গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো সঁচা
অৱশেষত পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে দিল্লীত এখন সংবাদমেল যোগে পাকিস্তানলৈ যোৱাৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে ‘মই এবাৰ পাকিস্তানলৈ যোৱাটো সঁচা।
‘মোৰ পত্নী ২০১১ চনত এবছৰৰ বাবে পাকিস্তানত আছিল। তেওঁ এটা NGO ত কাম কৰিছিল। ২০১৩ চনত মই সাংসদ নোহোৱা অৱস্থাত পত্নীৰ সৈতে পাকিস্তান গৈছিলো’।
‘তেওঁ ২০১৫ চনলৈকে ভাৰতত থাকি সেই NGO টোত কাম কৰিছিল’। তেওঁ গৌৰৱ গগৈয়ে লগতে কয় যে, ‘ মই ভাৰত চৰকাৰৰ সকলো নীতি নিয়ম মানিয়েই এই ভ্ৰমণ কৰিছিলো’।
২ সন্তানৰ নাগৰিকত্বৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে, ‘ মোৰ পত্নী আৰু দুয়োটা সন্তানেই ভাৰতৰ নাগৰিকত্ব নোলোৱাটো সঁচা’।
‘মোৰ দ্বিতীয় সন্তানটো ইলেণ্ডত জন্ম। ইফালে ডাঙৰ সন্তানটোৰো ক’ভিডৰ সময়ত ইংলেণ্ডত থকাৰ সময়ত বহু অসুবিধা হৈছিল। যাৰ বাবে ভাৰতীয় নাগৰিকত্ব সনলি কৰি ইংলেণ্ডৰ নাগৰিকত্ব লোৱা হৈছিল’।
আনহাতে পত্নীৰ নাগৰিকত্বৰ বিষয়টো তেওঁৰ ব্যক্তিগত ইচ্ছা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।
লগতে পঢ়ক:দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই… অভিযানৰ সময়ত দিছিল সৰ্বোচ্চ বলিদান