দেওবাৰে কংগ্ৰেছ নেতা শশী থাৰুৰে পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টোক ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ প্ৰতি দিয়া ভাবুকিক “প্ৰৰোচনামূলক মন্তব্য” বুলি অভিহিত কৰে।
থাৰুৰে কৈছিল যে,“আমাৰ পাকিস্তানৰ প্ৰতি আক্ৰমণৰ কোনো উদ্দেশ্য নাই, কিন্তু তেওঁলোকে যদি কিবা কৰে, তেন্তে প্ৰত্যুত্তৰৰ বাবে সাজু হৈ থাকিব লাগে। যদি তেজ বয় , তেন্তে সম্ভৱতঃ তেওঁলোকৰ অংশৰেই অধিক হ’ব।”
শশী থাৰুৰে পাকিস্তানী নেতাৰ এই বক্তব্যক গৰিহণা দিয়ে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি পুনৰবাৰ উল্লেখ কৰে।
তেওঁ স্পষ্ট কৰি দিলে যে পাকিস্তানে বুজিব লাগিব যে ভাৰতীয়ক এনেকৈ হত্যা কৰিব নোৱাৰে।থাৰুৰে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ ‘প্ৰথম ব্যৱহাৰ নহয়’ নীতিৰ কথা সোঁৱৰাই দিয়ে আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কোনো আগ্ৰাসী উদ্দেশ্য নাই বুলি স্পষ্ট কৰি দিয়া হৈছিল।
শশী থাৰুৰে লগতে কয়, ভাৰতে পাকিস্তানক লৈ চিন্তিত নহয় আৰু ইয়াৰ জনসাধাৰণৰ ক্ষতি কৰাৰ কোনো উদ্দেশ্য নাই।” থাৰুৰে লগতে কয়, “যদি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কিবা কৰে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰৰ বাবে সাজু হোৱা উচিত।”