আপুনিও চাৰ্টাৰ্ড একাউন্টেন্ট হ’ব বিচাৰে নেকি ?
প্ৰতি বছৰে ১ জুলাইত চি এ দিৱস বা চাৰ্টাৰ্ড একাউন্টেন্ট পালন কৰা হয় । এই দিনটো দেশৰ অৰ্থনৈতিক মেৰুদণ্ড শক্তিশালী কৰা সেইসকল কঠোৰ পৰিশ্ৰমী আৰু বুদ্ধিমান পেছাদাৰীসকলৰ দিন । তেওঁলোকে কেৱল কাগজত যোগ-বিয়োগ কৰাই নহয়, বৃহৎ ব্যৱসায়ী আৰু চৰকাৰৰ আৰ্থিক স্বাস্থ্যৰ যত্নও লয় । সকলোৱে ধেমালিতে তেওঁলোকক “নম্বৰৰ ডাক্তৰ” বুলি কয় আৰু সেয়া সঠিকো, কাৰণ তেওঁলোকে কৰৰ পৰা আৰম্ভ কৰি বেলেন্স শ্বীটলৈকে সকলো ঠিক কৰে ।
আপুনি কেতিয়াবা ভাবিছেনে চাৰ্টাৰ্ড একাউন্টেন্ট কেনেকৈ হ’ব পাৰি ? ইয়াৰ বাবে কি পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগে ? এনে দায়িত্বশীল কাম কৰিবলৈ কি কি পৰ্যায় পাৰ হ’ব লাগে ?
দ্বাদশৰ পিছত আৰম্ভ- CA ফাউণ্ডেশ্যন
চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ প্ৰথম পদক্ষেপ হ’ল CA Foundation Course, য’ত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ICAI (The Institute of Chartered Accountants of India)ত পঞ্জীয়ন কৰিব লাগে । এই পাঠ্যক্ৰমত চাৰিটা বিষয় আছে- একাউণ্টিং, ব্যৱসায়িক আইন, অৰ্থনীতি আৰু গণিত/ৰিজনিং । বছৰত দুবাৰকৈ এই ফাউণ্ডেশ্যন পৰীক্ষা অনুষ্ঠিত হয় । এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক, তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়লৈ যাব পাৰিব ।
দ্বিতীয় পদক্ষেপ – CA ইন্টাৰমিডিয়েট
ফাউণ্ডেশ্যন পাছ কৰাৰ পিছত পৰৱৰ্তী স্তৰটো হ’ল CA Intermediate, যাক মিড লেভেল পাঠ্যক্ৰম বুলিও কোৱা হয় । ইয়াৰ দুটা গোট আৰু প্ৰতিটো গোটত চাৰিটা বিষয় আছে । এই বিষয়বোৰ কাৰিকৰী যেনে একাউণ্টিং, টেক্সেচন, কোম্পানী ল’ । ছাত্ৰই ইচ্ছা কৰিলে দুয়োটা গোটকে একেলগে বা এটা এটাকৈ দিব পাৰে । এই পৰ্যায়ে ছাত্ৰজনক ব্যৱসায়িক জগতখনৰ বিষয়ে গভীৰ বুজাবুজি দিয়ে ।
ব্যৱহাৰিক অভিজ্ঞতা- Articleship Training
CA Intermediate ৰ অন্ততঃ এটা গ্ৰুপত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰজনে ৩ বছৰৰ আৰ্টিকেলশ্বিপ ট্ৰেইনিং কৰিব লাগে । ইয়াত তেওঁলোকে আই চি এ আইত পঞ্জীয়নভুক্ত অভিজ্ঞ চাৰ্টাৰ্ড একাউন্টেন্টৰ সৈতে কাম কৰিব লাগে । এই প্ৰশিক্ষণ পেছাদাৰী জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ছোৱাত ছাত্ৰজনে ক্লায়েণ্ট ডিলিং, টেক্স ফাইলিং, অডিট আৰু একাউণ্ট মেনেজমেণ্টৰ দৰে প্ৰকৃত কাম শিকে । লগতে এই সময়ছোৱাত এটা ষ্টাইপেণ্ড (দৰমহা)ও লাভ কৰে ।
চূড়ান্ত পৰীক্ষা – CA চূড়ান্ত পৰীক্ষা
আৰ্টিকেলশ্বিপৰ সময়ত বা পিছত ছাত্ৰ-ছাত্ৰীসকলে শেষ আৰু আটাইতকৈ কঠিন পৰীক্ষাটো দিয়ে, যাক CA Final বুলি কোৱা হয় । ইয়াৰ লগতে দুটা গ্ৰুপ আছে, য’ত উচ্চ পৰ্যায়ৰ বিষয়, যেনে- বিত্তীয় প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় কৰ, কৌশলগত ব্যৱস্থাপনা আদি অন্তৰ্ভুক্ত আছে । এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ভাল প্ৰস্তুতি, অভিজ্ঞতা আৰু অনুশাসনৰ প্ৰয়োজন । ছাত্ৰজনে ফাইনেলত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁ চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ দিশত শেষ পদক্ষেপ লয় ।
সদস্যপদ আৰু ডিগ্ৰী-
চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে আই চি এ আইত আবেদন কৰি চাৰ্টাৰ্ড একাউন্টেন্ট সদস্যপদ লাভ কৰে । ইয়াৰ লগে লগে তেওঁলোকে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ চৰকাৰী উপাধি লাভ কৰে আৰু নিজৰ নামৰ আগত “চি এ” লিখাৰ যোগ্যতা অৰ্জন কৰে । ইয়াৰ পিছত তেওঁলোকে ফাৰ্মত কাম কৰিব পাৰে, নিজাকৈ প্ৰেকটিছ আৰম্ভ কৰিব পাৰে বা কৰ্পৰেট ছেক্টৰ, বেংকিং, অডিট আৰু কনচালটিঙৰ দৰে ক্ষেত্ৰত কাম কৰিব পাৰে ।
চি এ কি কৰে ?
চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA)ৰ কাম হ’ল যিকোনো সংস্থা, কোম্পানী বা ব্যক্তিৰ আৰ্থিক স্বাস্থ্যৰ যত্ন লোৱা । তেওঁলোকে কৰ পৰিকল্পনা কৰে, আয়কৰ আৰু জি এছ টিৰ দৰে ৰিটাৰ্ণ দাখিল কৰে । কোম্পানীসমূহৰ একাউণ্ট অডিটিং, বেলেন্স শ্বীট প্ৰস্তুত কৰা আৰু বাৰ্ষিক বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰাও তেওঁলোকৰ দায়িত্ব ।
ইয়াৰ উপৰিও চাৰ্টাৰ্ড একাউণ্টেণ্টসকলে কৰ্পৰেট আইন সম্পৰ্কীয় বিষয়সমূহো মোকাবিলা কৰে আৰু ব্যৱসায়ীসকলক বিনিয়োগ, বাজেট আৰু বিত্তীয় কৌশলৰ বিষয়ে পৰামৰ্শ দিয়ে । মুঠতে যিকোনো ব্যৱসায়ৰ আৰ্থিক মেৰুদণ্ড হ’ল CA অথবা চাৰ্টাৰ্ড একাউণ্টেণ্ট ।
লগতে পঢ়ক : এম বি এ আৰু এক্সিকিউটিভ এম বি এৰ মাজত পাৰ্থক্য কি ? কোনটো ডিগ্ৰীয়ে আপোনাক দিব অধিক দৰমহা ?