বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চি এক বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৭-২৯ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) চক্ৰত সৰু দেশৰ বাবে চাৰিদিনীয়া টেষ্ট মেচত অনুমোদন দিবলৈ আই চি চি সাজু । আনহাতে ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে এতিয়াও পৰম্পৰাগত ৫ দিনীয়া খেল খেলিব পাৰে ।
এই তিনিখন দেশে ইখনে সিখনৰ বিৰুদ্ধে পাঁচদিনীয়া পৰম্পৰাগত খেল খেলিব । মেচৰ সংখ্যা এদিন হ্ৰাস কৰাৰ পদক্ষেপে এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ পৰিৱৰ্তনৰ দিশ আঙুলিয়াই দিছে । আই চি চিৰ মতে ইয়াৰ দ্বাৰা সৰু দেশসমূহক অধিক টেষ্ট আৰু দীঘলীয়া শৃংখলা খেলিবলৈ সহায় কৰিব ।
‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, ‘যোৱা সপ্তাহত লৰ্ডছত অনুষ্ঠিত হোৱা ডব্লিউ টি চি ফাইনেলৰ সময়ত হোৱা আলোচনাত আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ২০২৭-২৯ ডব্লিউ টি চি চক্ৰৰ বাবে ৪ দিনীয়া টেষ্টৰ বাবে সমৰ্থন প্ৰকাশ কৰিছিল ।’
ইয়াত কোৱা হৈছে, ‘ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতক এতিয়াও এছেছ, বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰু এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে ৫ দিনীয়া টেষ্ট শৃংখলা খেলাৰ অনুমতি দিয়া হ’ব ।’
আই চি চিয়ে প্ৰথমবাৰৰ বাবে ২০১৭ চনত দ্বিপাক্ষিক মেচৰ বাবে ৪ দিনীয়া টেষ্টত অনুমোদন জনাইছিল । ২০১৯ আৰু ২০২৩ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪ দিনীয়া টেষ্ট খেলাৰ পিছত ইংলেণ্ডে যোৱা মাহত ট্ৰেণ্ট ব্ৰীজত জিম্বাবুৱেৰ বিৰুদ্ধে ৪ দিনীয়া টেষ্ট খেলিছিল ।
প্ৰতিবেদন অনুসৰি, ‘সময় আৰু খৰচৰ বাবে বহু সৰু দেশে টেষ্ট মেচ আয়োজন কৰিবলৈ আগ্ৰহী নহয়, কিন্তু ৪ দিনীয়া টেষ্ট মেচ প্ৰৱৰ্তনৰ লগে লগে ৩ সপ্তাহতকৈও কম সময়ৰ ভিতৰতে ৩ খন টেষ্ট মেচৰ সমগ্ৰ শৃংখলা খেলিব পৰা যাব ।’
ইয়াত কোৱা হৈছে, ‘সময় নষ্ট নকৰিবলৈ ৪ দিনীয়া টেষ্ট মেচত খেলাৰ সময় প্ৰতিদিনে ৯০ অভাৰৰ পৰা নূন্যতম ৯৮ অভাৰলৈ বৃদ্ধি কৰা হৈছে ।‘
প্ৰতিবেদনত কোৱা হৈছে যে যোৱা সপ্তাহত লৰ্ডছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো দক্ষিণ আফ্ৰিকাৰ অস্পষ্ট সূচীয়ে বিষয়টোক আৰু অধিক উজ্জ্বল কৰি তুলিলে আৰু পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হ’ল ।
বৰ্তমানৰ চক্ৰ পাঁচ দিনীয়া খেলৰ ওপৰত ভিত্তি কৰি হ’ব-
২০২৫-২৭ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বৰ্তমানৰ পাঁচদিনীয়া খেলৰ ফৰ্মেটত অব্যাহত থাকিব । ইয়াৰ আৰম্ভণি হ’ব মঙলবাৰে শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট শৃংখলাৰ জৰিয়তে । ২০২৫-২৭ চক্ৰত প্ৰতিদ্বন্দ্বিতা কৰা ৯খন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২৭খন টেষ্ট শৃংখলাৰ ভিতৰত ১৭খনত মাত্ৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৬খনত তিনিখন মেচৰ শৃংখলা অনুষ্ঠিত হ’ব । ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতে ইখনে সিখনৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলা খেলিব ।
লগতে পঢ়ক : ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচ; কেতিয়া আৰু ক’ত হ’ব এই যুঁজ ?