অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা
দ্বাৰকাত সংঘটিত হৈছে এক কৰুণ ঘটনা । অট্টালিকাৰ সপ্তম মহলাত থকা এটা ফ্লেটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিওৱাত দুই সন্তানসহ মৃত্যু হয় পিতৃৰ । দ্বাৰকা ছেক্টৰ ১৩ৰ ছাবাদ ছ’চাইটি এম আৰ ভি স্কুলৰ সমীপৰ এটা অট্টালিকাত এই ঘটনা সংঘটিত হয় ।
লাভ কৰা তথ্য অনুসৰি জুইৰ পৰা নিজকে বচাবলৈ বেলকনিৰ পৰা জপিওৱাত এই তিনিজন লোকৰ মৃত্যু হয় । ইয়াৰে দুটি দহ বছৰীয়া শিশুক (এজন ল’ৰা আৰু এগৰাকী ছোৱালী) চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । পৰৱৰ্তী সময়ত তেওঁলোকৰ পিতৃ যশ যাদৱকো (৩৫) আই জি আই হাস্পতালত মৃত ঘোষণা কৰে । তেওঁ ফ্লেক্স বৰ্ডৰ ব্যৱসায়ত জড়িত আছিল ।
যশ যাদৱৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ জুইৰ এই ঘটনাৰ পৰা ৰক্ষা পৰে । বৰ্তমান তেওঁলোক নিৰাপদে আছে । তেওঁলোকক ততাতৈয়াকৈ চিকিৎসাৰ বাবে আই জি আই হাস্পতাললৈ প্ৰেৰণ কৰা হয় । অট্টালিকাটোৰ সকলো বাসিন্দাক খালী কৰি বিদ্যুৎ আৰু পি এন জি সংযোগৰ দৰে সকলো সুবিধা বন্ধ কৰি দিয়া হৈছে । গাঁথনিগত স্থিৰতা মূল্যায়ন কৰিবলৈ ডি ডি এ আৰু এম চি ডিক অৱগত কৰা হৈছে । পৰিয়ালটোক সহায় কৰিবলৈ আকাশ আৰু আই জি আই দুয়োখন চিকিৎসালয়তে দল নিয়োগ কৰা হৈছে ।
লগতে পঢ়ক : আকৌ আহিব নেকি ছুনামি, ভূমিকম্প ! এইবাৰ তামিলনাডুৰ সমুদ্ৰ তীৰত পোৱা গ’ল ‘প্ৰলয় মাছ’