ফোনত কথা পতাৰ সময়ত বন্ধ ৰাখক ইণ্টাৰনেট
ফোনত কথা পাতি থকাৰ সময়ত আপুনিও ইন্টাৰনেট অন কৰি ৰাখে নেকি? যদি হয় তেনেহলে চৰকাৰে আপোনাৰ কাৰনে সতৰ্কবাণী জাৰি কৰিছে।
চৰকাৰী সংস্থা ইণ্ডিয়ান চাইবাৰক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰে দেশৰ কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰিছে।
গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা সংস্থাটোৱে জানিবলৈ দিয়ে যে বৰ্তমান সময়ত চাইবাৰ অপৰাধীয়ে কলৰ সময়ত ইণ্টাৰনেট অন কৰি ৰখা ব্যৱহাৰকাৰীক লক্ষ্য কৰি লৈছে।I4C ৰ দ্বাৰা এটা ভিডিঅ’ জাৰি কৰিছে, য’ত ইয়াৰ পৰা হ’বলগীয়া বিপদৰ বিষয়ে সকীয়াই দিছে।
I4C ৰ এই ভিডিঅ’টোত ব্যৱহাৰকাৰীসকলক সকীয়াই দিয়া হৈছে যে যদি কলৰ সময়ত ইণ্টাৰনেট অন থাকে, তেন্তে চাইবাৰ অপৰাধীয়ে আপোনাৰ মাইক্ৰ’ফোনত প্ৰৱেশ কৰিব পাৰে আৰু আপোনাৰ কথা-বতৰা শুনিব পাৰে।
তেওঁলোকে আপোনাৰ ডিভাইচত মাইক্ৰ’ফোনৰ অনুমতি দিয়া এপসমূহক Google Chrome ৰ জৰিয়তে নেভিগেট কৰে। ইয়াৰ পিছত তেওঁলোকে আপোনাৰ মোবাইলত পতা কথা-বতৰা শুনিবলৈ কাম আৰম্ভ কৰে।
ইয়াৰ সুবিধা লৈ হেকাৰে আপোনাৰ ফোনত কলৰ জৰিয়তে অ’টিপি প্ৰেৰণ কৰিও ডাঙৰ জালিয়াতি কৰিব পাৰে।
চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰইও ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ভিডিঅ’ত তাৰ ব্যাখ্যা কৰিছে।ভিডিঅ’টোত দিয়া তথ্য অনুসৰি
#ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে প্ৰথমে নিজৰ ফোনত গুগল ক্ৰ’ম এপলৈ যাব লাগিব।
#তাৰ পিছত কাষত তিনিটা বিন্দু দিয়া মেনুত টেপ কৰিব লাগিব।
#ইয়াত, ছেটিংছলৈ যাওক, তললৈ স্ক্ৰল কৰক আৰু চাইট ছেটিংছলৈ যাওক।
#তাৰ পিছত ইয়াত কোনবোৰ এপক মাইক্ৰ’ফোনৰ অনুমতি দিয়া হৈছে চাব পাৰিব।
#সেই এপবোৰৰ পৰা এটা এটাকৈ মাইক্ৰ’ফোনৰ অনুমতি আঁতৰাব পাৰিব।
লগতে পঢ়ক: ‘কয় এটা আৰু কৰে এটা…’; লণ্ডনত বহি ভাৰতক লৈ বিতৰ্কিত মন্তব্য মহম্মদ ইউনুছৰ