প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু
আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে।এই মৰ্মান্তিক দুৰ্ঘটনাত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও একেখন বিমানতে আছিল, যাৰ মৃত্যু নিশ্চিত কৰিছে গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে।তথ্য অনুসৰি বিজয় ৰূপানীয়ে পত্নী অঞ্জলি আৰু কন্যাক লগ কৰিবলৈ লণ্ডনলৈ গৈছিল।
গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে গভীৰ শোক প্ৰকাশ কৰি কয় এই দুৰ্ঘটনাত বিমানখনত থকা যাত্ৰীসকলৰ উপৰিও হোষ্টেলত বসবাস কৰা চিকিৎসক ছাত্ৰ-ছাত্ৰীসকলৰো ক্ষতি হৈছে।বিমান দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
ৰূপানী আছিল ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।বিজয় ৰূপানীৰ জন্ম হৈছিল বৰ্তমান ম্যানমাৰৰ ইয়াংগন নামেৰে জনাজাত ৰেংগুনত।
১৯৬০ চনত ৰাজনৈতিক অস্থিৰতাৰ পিছত তেওঁৰ পৰিয়াল গুজৰাটৰ ৰাজকোটলৈ গুচি যায়।স্কুলত পঢ়ি থকাৰ সময়তে ৰূপানীয়ে আৰ এছ এছ শাখাত যোগদান কৰিছিল।
ইয়াৰ পিছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে বিজেপিত যোগদান কৰে।২০১৪ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাজকোট পশ্চিমৰ পৰা উপ-নিৰ্বাচনত জয়ী হয়।
২০০৬ চনৰ পৰা ২০১২ চনলৈ ৰাজ্যসভাৰ সদস্যও আছিল তেওঁ।২০১৬ চনৰ পৰা ২০২১ চনলৈ গুজৰাটৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰূপানীয়ে।
লগতে পঢ়ক: ‘কোহলী অবিহনে টিম ইণ্ডিয়া গুলীবিহীন বন্দুকৰ দৰে’; অলি পোপেৰ ইতিকিং