হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য
লক্ষীপুৰ, ধুবুৰী কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুকুৰবাৰে এখন সংবাদমেলখনত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এতিয়াৰে পৰা নামঘৰ-মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনেও কুৰবাণী দিব নোৱাৰিব’।
‘ কেৱল কুৰবাণী দিয়াই নহয় মন্দিৰ-গুৰুদ্বাৰৰ ৫ কিলোমিটাৰৰ ভিতৰত কোনো লোকে গো মাংস কাবও নোৱাৰিব। এইবাৰ ঈদ-উল-জোহাৰ সময়ত আইন উলংঘন কৰা হৈছিল’।
‘প্ৰশাসনৰ হেমাহিৰ বাবেই এইধৰণৰ ঘটনা সংঘটিত হ’ল। সমগ্ৰ ঘটনাবোৰ নামঘৰ, মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত সংঘটিত হৈছে’।
‘যাৰবাবে এতিয়াৰে পৰা মন্দিৰ, নামঘৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ঈদৰ সময়ত বা আন সময়ত যদি কোনো ব্যক্তিয়ে এই কাম কৰিলেই কঠোৰ ব্যৱস্থা লোৱা হ’ব’।
‘গো-সুৰক্ষা বিধেয়কখন এতিয়াৰে পৰা অধিক কটকটীয়া হ’ব । ভৱিষ্যতে ঈদৰ সময়ত এই আইন কঠোৰভাৱে বলৱৎ কৰা হ’ব’।
লক্ষীপুৰ, ধুবুৰীৰ জিলা প্ৰশাসনক অধিক কঠোৰ হোৱাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। গো-মাংস বাবে চৰকাৰে এখন বিশেষ SOP প্ৰস্তুত কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে।
লগতে পঢ়ক: ‘ইংৰাজী কোৱা সকলৰ লাজ লাগিব…’; ভাষা বিবাদৰ মাজতে অমিত শ্বাহৰ ডাঙৰ মন্তব্য