বায়ুসেনাৰ জাগুৱাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত
ৰাজস্থানৰ চুৰু জিলাৰ ৰাতংগৰ অঞ্চলৰ ভানুদা গাঁৱত বুধবাৰে এখন সামৰিক যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাস্থলীৰ পৰা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ঘটনাৰ লগে লগে সেই স্থানলৈ ৰাওনা হয় আৰক্ষী আৰু প্ৰশাসনৰ দল । গাঁওবাসীৰ তথ্য অনুসৰি আকাশত তীব্ৰ শব্দৰ পিছত পথাৰত জুইৰ শিখা আৰু ধোঁৱা ওপৰলৈ উঠি অহা দেখা যায় ।
দুৰ্ঘটনাগ্ৰস্ত যুদ্ধ বিমানখন ভাৰতীয় বায়ুসেনাৰ জাগুৱাৰ বুলি জানিব পৰা গৈছে । সেনা আৰু স্থানীয় প্ৰশাসনে মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰতংগৰত চাঞ্চল্যৰ সৃষ্টি হয় । ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে জিলা আয়ুক্ত আৰু স্থানীয় আৰক্ষী বিষয়া । সেনাৰ উদ্ধাৰকাৰী দলো ঘটনাস্থলীত উপস্থিত হৈছে ।
গাঁওবাসীয়ে জনোৱা মতে, বিমান দুৰ্ঘটনাৰ লগে লগে পথাৰত অগ্নিকাণ্ড সংঘটিত হয় । গাঁওবাসীয়ে নিজাববীয়াকৈ জুই নুমুৱাবলৈ চেষ্টা কৰে । ঘটনাৰ বিতং কাৰণ সেনাই নিশ্চিত কৰিব । জানিব পৰা মতে, বিমানখন গছত বাগৰি পৰে । যাৰ বাবে গছজোপাও সম্পূৰ্ণৰূপে জ্বলি যায় । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখন মৰু অঞ্চল ।
চুৰুৰ আৰক্ষী অধীক্ষকে কয় যে সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে । এজোপা গছত বাগৰি পৰে বিমানখন । যাৰ বাবে গছজোপাও জ্বলি যায় । ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে ২ টা মৃতদেহ । সেনাৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে । বৰ্তমান দলটোৱে বিমানখনৰ ধ্বংসাৱশেষ সংগ্ৰহৰ কাম কৰি আছে ।
লগতে পঢ়ক : দলং ভাগি নদীত পৰিল ৫ খনকৈ বাহন, ৯জনৰ মৃত্যু… প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ