হিমাচলত বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা
হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই পৰ্যন্ত হিমাচলত ডাৱৰ বিস্ফোৰণে সৃষ্টি কৰা ধ্বংসলীলাত ৭২ জন লোকৰ মৃত্যু হৈছে । একে সময়তে এতিয়াও সন্ধানহীন হৈ আছে ৩৭ জন লোক । দেওবাৰৰ বাবে হিমাচলত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে চৰকাৰ সম্পূৰ্ণ সজাগ । তেওঁ সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ কথাও উল্লেখ কৰে ।
ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণে হিমাচল প্ৰদেশত সৃষ্টি কৰা প্ৰায় ১৯টা ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই ঘটনাত ৭২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৭ জন লোক নিৰুদ্দেশ হৈছে ।
ইফালে বতৰ বিজ্ঞান বিভাগৰ ৰেড এলাৰ্টে হিমাচলত পুনৰ উদ্বেগ বৃদ্ধি কৰিছে । বতৰ বিভাগে হিমাচলৰ তিনিখন জিলাত ৬ জুলাইৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে আন জিলাত ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।
চৰকাৰ সজাগ আৰু সাজু : মুখ্যমন্ত্ৰী সুখু
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে ৰেড এলাৰ্টৰ বাবে চৰকাৰ সম্পূৰ্ণ সজাগ আৰু সাজু । তেওঁ কয় যে ক্ষতিগ্ৰস্ত অঞ্চল মাণ্ডিত সাহায্য আৰু উদ্ধাৰৰ কাম দ্ৰুতগতিত চলি আছে । উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ পথ আৰু মেৰামতিৰ কামৰ অৱস্থাৰ বুজ লৈছে ।
সুখুৱে কয় যে বতৰ পৰিষ্কাৰ হ’লে তেওঁ আকৌ ভ্ৰমণ কৰিম । খচ্চৰৰ জৰিয়তে সাহায্য সামগ্ৰী যোগান ধৰা হৈছে বুলিও তেওঁ কয় । কিছু ৰাস্তা মুকলি কৰা হৈছে । ক্ষতিগ্ৰস্ত পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে বুলিও তেওঁ কয় ।
আনহাতে হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ ছিৰাজ বিধান সভা সমষ্টিৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে । এই সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰৰ সমষ্টি । এই পৰ্যন্ত ইয়াত প্ৰায় ১৫ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৩০ জন লোক সন্ধানহীন হৈ আছে । জয়ৰাম ঠাকুৰে চৰকাৰক কৈছে যে তেওঁৰ অঞ্চলত সৰ্বাধিক ধ্বংসলীলা সংঘটিত হৈছে । চৰকাৰে শীঘ্ৰে পথ মুকলি কৰি ৰেচন ডেলিভাৰী কৰি দৰিদ্ৰ লোকক সহায় কৰাৰ আহ্বান জনাইছে তেওঁ ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত