উৎকট গৰমত কেনেদৰে ৰাখিব শৰীৰটো?
সাম্প্ৰতিক সময়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে উষ্ণতা। উৎকট গৰমৰ বাবে প্ৰয়োজনীয় কোনো কামতো ঘৰৰ পৰা ওলাই যোৱাটো কঠিন হৈ পৰিছে।তীব্ৰ গৰমৰ বাবে দেহত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এই সময়ছোৱাত হিট ষ্ট্ৰ’কৰ আশংকাও বৃদ্ধি পায়। এই অৱস্থাত শৰীৰৰ উষ্ণতা ৪০ ডিগ্ৰীৰ ওপৰলৈ যায়। হিট ষ্ট্ৰ’কৰ বাবে তীব্ৰ জ্বৰ, মানসিক সমস্যা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, পেশীৰ বিষ আদি লক্ষণ দেখা দিয়ে।
প্ৰবল তাপৰ বাবে ছানবাৰ্ণ সমস্যায়ো গা কৰি উঠিব পাৰে। গৰমৰ বাবে হাৰ্ট এটেকৰ আশংকাও থাকে। এনে পৰিস্থিতিত এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়।
গ্ৰীষ্মকালত শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়, সেয়েহে দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে। নেমুৰ পানী, নাৰিকল পানী আৰু অন্যান্য ইলেক্ট্ৰ’লাইট পানীয়ও উপকাৰী।
ৰাতিপুৱা সোনকালে শুই উঠি মুকলিত খালিভৰিৰে খোজ কঢ়াতো (বিশেষকৈ দুবৰি বনত) অতি উত্তম উপায়।
দিনত কমেও দুবাৰ গা ধুব আৰু তিওৱা কাপোৰেৰে সময়ে সময়ে গা মচি থাকিলে দেহ শীতল হয়।অতিপাত গৰমত দৌৰাদৌৰিকৈ কেতিয়াও গা ধুব নালাগে । কিছু জুৰ লৈ গা শীতল হ’লেহে ধুৱ লাগে ।
ৰ”দত ওলালে ছাতি, চান গ্লাচ,টুপী নাইবা মুৰত পাতল কাপোৰ লোৱাতো ভাল । কৰবালৈ যাবলগীয়া হ’লে পাৰিলে ৰ’দ কম থকা সময়ত যোৱাতো ভাল ।
গৰমত ছালৰ পৰা হ’ব পৰা নানাবিধ ৰোগৰ বাবে গা ধোৱাৰ আগেয়ে গাত নিমপাত কেচাহালধি, বেচন, আদি থেতেলাই সানিব ।
(এই লেখাত দিয়া পৰামৰ্শ সমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্যৰ সৈতে জড়িত যিকোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)
লগতে পঢ়ক: ডেংগুত আক্ৰান্ত ইমৰান হাছমী; বন্ধ কৰিব লগা হ’ল সকলো শ্বুটিং