উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত বৃহস্পতিবাৰে পুৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় । পুৱা প্ৰায় ন বজাত গংগনানীৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।
গড়ৱালৰ সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই দুৰ্ঘটনাটো নিশ্চিত কৰি প্ৰশাসন আৰু উদ্ধাৰকাৰী দল উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে সেনা, আৰক্ষী, দুৰ্যোগ ব্যৱস্থাপনা দল, এম্বুলেন্স আৰু ৰাজহ দল ।
এই হেলিকপ্টাৰখন গংগোত্ৰীলৈ গৈ আছিল । হেলিকপ্টাৰখন ব্যক্তিগত কোম্পানীৰ বুলি কোৱা হৈছে আৰু এই হেলিকপ্টাৰখনত আছিল ৭ জন লোক । স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে । ঘটনাস্থলীত স্থানীয় লোকৰ ভিৰ পৰিলক্ষিত হৈছে ।
বতৰৰ সতৰ্কবাণী-
উল্লেখ্য যে উত্তৰাখণ্ডত বৰ্তমান চাৰি ধাম যাত্ৰা চলি আছে । কেদাৰনাথ, বদ্ৰীনাথ আৰু গংগোত্ৰী-যমুনোত্ৰী ভ্ৰমণৰ বাবে আহি আছে বৃহৎ সংখ্যক তীৰ্থযাত্ৰী । একাংশ লোকে খোজকাঢ়ি ৰাওনা হোৱাৰ বিপৰীতে বহুতে হেলিকপ্টাৰ সেৱাৰে গৈ আছে ।
আজি উত্তৰাখণ্ডৰ বতৰ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে । ডেৰাডুন, উত্তৰকাশী, চামোলী, ৰুদ্ৰপ্ৰয়াগ, তেহৰী, পৌৰী, নৈনিতাল আৰু চম্পাৱতত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে । বহু অঞ্চলত বজ্ৰপাতৰ লগতে প্ৰচণ্ড বতাহো হ’ব পাৰে ।