কেদাৰনাথ ধামত হেলিকপ্টাৰ দুৰ্ঘটনা
উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত পুনৰ এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে । দেওবাৰে কেদাৰনাথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । জানিব পৰা মতে হেলিকপ্টাৰখনত পাইলটকে ধৰি মুঠ ৭জন লোক আছিল । আশংকা কৰা হৈছে যে এই দুৰ্ঘটনাত ৭ জন লোকৰে মৃত্যু হৈছে । লাভ কৰা তথ্য অনুসৰি আৰিয়ান কোম্পানীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে । এই দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীকুণ্ড আৰু ত্ৰিজুগিনাৰায়ণ নাৰায়ণৰ মাজত । বেয়া বতৰৰ বাবেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে । ডেৰাডুনৰ পৰা কেদাৰনাথ ধামলৈ যোৱা হেলিকপ্টাৰখন গৌৰীকুণ্ডত নিৰুদ্দেশ হোৱা বুলি প্ৰকাশ কৰিছে প্ৰশাসনে ।
উল্লেখ্য যে এই চাৰি ধাম যাত্ৰাৰ সময়ত বিভিন্ন ধামত কেইবাবাৰো হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে । লগতে কেইবাবাৰো হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে । শেহতীয়াকৈ এখন হেলিকপ্টাৰ জৰুৰীকালীনভাৱে পথৰ মাজভাগতে অৱতৰণ কৰে । চাৰি ধাম যাত্ৰাৰ আৰম্ভণিতে এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, য’ত কেইবাজনো লোকৰ মৃত্যু হৈছিল ।
এই দুৰ্ঘটনাবোৰলৈ লক্ষ্য ৰাখি কেদাৰনাথত হেলিকপ্টাৰ যাত্ৰাৰ সংখ্যা হ্ৰাস কৰা হৈছে । দৈনিক ৬০খন হেলিকপ্টাৰ ভ্ৰমণ হ্ৰাস কৰা হৈছে । লাভ কৰা তথ্য অনুসৰি গড়ে হেলিকপ্টাৰে দৈনিক ২০০ৰ পৰা ২৫০টা যাত্ৰা কৰে । ধাৰাবাহিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত DGCA-এ এই সিদ্ধান্ত গ্ৰহণ কৰে । ডি জি চি এয়ে কেদাৰনাথ পথত কঠোৰ নিয়ম ৰূপায়ণ কৰিছে । এই নতুন আদেশ অনুসৰি গুপ্তকাশীৰ পৰা ঘণ্টাত দুবাৰকৈ হেলিকপ্টাৰ উৰণ কৰিব । ৮ ঘণ্টাত মুঠ ১৬ বাৰ উৰণ কৰিব পাৰিব হেলিকপ্টাৰ ।
লগতে পঢ়ক : ডি এন এ পৰীক্ষাত নিহত ৯ জনৰ মৃতদেহ চিনাক্ত; আত্মীয়ক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ