তাৱিত ‘মুক্ত ইমৰাণ খান আন্দোলন’ আৰম্ভ হোৱাৰ মাত্ৰ এসপ্তাহৰ পূৰ্বে এই কথা প্ৰকাশ পাইছে।

ফৈছালাবাদ সন্ত্ৰাসবাদ বিৰোধী আদালতৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে পাকিস্তান তেহৰিক-ই-ইনছাফে। খানৰ দলে নিজৰ সাংসদসকলক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ আৰু দলটোক শান্তিপূৰ্ণ প্ৰতিবাদ ৰোধ কৰাৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰে।

ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী দলপতি ওমৰ আয়ুব, ছিনেটৰ বিৰোধী দলপতি শিবলি ফৰাজ, পিটিআইৰ বিশিষ্ট নেতা জাৰতাজ গুল আৰু চাহিবজাদা হামিদ ৰাজাক ১০ বছৰৰ বাবে শাস্তি প্ৰদান কৰে আদালতে।

আদালতে বৃহস্পতিবাৰে ফৈছালাবাদৰ আই এছ আই অট্টালিকাত আক্ৰমণৰ গোচৰত ১৮৫ জন অভিযুক্তৰ ভিতৰত ১০৮ জনক দোষী সাব্যস্ত কৰা হয় আৰু বাকী ৭৭ জনক দোষমুক্ত কৰা হয়।এই পৰ্যন্ত খানৰ দলৰ ১৪ গৰাকী সাংসদক দোষী সাব্যস্ত কৰি ৯ মে’ৰ কাণ্ডৰ সৈতে জড়িত গোচৰত পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে।

লগতে পঢ়ক: “তেওঁলোকে গুলিয়াই থাকিল, আমি বিৰিয়ানী খুৱাই থাকিলো”; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা জে পি নড্ডাৰ

নিজৰ মাজতে যুঁজ পাকিস্তানৰ; ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে ইমৰান খানৰ দলে শ্বাহবাজ শ্বৰীফক দিলে মোক্ষম আঘাত

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰীহ লোকৰ হত্যাকাণ্ডৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ পৰিৱেশ সৃষ্ট হৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৰিকল্পনাকাৰীয়ে এনে শাস্তি পাব যিটো তেওঁলোকে কল্পনাও কৰিব নোৱাৰে।

প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ পিছত পাকিস্তান চৰকাৰ আৰু তেওঁলোকৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সেই কথাত যথেষ্ট ভয় খাইছে যে, ভাৰতে যিকোনো সময়তে তেওঁলোকৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এনে সময়ত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলে শ্বাহবাজ শ্বৰীফৰ চৰকাৰক ডাঙৰ আঘাত দিছে।

পাকিস্তান আৰু ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত পাকিস্তান চৰকাৰ বৈঠকত মিলিত হৈছে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফকো এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।কিন্তু এতিয়া পিটিআইয়ে এই সভাত উপস্থিত থাকিবলৈ দিয়া আমন্ত্ৰণ নাকচ কৰিছে।

ইমৰান খানৰ দলটোৱে এই বৈঠকৰ নিমন্ত্ৰণ নাকচ কৰি কয় যে “এয়া কেৱল চৰকাৰী বৈঠকহে।এই বৈঠকৰ জৰিয়তে জাতীয় ঐকমত্য গঢ়ি তোলাৰ কোনো গুৰুতৰ প্ৰচেষ্টা চলোৱা হোৱা নাই, ইমৰান খানৰ দৰে গুৰুত্বপূৰ্ণ নেতাকও এই বৈঠকত অন্তৰ্ভুক্ত কৰা হোৱা নাই।গতিকে সভাত পিটিআইৰ প্ৰয়োজন নাই”।

অৱশ্যে জেলৰ পৰা জাতিলৈ দিয়া বাৰ্তাত ইমৰানে সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দি ৰাষ্ট্ৰীয় ঐক্য, সংহতি আৰু আভ্যন্তৰীণ স্থিতিশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।’

১১ হাজাৰ টকীয়া মাছ, লোকেল মুৰ্গীৰ জোল, মাহিলী ব্যয় ৭ লাখ টকা; কাৰাগাৰত ৰাজ আতিথ্য ইমৰান খানক

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু পাকিস্তান তেহjfক-ই-ইনচাফ (পিটিআই)ৰ প্ৰতিষ্ঠাপক ইমৰান খান বৰ্তমান কাৰাগাৰত আছে। তেওঁৰ পত্নী বুশ্ৰা বিবিও কাৰাগাৰৰ ভিতৰতে আছে।

বহু কেইটা গোচৰত অভিযুক্ত, ইমৰান খান আৰু বুশ্ৰা বিবিৰ কাৰাবাস সম্পৰ্কীয় বাতৰি প্ৰায়ে ওলাই থাকে। এটা শেহতীয়া প্ৰতিবেদনে তেওঁলোকৰ খাদ্যৰ তালিকা আৰু আহাৰৰ মেনুৰ সৈতে সম্পৰ্কিত ব্যয়বোৰ প্ৰকাশ পাইছে।

ৰাৱালপিণ্ডি আৰু আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা ইমৰান আৰু বুশ্ৰাৰ ব্যয় যথেষ্ট বৃদ্ধি হোৱাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ পাইছে।

খবৰ অনুসৰি কেইমাহমান আগলৈকে প্ৰতি মাহে ব্যয় আছিল প্ৰায় ৪ৰ পৰা ৫ লাখ টকা, কিন্তু এতিয়া সেই ব্যয় ৭ লাখ টকালৈ বৃদ্ধি হৈছে।

জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে নিজেই ৰাতিপুৱাৰ, দুপৰীয়াৰ আৰু ৰাতিৰ আহাৰৰ মেনু নিৰ্ধাৰণ কৰে। ইফালে, ইমৰান খানৰ পত্নী বুশ্ৰা বিবিৰ খাদ্য ‘সেৱক বন্দী’ৰ দ্বাৰা পাকঘৰত পৃথকে প্ৰস্তুত কৰা হয়।

ইমৰান খানে কাৰাগাৰত খোৱা ৰাতিপুৱাৰ আহাৰৰ বিষয়ে কবলৈ গ’লে, তেওঁ সতেজ ৰস আৰু সতেজ ফল খাবলৈ ভাল পায়। তেওঁ দিনত তিনিবাৰ কফি খায়। ইয়াৰ উপৰিও, তেওঁক পৰিৱেশন কৰা সকলোবোৰ প্ৰথমে পুষ্টিৰ বাবে পৰীক্ষা কৰা হয়।

ইমৰান খানে গুলপীয়া চালমন মাছৰ চুপ আৰু লোকেল মুৰ্গীৰ জোল খাবলৈ ভাল পায়। জানিব পৰা মতে মাছটো প্ৰতি কিলোগ্ৰামত প্ৰায় ১১ হাজাৰ টকা।

এই সকলো ব্যয়বহুল বস্তুৰ বাবে, ইমৰান খান আৰু তেওঁৰ পত্নী বুশ্ৰাই মাহে ৭০০,০০০ টকা খৰচ কৰিছে। অৱশ্যে, এই ব্যয় চৰকাৰে সামৰি লোৱা নাই, বৰঞ্চ ইমৰান খানৰ পৰিয়ালে পৰিশোধ কৰিছে।

ইমৰান খান আৰু বুশ্ৰা বিবিৰ এখন মেনুৱেল একাউণ্ট আছে। এই একাউণ্টত, ইমৰান খানৰ পৰিয়ালে ধন জমা কৰে, আৰু যেতিয়া একাউণ্টটোৰ পুঁজি শেষ হয়, কাৰাগাৰ বিভাগে পৰিয়ালটোক সতৰ্ক কৰি দিয়ে, যাৰ পিছত তেওঁলোকে পুনৰ একাউণ্টত ধন জমা কৰে।