ডাৱৰ বিস্ফোৰণত ডেৰাডুনত ভয়ংকৰ পৰিস্থিতি… ধ্বংসস্তুপত পৰিণত ঘৰ-দুৱাৰ

ডাৱৰ বিস্ফোৰণত ডেৰাডুনত ভয়ংকৰ পৰিস্থিতি

উত্তৰাখণ্ডৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । সহস্ৰধৰা কাৰ্লিগাধত ডাৱৰ বিস্ফোৰণে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । ডাৱৰ বিস্ফোৰণৰ ফলত নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে । এই দুৰ্যোগৰ প্ৰভাৱ সহস্ৰধৰাৰ সমীপৱৰ্তী অঞ্চলতো দেখা গৈছে  । এই দুৰ্যোগৰ বাবে ছালোনা পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । মাজনিশা সহস্ৰধৰাত ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । সহস্ৰধৰাৰ লগতে দৈৱালাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে লাল টাপ্পাদৰ ডেৰাডুন-হৰিদ্বাৰ ঘাইপথৰ দলং জাখান নদীৰ বানত ডুব যায় ।

ডাৱৰ বিস্ফোৰণৰ পিছত বিপদৰ পৰা হাত সাৰিবলৈ নিশাৰ ভাগত ৰাজপথলৈ ওলাই আহে স্থানীয় লোক । স্থানীয় লোকে জনোৱা মতে, ডাৱৰ বিস্ফোৰণৰ পিছত হোটেলসমূহো পানীত বুৰ গৈছে । ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু ডি এম উপস্থিত হৈ দায়িত্ব লয় । সাহায্য আৰু উদ্ধাৰৰ কামো আৰম্ভ হৈছে । জেচিবিৰ সহায়ত উদ্ধাৰ অভিযানত নিয়োজিত হৈছে এছ ডি আৰ এফ, এন ডি আৰ এফৰ দল । ক্ষতিগ্ৰস্ত স্থানত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে । ইয়াৰ সমান্তৰালকৈ জিলা আয়ুক্তই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

ইয়াৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ বাবে নদীসমূহেও ভয়ংকৰল ৰূপ লোৱা পৰিলক্ষিত হৈছে । সকলোতে ধ্বংসলীলাৰ প্ৰকোপ দেখা গৈছে । ডেৰাডুনৰ পৰা হিমাচললৈ যোৱা ৭২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নন্দ কি চৌকিৰ সমীপৰ মূল দলংখন ভাঙি গৈছে, যাৰ বাবে পথছোৱা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে । তপকেশ্বৰ মহাদেৱ মন্দিৰৰ পৰা ওলাই অহা তামছা নদীৱেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াত ৪ৰ পৰা ৫জন লোকক উটুৱাই লৈ যোৱাৰ খবৰ প্ৰকাশ পাইছে । ইতিমধ্যে এই লোকসকলৰ সন্ধান অব্যাহত ৰখা হৈছে । চন্দ্ৰভাগ নদীৰো বুকু ওফন্দি পৰিছে, যাৰ পানী ঘাইপথলৈকে উঠি আহিছে । চন্দ্ৰভাগ নদীত আবদ্ধ হৈ আছে তিনিজন লোক, য’ত এছ ডি আৰ এফৰ দলটোৱে উদ্ধাৰ অভিযান চলাই আছে আৰু তেওঁলোকক বচাবলৈ চেষ্টা অব্যাহত আছে ।

সোমবাৰৰ পৰাই ডেৰাডুনত ধাৰাবাহিকভাৱে বৰষুণ দি থকাৰ ফলত ডেৰাডুনৰ তলৰ অঞ্চলসমূহ পানীৰে বুৰ গৈছে । ৰাস্তাবোৰ পুখুৰীসদৃশ হৈ পৰিছে । এনে পৰিস্থিতিত জিলা প্ৰশাসনে ৰাইজক নদী আৰু নলাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে । গভীৰ নিশাৰ পৰা বৰষুণৰ বাবে ডেৰাডুনৰ দৈৱালাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইয়াত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বহু দলঙৰ মাজেৰে পানী বৈ আছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে ।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটাৰযোগে লিখিছে যে তেওঁ নিজেই স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগত আছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰি আছে । তেওঁ লিখিছে, “দেৰাডুনৰ সহস্ৰধৰাত গভীৰ নিশা হোৱা প্ৰচণ্ড বৰষুণৰ ফলত একাংশ দোকানৰ ক্ষতিৰ তথ্য পোৱা গৈছে । জিলা প্ৰশাসন, এছ ডি আৰ এফ, আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে । এই ক্ষেত্ৰত মই স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো আৰু নিজেই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছো । সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ পৰা উত্তৰাখণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ধ্বংসলীলা সন্দৰ্ভত বাৰ্তালাপ কৰে । ৰাজ্যখনক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দি তেওঁ কয় যে এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে তেওঁলোকৰ পথ প্ৰদৰ্শন আৰু সহযোগিতাৰে ৰাজ্যখনত সাহায্যৰ কাম অধিক দ্ৰুতগতিত কৰা হ’ব । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসনিক যন্ত্ৰপাতি সম্পূৰ্ণ প্ৰস্তুতিৰে সক্ৰিয় হৈ থকাৰ লগতে উদ্ধাৰ আৰু সাহায্যৰ কাম যুদ্ধৰ ভিত্তিত চলি থকা বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে ।

লগতে পঢ়ক : বনতাৰালৈ ক্লীনশ্বিট… উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে ক’লে- নিয়ম সম্পূৰ্ণৰূপে পালন কৰা হৈছে

দেৱভূমি উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ… ধৰালীত ডাৱৰ বিস্ফোৰণত ব্যাপক ধ্বংসলীলা

ধৰালীত ডাৱৰ বিস্ফোৰণত ব্যাপক ধ্বংসলীলা

দেৱভূমি উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ । উত্তৰকাশী জিলাৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত খীৰগংগাত প্ৰৱল বানপানীৰ সৃষ্টি হয় । পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে নামনি অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ধৰালী দুৰ্যোগত চাৰিজন লোকৰ মৃত্যু হৈছে । আনহাতে বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । বহু হোটেলত পানী আৰু ধ্বংসাৱশেষ প্ৰৱেশ কৰিছে । সম্পূৰ্ণৰূপে ধ্বংস হৈছে ধৰালী বজাৰ । বহু হোটেল আৰু দোকান ধ্বংসপ্ৰাপ্ত হৈছে । সেনা, আৰক্ষী, এছ ডি আৰ এফৰ দল উদ্ধাৰ কাৰ্যৰ বাবে ৰাওনা হৈছে ।

ধাৰাসাৰ বৰষুণে উত্তৰাখণ্ডত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । মঙলবাৰে পুৱা উত্তৰকাশী বদকোটত এলেকাৰ বানাল পট্টিত প্ৰচণ্ড বৰষুণে প্ৰায় ডেৰ ডজন ছাগলী উটুৱাই লৈ যায় । কুড গাডেৰা উফন্দি উঠাৰ লগে লগে চৌদিশে আতংকৰ সৃষ্টি হয় । বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৰোহিত থাপলিয়ালে কয় যে, ১০ আগষ্টলৈকে সমগ্ৰ ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । বিশেষকৈ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । একে সময়তে বৰষুণৰ বাবে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰেও ডেৰাডুন, পৌৰী, তেহৰী আৰু হৰিদ্বাৰত বিদ্যালয় বন্ধ থাকিব ।

শোক প্ৰকাশ মুখ্যমন্ত্ৰী ধামীৰ-

ধৰালী উত্তৰকাশী অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড ক্ষতিক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ধামীয়ে । তেওঁ কয় যে এছ ডি আৰ এফ, এন ডি আৰ এফ, জিলা প্ৰশাসন আৰু অন্যান্য আনুষংগিক দলসমূহ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে যুদ্ধকালীন গতিত সাজু হৈছে । এই সন্দৰ্ভত তেওঁ অহৰহ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত আছে বুলি মন্তব্য কৰে ।

উত্তৰকাশীত ডাৱৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰাথমিক তথ্য লাভ কৰিছে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই । উত্তৰাখণ্ড দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভাৰত চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে দুখন এম আই আৰু এখন চিনুক হেলিকপ্টাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

যমুনোত্ৰী ঘাইপথঃ স্যানাচট্টীৰ সমীপত ২৫ মিটাৰ পথ ভাঙি পৰিল

দেওবাৰে নিশাৰ পৰা জিলাখনত হোৱা বৰষুণৰ বাবে স্যানাচট্টীৰ সমীপৰ যমুনোত্ৰী ঘাইপথৰ প্ৰায় ২৫ মিটাৰ ভাঙি গৈছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে । একে সময়তে শ্যানচট্টীৰ এফালে পাহাৰৰ পৰা শিলগুটি বাগৰি পৰিছে । আনহাতে, পুৱাৰে পৰা বিয়লিলৈকে বহু ঠাইত গংগোত্ৰী ঘাইপথ আৱদ্ধ হৈ থাকে । এইবাৰৰ বাৰিষাৰ বৰষুণৰ বাবে যমুনোত্ৰী ঘাইপথৰ সমস্যাই বন্ধ হোৱাৰ নাম লোৱা নাই । দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ বাবে স্যানাচট্টীৰ ওজৰি ডাবৰকোটৰ সমীপত ধ্বংসাৱশেষ আৰু শিলগুটি বাগৰি পৰাৰ বাবে পথটোৰ চলাচল বন্ধ হৈ পৰে । একে সময়তে স্যানচট্টীৰ সিটো পাৰে কুপডা মটৰ পথৰ সমীপত প্ৰায় ২৫ মিটাৰ পথ ভাঙি যোৱাৰ ফলত সমস্যা অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অশান্তজৰ্জৰ মণিপুৰত এডিজি বিএছএফ ইষ্টাৰ্ণ কমাণ্ডৰ মহেশ কুমাৰ আগৰৱাল…

হিমাচলত বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা; বতৰ বিজ্ঞান বিভাগৰ ৰেড এলাৰ্টে বৃদ্ধি কৰিছে উদ্বেগ

হিমাচলত বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা

হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই পৰ্যন্ত হিমাচলত ডাৱৰ বিস্ফোৰণে সৃষ্টি কৰা ধ্বংসলীলাত ৭২ জন লোকৰ মৃত্যু হৈছে । একে সময়তে এতিয়াও সন্ধানহীন হৈ আছে ৩৭ জন লোক । দেওবাৰৰ বাবে হিমাচলত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে চৰকাৰ সম্পূৰ্ণ সজাগ । তেওঁ সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ কথাও উল্লেখ কৰে ।

ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণে হিমাচল প্ৰদেশত সৃষ্টি কৰা প্ৰায় ১৯টা ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই ঘটনাত ৭২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৭ জন লোক নিৰুদ্দেশ হৈছে ।

ইফালে বতৰ বিজ্ঞান বিভাগৰ ৰেড এলাৰ্টে হিমাচলত পুনৰ উদ্বেগ বৃদ্ধি কৰিছে । বতৰ বিভাগে হিমাচলৰ তিনিখন জিলাত ৬ জুলাইৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে আন জিলাত ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।

চৰকাৰ সজাগ আৰু সাজু : মুখ্যমন্ত্ৰী সুখু

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে ৰেড এলাৰ্টৰ বাবে চৰকাৰ সম্পূৰ্ণ সজাগ আৰু সাজু । তেওঁ কয় যে ক্ষতিগ্ৰস্ত অঞ্চল মাণ্ডিত সাহায্য আৰু উদ্ধাৰৰ কাম দ্ৰুতগতিত চলি আছে । উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ পথ আৰু মেৰামতিৰ কামৰ অৱস্থাৰ বুজ লৈছে ।

সুখুৱে কয় যে বতৰ পৰিষ্কাৰ হ’লে তেওঁ আকৌ ভ্ৰমণ কৰিম । খচ্চৰৰ জৰিয়তে সাহায্য সামগ্ৰী যোগান ধৰা হৈছে বুলিও তেওঁ কয় । কিছু ৰাস্তা মুকলি কৰা হৈছে । ক্ষতিগ্ৰস্ত পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে বুলিও তেওঁ কয় ।

আনহাতে হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ ছিৰাজ বিধান সভা সমষ্টিৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে । এই সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰৰ সমষ্টি । এই পৰ্যন্ত ইয়াত প্ৰায় ১৫ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৩০ জন লোক সন্ধানহীন হৈ আছে । জয়ৰাম ঠাকুৰে চৰকাৰক কৈছে যে তেওঁৰ অঞ্চলত সৰ্বাধিক ধ্বংসলীলা সংঘটিত হৈছে । চৰকাৰে শীঘ্ৰে পথ মুকলি কৰি ৰেচন ডেলিভাৰী কৰি দৰিদ্ৰ লোকক সহায় কৰাৰ আহ্বান জনাইছে তেওঁ ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ; ৪ জনৰ মৃত্যু, ১৬ জন নিৰুদ্দেশ…

ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ

হিমাচল প্ৰদেশৰ মাণ্ডিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই লোকচান প্ৰায় ৮০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । মাণ্ডিৰ কাৰ্ছগ আৰু ধৰমপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন নিৰুদ্দেশ হৈছে । একে সময়তে ১১৭ জন লোকক উদ্ধাৰ কৰা হৈছে । ৰাস্তা, দলং, কালভাৰ্ট জাহ গৈছে আৰু এই বিপৰ্যয়জনক বৰষুণ এতিয়াও বন্ধ হোৱা নাই ।

এই ঘটনাত ১৮টা ঘৰৰ ক্ষতিসাধন, ১২টা গোশালা আৰু ৩০টা গৰু জাহ গৈছে । এই তথ্য দুপৰীয়া ১ বজালৈকে । মাণ্ডি জিলাৰ বহু ঠাইত সংঘটিত হৈছে এই জাৱৰ বিস্ফোৰণ । গোহৰ অঞ্চলৰ ৪ টা স্থানত ডাৱৰ বিস্ফোৰণ হয় য’ত ২ টা ঘৰ ধ্বংস হয় । বহু লোকক নিৰাপদে উলিয়াই অনা হৈছে যদিও এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে । ধৰমপুৰত ডাৱৰ বিস্ফোৰণ ঘটাত ৬টা ঘৰ বানত ডুব গৈছিল । ৮ গোশালাও ধ্বংস হয় । হিমাচল প্ৰদেশৰ মাণ্ডি জিলা বাৰিষাৰ দুৰ্যোগৰ কেন্দ্ৰবিন্দু হৈয়েই আছে ।

এইবাৰ হিমাচল প্ৰদেশত যি ধ্বংসলীলা দেখা গৈছে, সেই মাত্ৰাত প্ৰথম দুসপ্তাহত প্ৰায় ৮০০ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে । জুন মাহত ৩৭ শতাংশ অধিক বৰষুণ হোৱাৰ লগতে বাৰিষা ৬ জুলাইলৈকে চলি থাকিব । ২ আৰু ৩ জুলাইত বেছিভাগ অঞ্চলতে বৰষুণ হ’ব ।

ৰাজ্যখনৰ মাণ্ডি, কাংগৰা, বিলাসপুৰ, হামিৰপুৰ, চাম্বা, সোলান আৰু শিমলা জিলাত গড়তকৈ অধিক বৰষুণৰ তথ্য পোৱা গৈছে, য’ত মাণ্ডি জিলাৰ পাণ্ডোহত ১২৩ মিলিমিটাৰ, মাণ্ডিত ১২০ মিলিমিটাৰ, শিমলাত ১১০ মিলিমিটাৰ আৰু পালামপুৰত ৮০ মিলিমিটাৰ বৰষুণ হৈছে । উনা, বিলাসপুৰ, হামিৰপুৰ আৰু কুল্লু জিলাত ধাৰাসাৰ বৰষুণৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰাৰ বিপৰীতে উনা, বিলাসপুৰ, মাণ্ডি, হামিৰপুৰ, চাম্বা আৰু কংগ্ৰাৰ একাংশ অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮; আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ