আই চি চিৰ শেহতীয়া ৰেংকিঙত ৱাশ্বিংটন-জাডেজাৰ অগ্ৰগতি
ভাৰত বনাম ইংলেণ্ডৰ পঞ্চম টেষ্টৰ পূর্বে ৩০ জুলাই বুধবাৰে আই চি চিয়ে শেহতীয়া ৰেংকিং প্রকাশ কৰিছে ৷ মানচেষ্টাৰত শতক অৰ্জন কৰা ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰ এই ৰেংকিঙত লাভৱান হোৱাৰ বিপৰীতে যশস্বী জয়ছৱাল ৩টা স্থান অৱনমিত হৈছে । ভাৰতীয় খেলুৱৈ হিচাপে এতিয়া আই চি চিৰ পুৰুষৰ টেষ্ট বেটছমেন ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে ঋষভ পন্টে, তেওঁ তালিকাৰ ৭ নম্বৰত আছে । অধিনায়ক শুভমন গীল ৯ম স্থানত আছে ।
তিনিটা স্থান অৱনমিত হ’ল জয়ছোৱাল-
যশস্বী জয়ছোৱাল পূৰ্বে পঞ্চম স্থানত আছিল, এতিয়া টেষ্ট বেটছমেন ৰেংকিঙত ৮ম স্থানলৈ অৱনমিত হৈছে তেওঁ । তেওঁৰ ৰেটিং পইণ্ট ৭৬৯ । ৭৭৬ পইণ্টেৰে ৭ নম্বৰ স্থানত আছে ঋষভ পন্ট । ইংৰাজ বেটছমেন জো ৰুটে নিজৰ প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে, তেওঁৰ ৰেটিং পইণ্ট আছে ৯০৪ ।
আই চি চিৰ ৰেংকিঙত ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ অগ্ৰগতি-
আই চি চিৰ পুৰুষৰ বলিং ৰেংকিঙত ৰবীন্দ্ৰ জাডেজাই এটা স্থান অগ্ৰগতি লাভ কৰিছে, পূৰ্বে তেওঁ ১৫ নম্বৰ স্থানত আছিল আৰু এতিয়া ৬৮২ ৰেটিং পইণ্টেৰে ১৪ নম্বৰ স্থানলৈ আহিছে । ৮৯৮ পইণ্টেৰে শীৰ্ষ স্থানত আছে যশপ্ৰীত বুমৰাহ ।
পুৰুষৰ টেষ্ট অল ৰাউণ্ডাৰ ৰেংকিঙত ডাঙৰ জাঁপ মাৰিছে ৱাশ্বিংটন সুন্দৰে, তেওঁ ৮ টা স্থান আগবাঢ়িছে । মেট হেনৰীৰ সৈতে যৌথভাৱে ১৩ নম্বৰত আছে । মানচেষ্টাৰত খেলা চতুৰ্থ টেষ্টত তেওঁ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে ।
চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১০৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৰবীন্দ্ৰ জাডেজাই । ৱাশ্বিংটন সুন্দৰে ১০১ ৰান সংগ্ৰহ কৰে, এইটো আছিল তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক । ইয়াৰ পূৰ্বে শুভমন গীলেও এটা শতক (১০৩) অৰ্জন কৰিছিল, যাৰ সহায়ত ভাৰতীয় দলটোৱে চতুৰ্থখন টেষ্ট ড্ৰ’ত সমাপ্ত কৰাত সফল হয় ।
তিনিটা স্থান আগুৱালে বেন ষ্টোকছে-
ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক বেন ষ্টোকছে চতুৰ্থ টেষ্টত ৫টা উইকেট দখল কৰাৰ লগতে শতকো অৰ্জন কৰে, তেওঁ এনে কৰা বিশ্বৰ পঞ্চমজন অধিনায়ক হিচাপে পৰিগণিত হয় । শেহতীয়া ৰেংকিঙত তেওঁ ৩টা স্থান আগুৱাইছে, এতিয়া তেওঁ ৩০১ ৰেটিং পইণ্টেৰে তৃতীয় স্থানলৈ আহিছে ।
লগতে পঢ়ক : এদিনীয়া ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা শীৰ্ষ ৫ জন বেটছমেন কোন ?