Fastag সন্দৰ্ভত গাডকাৰীৰ ডাঙৰ ঘোষণা
দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল যে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে সমগ্ৰ দেশতে নতুন টোল পলিচি অনাৰ পৰিকল্পনা কৰিছে । যাৰ অধীনত সমগ্ৰ দেশৰ টোল প্লাজাসমূহত যাতায়ত সহজ কৰি তুলিবলৈ বহু নতুন সুবিধা প্ৰদান কৰা হ’ব । ইফালে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ছ’চিয়েল নেটৱৰ্কিং চাইট ‘এক্স’ৰ জৰিয়তে ফষ্টেগ বাৰ্ষিক পাছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে । গতিকে এই পাছ কেতিয়া আৰু কেনেকৈ দিয়া হ’ব আৰু ইয়াক পাবলৈ ব্যৱহাৰকাৰীয়ে কি কৰিব লাগিব জানক ।
বাৰ্ষিক FASTag পাছ-
নীতিন গাডকাৰীয়ে আজি ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশতে বাৰ্ষিক FASTag Pass মুকলি কৰাৰ কথা ঘোষণা কৰে । এই বাৰ্ষিক পাছৰ বাবে বছৰত মাত্ৰ এবাৰ ৩ হাজাৰ টকা খৰচ কৰিব লাগিব । ইয়াৰ পিছত এই পাছ ব্যৱহাৰকাৰীক প্ৰদান কৰা হ’ব । চৰকাৰে কয় যে এই পাছ সক্ৰিয় হোৱাৰ পিছত ১ বছৰ বা ২০০ ভ্ৰমণৰ বাবে (যিটোৱেই প্ৰথমে আহিব) বৈধ হ’ব । অৰ্থাৎ সময়ৰ আগতেই যদি ২০০টা ভ্ৰমণ সম্পূৰ্ণ হয়, তেন্তে ব্যৱহাৰকাৰীসকলে পুনৰ এবাৰ পাছ নবীকৰণ কৰিব লাগিব ।
১৫ আগষ্টৰ পৰা উপলব্ধ হ’ব বাৰ্ষিক পাছ-
নীতিন গাডকাৰীয়ে নিজৰ পোষ্টত কয়, “ঐতিহাসিক পদক্ষেপ হিচাপে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা ৩ হাজাৰ টকাৰ FASTag ভিত্তিক বাৰ্ষিক পাছ প্ৰৱৰ্তন কৰা হৈছে । এই পাছ সক্ৰিয় হোৱাৰ তাৰিখৰ পৰা এবছৰ বা ২০০ ভ্ৰমণৰ বাবে বৈধ হ’ব ।
পাছ কেৱল এই বাহনসমূহকহে প্ৰদান কৰা হ’ব-
এই পাছ বিশেষভাৱে কেৱল অবাণিজ্যিক ব্যক্তিগত বাহন (গাড়ী, জীপ, ভ্যান আদি)ৰ বাবেহে ডিজাইন কৰা হৈছে । ই সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত চলা যান-বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব । ইয়াত বাণিজ্যিক বাহন অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
বাৰ্ষিক Fastag পাছ কেনেকৈ লাভ কৰিব-
এই বাৰ্ষিক পাছ সকলো ব্যৱহাৰকাৰীৰ বাবে সহজে উপলব্ধ কৰাৰ বাবে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে । এই পাছ সক্ৰিয় বা নবীকৰণৰ বাবে অতি সোনকালে হাইৱে ট্ৰেভেল এপ আৰু NHAI / MoRTH ৱেবছাইটত এটা সুকীয়া লিংক উপলব্ধ হ’ব । যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে এই লিংকটো চাব পাৰিব আৰু বাৰ্ষিক পাছ লাভ কৰিব পাৰিব ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ কয় যে এই নতুন নীতিয়ে ৬০ কিলোমিটাৰ ব্যাসাৰ্ধত অৱস্থিত টোল প্লাজা সন্দৰ্ভত দীৰ্ঘদিনীয়া উদ্বেগকো একাকাৰ কৰিব আৰু একক সুবিধাজনক লেনদেনৰ জৰিয়তে টোল পৰিশোধ নিৰৱচ্ছিন্ন কৰি তুলিব । এই বাৰ্ষিক ফাষ্টেগ পাছৰ বহু সুবিধা পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত ব্যৱহাৰকাৰীসকলে বাৰে বাৰে ফাষ্টেগ ৰিচাৰ্জ কৰাৰ হেঁচাৰ পৰাও মুক্ত হ’ব ।
-এই প্ৰক্ৰিয়া ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব
-এই পাছৰ বাবে ৩ হাজাৰ টকা খৰচ হ’ব
-১ বছৰ বা ২০০ ভ্ৰমণৰ বাবে বৈধ হ’ব
-NHAI / MoRTH ৱেবছাইটৰ পৰা সক্ৰিয় কৰা হ’ব
-কেৱল ব্যক্তিগত বাহনৰ বাবে প্ৰযোজ্য হ’ব
-টোল প্লাজাত অপেক্ষাৰ সময় হ্ৰাস কৰা হ’ব
-টোল প্লাজাত বিবাদৰ পৰা হাত সাৰিব পাৰিব
লগতে পঢ়ক : টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প; ক’লে-‘মধ্যস্থতা গ্ৰহণ কৰা নাছিলো আৰু নকৰো’