গৰমৰ পৰা হাত সাৰিবলৈ দিনটোত কিমান সেৱন লাগে পানী? জানিলে থাকিব সুস্থ

গৰমত কিমান সেৱন কৰিব পানী

গ্ৰীষ্মকাল শৰীৰৰ বাবে অতি প্ৰত্যাহ্বানজনক।গৰমত প্ৰায়ে আমাৰ শৰীৰত পানীৰ অভাৱ হয়।কাৰণ আমাৰ চৌপাশৰ উষ্ণতা অতি বেছি গতিকে আমাৰ শৰীৰটোও উচ্চ উষ্ণতাৰ সংস্পৰ্শত থাকে।

এই সময়ছোৱাত বহুত ঘাম ওলায় কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় হাইড্ৰেচন ল’ব লাগে।ইয়াত প্ৰয়োজনীয় হাইড্ৰেচন মানে শৰীৰৰ পৰা যিমান পানী নিৰ্গত হৈ থাকে, শৰীৰৰ বাবে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে যাতে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী পায় আৰু পানীৰ অভাৱ নহয়।

দিনত কিমান পানী সেৱন কৰিব?

প্ৰতিজন ব্যক্তিৰ হাইড্ৰেচনৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ যিটো তেওঁলোকৰ শাৰীৰিক কাৰ্যকলাপ, সংস্পৰ্শৰ বাবে আৰু ঘাম ওলোৱাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে এই ভিত্তিত পানীৰ পৰিমাণো ভিন্ন হয়।

কিন্তু চিকিৎসকে কয় যে প্ৰতিজন ব্যক্তিক প্ৰতিদিনে কমেও ২.৫ৰ পৰা ৩ লিটাৰ পানীৰ প্ৰয়োজন হয়।

কিন্তু যদি বহু সময় গৰমত থাকিবলগীয়া হয় বা বহুত ঘাম ওলায়, তেন্তে তাৰ পিছত এক লিটাৰ অতিৰিক্ত পানী খাব লাগে, অৰ্থাৎ ৩ৰ পৰা ৪ লিটাৰ পানী গ্ৰহণ কৰিব লাগে।

যদি আপুনি ডিহাইড্ৰেচনত ভুগি আছে তেন্তে পলম নকৰাকৈ তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাওক।

এই পানীয়বোৰ সহায়ক

নাৰিকল পানী, য’ত ছডিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে অত্যাৱশ্যকীয় ইলেক্ট্ৰ’লাইট প্ৰচুৰ পৰিমাণে থাকে।ইয়াৰ এটা গিলাচত ২৩ৰ পৰা ২৫ কেলৰি থাকে আৰু সেয়েহে ইয়াক দিনটোত এবাৰ বা দুবাৰকৈ খাব পাৰি।

এগিলাচ নেমুপানীত মাত্ৰ পাঁচ কেলৰি থাকে।গতিকে ইয়াৰ সেৱনেও ওজন আৰু চেনি বৃদ্ধি নকৰে।

বেলৰ ৰসত প্ৰায় ১৪০-১৫০ কেলৰি থাকে,ইয়াৰ উপৰিও ইয়াত খনিজ পদাৰ্থ আৰু ফাইবাৰ থাকে, গতিকে ই এক উৎকৃষ্ট প্ৰ’বায়’টিক পানীয়।

তৰমুজৰ ৰসত ৭৫ কেলৰি থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। কিন্তু ৰসৰ সলনি তৰমুজ যিদৰে আছে তেনেদৰে খোৱাই ভাল,ইয়াৰ ফলত ফাইবাৰ আৰু প্ৰয়োজনীয় পুষ্টিও পোৱা যায়।

(এই লেখাত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পৰিৱৰ্তন কৰাৰ পূৰ্বে চিকিৎসকৰ ওচৰলৈ যাওক)

লগতে পঢ়ক: চীট নম্বৰ 11 A; লাকী চীটত বহিয়েই প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰমেশ  

গৰমে দহিছে দেশ… বহু ৰাজ্যত জাৰি সতৰ্কবাণী, অসমতো উৰ্ধমুখী পাৰাস্তম্ভ

গৰমে দহিছে দেশ

পঞ্জাৱ, হাৰিয়ানাকে ধৰি সমগ্ৰ উত্তৰ ভাৰত এতিয়া প্ৰচণ্ড গৰমৰ কবলত । উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতত আকাশে জুই বৰষিছে । গৰমে দহিছে দেশ । পুৱা ৯ বজাৰ পিছত ঘৰৰ পৰা ওলাই অহাটোৱেই এতিয়া কঠিন হৈ পৰিছে । সৰ্বোচ্চ উষ্ণতা বেছিভাগ ঠাইতে ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বিপৰীতে পশ্চিম ৰাজস্থানৰ কিছুমান ঠাইত ৪৭ ডিগ্ৰীৰ ওপৰত তাপ ৰেকৰ্ড কৰা হৈছে । কমেও চাৰিদিনলৈ গৰমৰ পৰা কোনো সকাহৰ আশা নাই । এই প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ এতিয়া সকলোৱে এজাক বৰষুণৰ বাবে আশাৰে বাট চাইছে ।

গৰমে দহিছে দেশ-

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, উত্তৰ-পশ্চিম ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতি অব্যাহত থাকিব । ১১ আৰু ১২ জুনত পশ্চিম ৰাজস্থানত তীব্ৰ গৰমে দহিব, যাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, বিহাৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰীৰ আশে-পাশে থাকিব পাৰে । বুধবাৰে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । একে সময়তে জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্যপ্ৰদেশৰ ভৈয়ামৰ বিভিন্ন ঠাইত গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থাকিব আৰু ইয়াৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।

ৰাজস্থানৰ বহু জিলাত পাৰাস্তম্ভ ৪৭ ডিগ্ৰীৰ ওপৰত-

আই এম ডিয়ে জনোৱা মতে, মঙলবাৰে পুৱা ৮:৩০ বজালৈকে বিগত ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ ভাৰত বিশেষকৈ পশ্চিম ৰাজস্থান তীব্ৰ উত্তাপৰ সন্মুখীন হ’বলগীয়া হৈছে । শ্ৰীগংগানগৰ, হনুনগড়, বিকানেৰৰ একাংশ অঞ্চলত পাৰাস্তম্ভ ৪৭ ডিগ্ৰী অতিক্ৰম কৰিছে । শ্ৰীগংগানগৰত একেৰাহে দ্বিতীয় দিন ৪৭ ডিগ্ৰী চেলছিয়াছ (৪৭.৪)তকৈ অধিক উষ্ণতা ৰেকৰ্ড কৰা হয় । বৰমেৰ, চুৰু, ফালোডী, জয়ছালমেৰ আৰু কোটাত ৪৫ ডিগ্ৰী অতিক্ৰম কৰিছে । হাৰিয়ানা, পঞ্জাৱ, চণ্ডীগড় আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বহু ঠাইতো প্ৰায় ৪৫ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।

অসমত সলনি হ’ল বিদ্যালয়ৰ পাঠদানৰ সময়-

অসমতো এতিয়া তীব্ৰ গৰমে দহিছে ৰাজ্যবাসীক । উজনিৰ পৰা নামনিলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত তীব্ৰ গৰমৰ কবলত পৰিছে । যাৰ বাবে ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা । প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন জিলাত আজিৰে পৰা সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় । ১৬ জুনলৈ অব্যাহত থাকিব শিক্ষা বিভাগৰ এই এই নিৰ্দেশনা । প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ চলিব পাঠদান । এম ই স্কুলত পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ চলিব পাঠদান । লগতে বিদ্যালয়সমূহত থাকিব লাগিব পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা । পুৱা প্ৰাতঃসভা ছাঁ পৰি থকা ঠাই, প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ’ব লাগিব বুলিও নিৰ্দেশ দিছে বিভাগে ।

৬ বছৰৰ পাছত জম্মুত তীব্ৰ গৰম-

জম্মুৰ গৰম বতাহৰ বাবে স্বাভাৱিক জীৱন বেয়াকৈ প্ৰভাৱিত হৈছে । মঙলবাৰে একেৰাহে তৃতীয় দিন পাৰাস্তম্ভ ৪২ ডিগ্ৰীৰ ওপৰত থাকে । ৬বছৰৰ পাছত অঞ্চলটোত এনে প্ৰচণ্ড গৰম হৈছে । কাশ্মীৰৰ কোকেৰনাগ আৰু কাজিগুণ্ডতো দুবছৰৰ পাছত গৰমৰ দিন পাৰ হৈছে । ৰাজধানী শ্ৰীনগৰতো যোৱা বছৰৰ অভিলেখ ভংগ কৰিছে পাৰাস্তম্ভই । গৰম বতাহৰ বাবে ভৈয়ামৰ লগতে পাহাৰবোৰো গৰম হৈ পৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ শ্ৰীনগৰৰ তথ্য অনুসৰি ১২ জুনলৈকে এই পৰিস্থিতি অব্যাহত থাকিব ।

লগতে পঢ়ক : প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ; ক্ৰমাৎ উৰ্ধগামী পাৰাস্তম্ভ, অসমতো হাহাকাৰ পৰিস্থিতি

আকাশে বৰষিছে জুই… উৎকট গৰমৰ বাবে সলনি হ’ল বিদ্যালয়ৰ সময়সূচী

উৎকট গৰমৰ বাবে সলনি হ’ল বিদ্যালয়ৰ সময়সূচী

শেহতীয়াকৈ নেৰানেপেৰা বৰষুণে জটিল পৰিস্থিতিৰ পিছতে বিগত তিনিদিন ধৰি উৎকট গৰম দহিছে সমগ্ৰ ৰাজ্য । উজনিৰ পৰা নামনিলৈ হোৱা প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহত বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা । উৎকট গৰমৰ বাবে দৈনন্দিন কাম-কাজ তথা বিভিন্ন কাৰ্যসূচীৰ লগতে শিক্ষাদানতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । গৰমৰ বাবে বিদ্যালয়তে কণ কণ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে । ইয়াৰ পিছতেই এতিয়া ৰাজ্যৰ সিক্ষা মন্ত্ৰীৰ আহ্বানত সময়সূচী সলনি কৰা হৈছে বিদ্যালয়সমূহৰ ।

উৎকট গৰমৰ বাবে কামৰূপ (মেট্ৰ’)ৰ জিলা আয়ুক্তৰ নিৰ্দেশৰ পিছতে গুৱাহাটীত বিদ্যালয়ৰ সময় ১১ জুন বুধবাৰৰ পৰা পুনৰ নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত নিৰন্তৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ মংগলৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত লৈছে প্ৰশাসনে ।

১০ জুন মঙলবাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু সহ জিলা মিছন সমন্বয়কে জাৰি কৰা নিৰ্দেশ অনুসৰি কামৰূপ মেট্ৰ’ জিলাৰ ভিতৰৰ সকলো চৰকাৰী, প্ৰাদেশিক, আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে সংশোধিত বিদ্যালয়ৰ সময় প্ৰযোজ্য হ’ব । ১৬ জুনলৈকে বলবৎ থাকিব এই সময়সূচী ।

সংশোধিত সময়ৰ অধীনত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ চলিব, আনহাতে মধ্য ইংৰাজী বিদ্যালয়সমূহ দুপৰীয়া ১২:০০ বজালৈকে চলিব । হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক দুপৰীয়া ১২:৩০ বজাৰ ভিতৰত শ্ৰেণী সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

এই আদেশত পুৱাৰ প্ৰাৰ্থনা ভিতৰত বা ছাঁ থকা ঠাইত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে । এই সংশোধিত সময়সূচীৰ সময়ছোৱাত বাহিৰৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে । বিদ্যালয়সমূহক আৰু নিৰ্দেশ দিয়া হৈছে যে বিদ্যালয়ৰ সময়ত তিনিৰ পৰা চাৰিবাৰ পানীৰ ঘণ্টা বজাব লাগে আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত খোৱাপানী উপলব্ধ হোৱাটো নিশ্চিত কৰিব লাগে ।

ইয়াৰ উপৰিও সকলো শ্ৰেণীকোঠাত যাতে ভালদৰে বায়ু চলাচল হয় আৰু কাৰ্যক্ষম ফেন থাকে তাৰ বাবেও শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, গুৱাহাটীৰ বাহিৰেও যোৰহাট, ধুবুৰী, মাজুলী আদি ৰাজ্যৰ সকলো জিলাতে গৰমৰ বাবে পাঠদানৰ সময় আগুৱাই দিয়া হৈছে ।

অসহনীয় গৰমৰ বাবে বিদ্যালয়সমূহলৈ দিয়া নিৰ্দেশনা-

১. পুৱা প্ৰাতঃসভা ছাঁ পৰি থকা ঠাই, প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ’ব লাগিব

২. শ্ৰেণীকোঠাৰ প্ৰতিখন বেঞ্চত তিনিজনতৈক অধিক ছাত্ৰ-ছাত্ৰী বহিব নোৱাৰিব

৩. বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীকোঠাৰ সমুখত বিশুদ্ধ খোৱাপানী ৰাখিব লাগিব

৪. শ্ৰেণীকোঠাত কাৰ্যক্ষম ফেন থাকিব লাগিব

৫. ছাত্ৰ-ছাত্ৰীসকলে ব্লেজাৰ, ৱাচকোট বা টাই পৰিধান কৰিব নালাগিব

লগতে পঢ়ক : অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা; দুই সন্তানসহ পিতৃৰ মৃত্যু

উৎকট গৰমত কেনেদৰে সুস্থ ৰাখিব শৰীৰটো? কৰক এই কেইটা কাম

উৎকট গৰমত কেনেদৰে ৰাখিব শৰীৰটো?

সাম্প্ৰতিক সময়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে উষ্ণতা। উৎকট গৰমৰ বাবে প্ৰয়োজনীয় কোনো কামতো ঘৰৰ পৰা ওলাই যোৱাটো কঠিন হৈ পৰিছে।তীব্ৰ গৰমৰ বাবে দেহত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এই সময়ছোৱাত হিট ষ্ট্ৰ’কৰ আশংকাও বৃদ্ধি পায়। এই অৱস্থাত শৰীৰৰ উষ্ণতা ৪০ ডিগ্ৰীৰ ওপৰলৈ যায়। হিট ষ্ট্ৰ’কৰ বাবে তীব্ৰ জ্বৰ, মানসিক সমস্যা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, পেশীৰ বিষ আদি লক্ষণ দেখা দিয়ে।

প্ৰবল তাপৰ বাবে ছানবাৰ্ণ সমস্যায়ো গা কৰি উঠিব পাৰে। গৰমৰ বাবে হাৰ্ট এটেকৰ আশংকাও থাকে। এনে পৰিস্থিতিত এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

গ্ৰীষ্মকালত শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়, সেয়েহে দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে। নেমুৰ পানী, নাৰিকল পানী আৰু অন্যান্য ইলেক্ট্ৰ’লাইট পানীয়ও উপকাৰী।

ৰাতিপুৱা সোনকালে শুই  উঠি  মুকলিত খালিভৰিৰে  খোজ  কঢ়াতো  (বিশেষকৈ  দুবৰি বনত)  অতি উত্তম উপায়।

দিনত কমেও দুবাৰ গা ধুব আৰু  তিওৱা  কাপোৰেৰে  সময়ে  সময়ে  গা  মচি থাকিলে দেহ  শীতল হয়।অতিপাত গৰমত দৌৰাদৌৰিকৈ কেতিয়াও গা ধুব নালাগে । কিছু জুৰ লৈ গা শীতল হ’লেহে ধুৱ লাগে ।

ৰ”দত ওলালে  ছাতি,   চান গ্লাচ,টুপী নাইবা মুৰত পাতল কাপোৰ লোৱাতো ভাল ।  কৰবালৈ যাবলগীয়া হ’লে পাৰিলে ৰ’দ কম থকা সময়ত যোৱাতো ভাল ।

গৰমত ছালৰ পৰা  হ’ব পৰা নানাবিধ ৰোগৰ বাবে গা ধোৱাৰ আগেয়ে গাত   নিমপাত কেচাহালধি, বেচন,  আদি থেতেলাই  সানিব ।

(এই লেখাত দিয়া পৰামৰ্শ সমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্যৰ সৈতে জড়িত যিকোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: ডেংগুত আক্ৰান্ত  ইমৰান হাছমী; বন্ধ কৰিব লগা হ’ল সকলো শ্বুটিং